সমললৈ যাওক

অমূল্য বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা
অমূল্য বৰুৱা

অমূল্য বৰুৱা আছিল অসমৰ এগৰাকী কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল। সেয়েহে তেওঁক 'কালান্তৰৰ কবি' বুলি কোৱা হয়। এইজনা কবিয়ে ছাত্ৰাৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়-বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই, কাব্য জগতত এক আলোড়নৰ সৃষ্টি কৰিছিল।

  • আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস; আমাৰ আছে ভবিষ্যতৰ সুস্থ ৰঙা সূৰ্য্যৰ পিনে চকু।[]
  • হে বীৰ নকৰিবা দুখ, নালাগে শুনিব আজি ক্লেদময় জীৱনৰ সেই দাসত্বৰ কলা ইতিহাস। আজি মোৰ মুক্ত হ'ল ৰুদ্ধ পিঞ্জৰাৰ লোহাৰ দুৱাৰ।[]
  • ক্ষুধাৰ তাড়নাত সিহঁতে পাহৰি যায় "অহিংসা পৰম ধৰম"। সিহঁতৰ অশৃংখল কোলাহলপূৰ্ণ, হিংসামত্ত সমাজত ক্ষুধা নিবাৰণৰ কেৱল কঠোৰ সংগ্ৰাম! যুধিষ্ঠিৰৰ লগত স্বৰ্গাৰোহণৰ আশাত ধৰ্মযাত্ৰা কৰিবৰ মৰসাহ আৰু সিহঁতৰ নাই।[]
  • তুমিয়ে ধনীক সম্প্ৰদায়ৰ বিৰুদ্ধে বনুৱাৰ শ্ৰেণী সংগ্ৰামৰ এটা সংকট পূৰ্ণ ‘ষ্ট্ৰেটেজিক পইণ্ট', তুমি কুৰি শতিকাৰ লগ্ন সভ্যতাৰ নিৰ্ভীক বীৰাঙ্গনা।[]
  • মুক্তি কামী শক্তি কামী জাগা জাগা বিজয় ডঙ্কা বিজয় গান মুক্তি কামী শক্তিমান আগুৱান আগুৱান।[]
  • আমাৰ আছে মানুহৰ ওপৰত বিশ্বাস; আমাৰ আছে ভৱিষ্যতৰ সুস্থ ৰঙা সূৰ্যৰ পিনে চকু৷ (অমূল্য বৰুৱাৰ কবিতাৰ পংক্তি)[]

তেওঁৰ বিষয়ে উদ্ধৃতি

[সম্পাদনা কৰক | উৎস সম্পাদনা]
  • তেওঁ নিজক কবিতাত যিখিনি প্ৰকাশ কৰিছিল, তাতকৈ বহুত বেছি পৰিমাণে তেওঁৰ জীৱনৰ সকলো ক্ষেত্ৰতে প্ৰাণৰ প্ৰাচুৰ্যৰে নিজক ব্যপ্ত কৰিছিল৷ অন্তৰৰ ভিতৰত জাগি থকা এটা তীব্ৰ উন্মাদনাই তেওঁক সকলো সময়তে অস্থিৰ কৰি তুলিছিল৷ গল্পই, গানে, কাব্য-চৰ্চাই, সৌন্দৰ্যপিয়াসী কল্পনাৰ বাধাহীন লাবণ্যবিলাসে তেওঁৰ পৰিৱেশক সকলো সময়তে উজলাই ৰাখিছিল৷ সেই অফুৰন্ত প্ৰাণময়তাই জীৱনৰ অভিজ্ঞতাৰ দ্বাৰা সমৃদ্ধ হ’বৰ সুবিধা পোৱা হ’লে, সেই সৌন্দৰ্য তৃষ্ণাই ব্যাপক উপলব্ধিৰ ভিতৰেদি প্ৰতিবিম্বিত হৈ সাত বৰণৰ ৰামধেনু হৈ জিলিকি উঠিবৰ সুবিধা পোৱা হ’লে অসমীয়া সাহিত্যাকাশৰ দিগন্ত নতুন ৰহণেৰে বহু বেছি সমুজ্জল হৈ উঠিলহেঁতেন।[]
    • ভবানন্দ দত্ত
  • মানৱতাৰ জয়গান আৰু তীব্ৰ সমাজ সচেতনতা যদি প্ৰগতিশীল কবিতাৰ এটা মৌল লক্ষণ হয়, তেনেহ’লে অমূল্য বৰুৱা যে আমাৰ প্ৰগতিশীল কবিসকলৰ কেৱল অন্যতম আছিল তেনে নহয়, এজন অগ্ৰণীও আছিল৷ নৱযুগৰ আগমণি কল্লোল কাণপাতি শুনা প্ৰগতিবাদী কবি অমূল্য বৰুৱা মোৰ মানত অসমৰ Artistic Conscience স্বৰূপ- আমাৰ সাহিত্যকৃতিৰ বিবেক৷[]
    • মুনীন বৰকটকী
  1. বিপ্লৱী, অচিনা (১৯৩৪)
  2. ভাৰতীৰ মুক্তি স্বপ্ন, অচিনা (১৯৩৪)
  3. কুকুৰ, অচিনা (১৯৩৪)
  4. বেশ্যা, অচিনা (১৯৩৪)
  5. মুক্তি গান, অচিনা (১৯৩৪)
  6. অমূল্য বৰুৱাৰ কবিতা. আহৰণ কৰা হৈছে: 17 এপ্ৰিল 2025.
  7. অমূল্য বৰুৱা আৰু তৰুণ স্বপ্নাদৰ্শ, প্ৰবুদ্ধ যৌৱন, অক্ষয় কুমাৰ মিশ্ৰ৷ পৃ:নং; ২৭,জয়কৃষ্ণ প্ৰকাশন, ২০০৩
  8. ৰায়, লক্ষেশ্বৰ. "নিহত কবি অমূল্য বৰুৱাৰ আকূতি". অসমীয়া খবৰ: 4. 
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: