সমললৈ যাওক

অমৃতা প্ৰীতম

ৱিকিউদ্ধৃতিৰ পৰা

অমৃতা প্ৰীতম (ইংৰাজী: Amrita Pritam, ৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত। ছয় দশকজুৰি সাহিত্য চৰ্চাৰে পঞ্জাবী আৰু হিন্দী সাহিত্যৰ ভঁৰাল চহকী কৰা এইগৰাকী লেখিকাই ১০০ৰো অধিক প্ৰকাশিত পুথি, কবিতা, জীৱনী মূলক ৰচনা, কল্প-সাহিত্য আৰু বহু পঞ্জাবী গীত ৰচনা কৰিছে। তেওঁৰ সৃষ্টিৰাজী আৰু আত্মজীৱনী ইতিমধ্যে বিভিন্ন ভাৰতীয় ভাষাৰ লগতে বিদেশী ভাষালৈও অনূদিত কৰা হৈছে।

  1. য’তেই স্বাধীন আত্মাৰ আভাস পোৱা, ভাবিবা তাতেই মোৰ ঘৰ।
  2. এজন পুৰুষে যেতিয়াই নাৰীৰ ক্ষমতাক অৱজ্ঞা কৰে, তেওঁ তেতিয়াই নিজৰ অৱচেতন মনকো অৱজ্ঞা কৰে৷[১]
  3. মই মোৰ জীৱনৰ সমগ্ৰ তিতা সেৱন কৰিলোঁ, কিয়নো ইয়াত তোমাৰ প্ৰেমৰ এটা টোপাল মিহলি হৈ আছিল।
    1. “মেনে অপনি জিন্দকি কি ছাৰি কৰৱাহত পী লি, ক্যিয়ু কি ইছ মেঁ নুম্হাৰে ইষ্ক কি এক বুন্দ মিলি থি।”
  4. য’ত মীৰাৰ নৃত্য আৰু বুদ্ধৰ মৌনতা মিলিত হয়, তাত ফুলি উঠে ৰজনীশৰ প্ৰকৃত দৰ্শন।
  5. কেৱল হিংসাৰ অনুপস্থিতিয়েই শান্তি নহয়, শান্তি হৈছে এপাহ ফুলি থকা ফুল।
  6. আহক! আহক আমি কোনোবা চালিৰ তলত ক্ষন্তেক আশ্ৰয় লওঁ চাওক! আপোনাৰ সন্মুখত, অলপ দূৰৈত সত্য আৰু মিছাৰ মাজত এক ৰিক্ত স্থান বিৰাজমান।
  7. জীৱনে কেৱল আপোনাৰ ভিতৰত থকা গুণবোৰৰহে পৰীক্ষা লয়। মোৰ অন্তৰত প্ৰেম আছিল।

অমৃতা প্ৰীতমৰ বিষয়ে উদ্ধৃতি

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • মৃত্যুৰ সময়লৈকে দেশ বিভাজনৰ যন্ত্ৰণা কঢ়িয়াই ফুৰিছিল অমৃতা প্রীতমে। প্রিয় জন্মভূমিক চিৰদিনৰ বাবে ত্যাগ কৰি পলাই অহাৰ সময়ত অমৃতা প্রীতমৰ দৰে অনুভৱী লেখিকা এগৰাকী যন্ত্রণাদগ্ধ হোৱাটো স্বাভাৱিক। কিন্তু সেই যন্ত্রণা কিমান অসহনীয় হ'ব পাৰে, কিমান ভয়াবহ হ'ব পাৰে? অমৃতাৰ সৈতে মোৰ যেতিয়া বন্ধুত্ব গঢ়ি উঠে, তেতিয়া মই তেওঁৰ অব্যক্ত যন্ত্ৰণাৰ বিষয়ে জানিব পাৰিছিলোঁ। মোৰ আগত অমৃতাই সেই নিশাটোৰ বর্ণনা দিছিল দেশ বিভাজনৰ পিছত যিটো নিশাত তেওঁ প্ৰিয় পাকিস্তানৰ পৰা পলাই আহিবলগীয়া হৈছিল। স্বদেশ আৰু স্বামী— এৰাতিৰ ভিতৰতে দুয়োকে ত্যাগ কৰিবলগীয়া হৈছিল অমৃতাই।
  1. অমৃতা প্রীতম: প্রেম, প্রগতি ও বিদ্রোহের এক অনন্য কবি. প্ৰকাশক: roar.media. আহৰণ কৰা হৈছে: 29 আগষ্ট 2022.
  2. মামণি ৰয়ছম গোস্বামী (২০১১)। মামণি ৰয়ছম গোস্বামীৰ ৰচনা সমগ্ৰ। বনলতা, পৃষ্ঠা:৪১১-৪১৯। ISBN: 978-81-7339-457-7
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: