সমললৈ যাওক

অমৰ্ত্য সেন

ৱিকিউদ্ধৃতিৰ পৰা
অমৰ্ত্য সেন

অমৰ্ত্য সেন (ইংৰাজী: Amartya Sen) এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। অমৰ্ত্য সেনৰ জন্ম হয় ১৯৩৩ চনৰ ১১ নৱেম্বৰত, ৰবীন্দ্ৰনাথ ঠাকুৰৰ মানসকুঞ্জ পশ্চিমবংগশান্তিনিকেতনত। তেওঁৰ পিতৃৰ নাম আশুতোষ সেন আৰু মাতৃ অমৃতা সেন। অমৰ্ত্য সেন এই নামটো ৰাখিছিল কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে।১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান ন'বেল বঁটা লাভ কৰে।

  1. অপেক্ষাকৃত মুক্ত গণমাধ্যম থকা কোনো স্বাধীন তথা গণতান্ত্ৰিক দেশত কেতিয়াও কোনোধৰণৰ উল্লেখযোগ্য দুৰ্ভিক্ষ হোৱা নাই।
  2. মই বিশ্বাস কৰোঁ যে বিশ্বজগতৰ সমস্ত সমস্যা এক বা বিভিন্ন ধৰনৰ বৈষম্যৰ পৰা আহিছে।
  3. এখন সমাজৰ সাফল্য মূলতঃ সেই স্বাধীনতাৰ দ্বাৰা মূল্যায়ন কৰা হয় যিখিনি স্বাধীনতা সমাজৰ সদস্যসকলে উপভোগ কৰে।[]
  4. কিছুমান মানুহৰ ক্ষেত্ৰত, যথেষ্ট পৰিমাণৰ খাবলৈ নোপোৱাই হৈছে অনাহাৰৰ কাৰণ। ইয়াৰ কাৰণ যথেষ্ট পৰিমাণে খাবলৈ নথকাটো নহয়।
  5. লিঙ্গ বৈষম্য কোনো এক বিশিষ্ট সমস্যা নহয়, এয়া সমস্যাসমূহৰ এক সংগ্ৰহ।
  6. শিক্ষা প্ৰদানে যে কেবল প্ৰাপককে আলোকিত কৰে তেনে নহয়, বৰং শিক্ষক, অভিভাৱক, বন্ধুৰ দৰে শিক্ষা দাতাকো সমৃদ্ধ কৰে।[]
  7. মই এখন বিশ্ববিদ্যালয়ৰ প্ৰাংগণত জন্ম হৈছিলোঁ আৰু গোটেই জীৱন এক বা একাধিক বিশ্ববিদ্যালয়ৰ প্ৰাংগণত কটাই দিয়া যেন অনুভৱ হৈছিল।
  8. মানুহে কথা ক'বলৈ ভয় খালে বুজিব লাগিব যে গণতন্ত্ৰ ক্ষতিগ্ৰস্ত হৈছে।
  9. মানুহৰ পৰিচয় ভাৰতীয়, এছিয়ান বা মানৱ জাতিৰ সদস্য হিচাপে। হিন্দু, মুছলমান বা শিখ সম্প্ৰদায়ৰ সৈতে জড়িত সাম্প্ৰদায়িক পৰিচয়ৰ আগত হঠাতে যেন ম্লান হৈ পৰিল।[]
  10. "ক'ত আছে ৰেলৱে ষ্টেচন?" সি মোক সুধিছে। মই ডাকঘৰলৈ আঙুলিয়াই কওঁ,"তাত আৰু আপুনি বাটত মোৰ বাবে এই চিঠিখন পোষ্ট কৰিবনে?" "হয়" বুলি কৈ তেওঁ মনতে ঠিৰাং কৰে খামটো খুলি চাবলৈ যে তাত কিবা মূল্যৱান বস্তু আছে নেকি।[]
  11. বিশ্বায়ন নিজেই ভুল নহয়: ই বিশ্বক বৈজ্ঞানিক আৰু সাংস্কৃতিকভাৱে সমৃদ্ধ কৰিছে, আৰু অৰ্থনৈতিকভাৱেও বহু লোকক উপকৃত কৰিছে।[]
  1. ১.০ ১.১ Happy Birthday Amartya Sen: Top quotes by Indian Nobel laureate. প্ৰকাশক: India Today (Nov 3, 2024). আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2024.
  2. Amartya Sen, Reason before Identitiy: The Romanes Lecture for 1998, Oxford University Press, 1999. p. 20
  3. https://www.jstor.org/stable/2264946 Rational Fools: A Critique of the Behavioral Foundations of Economic Theory],” Philosophy and Public Affairs 6(4) (1977): p. 332.
  4. Amartya Sen, "Ten theses on globalization." New Perspectives Quarterly 18.4 (2001): 9-9.