অমিয় মোহন দাস
ড° অমিয় মোহন দাস (ইংৰাজী: Dr Amiya Mohan Das) অসম, ভাৰতৰ এজন সক্ৰিয় সাংস্কৃতিক কৰ্মী। তেখেতৰ জন্ম হৈছিল ১৯২৯ চনত, গুৱাহাটীত। কুৰি শতিকাৰ ত্ৰিশ আৰু চল্লিশৰ দশক তেওঁ গুৱাহাটী আৰু তেজপুৰতে কটাইছে। তেখেতে বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে ব্যক্তিসকলৰ সান্নিধ্য লাভ কৰিছিল। অমিয় মোহন দাসে ড° ভূপেন হাজৰিকাৰ তত্ত্বাৱধানত গীত শিকাৰ উপৰিও আনন্দিৰাম দাসৰ পৰা গীত শিকি চল্লিশৰ দশকতে গ্ৰামোফোন ৰেকৰ্ডত গীত বাণীবদ্ধ কৰিছিল। আৰম্ভণিতে তেওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ এজন নিয়মীয়া গায়ক আছিল। তেখেতে ১৯৭১ চনত অসম কৃষি বিভাগত যোগ দি ১৯৮৭ চনত সঞ্চালক হিচাপে এই বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে 'সৰা ফুল বুটলি'।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- চিত্ৰশিল্পী আৰু ফটোগ্ৰাফীৰ ক্ষেত্ৰত জীৱনৰ বৰুৱা অগ্ৰণী।যোৱা শতিকাৰ তৃতীয় দশকত পৰিয়ালৰ অজ্ঞাতে কলিকতাৰ আৰ্ট স্কুলত তেওঁ পঢ়িবলৈ গৈছিল।অনুমতি নোলোৱাকৈ যোৱাৰ বাবে দেউতাকে টকা দিবলৈ বন্ধ কৰাই নহয় তেওঁৰ সৈতে সম্পৰ্কই ছেদ কৰিলে।তথাপিও স্কুলখনৰ অধ্যক্ষই কিছু সহায় কৰাত তেওঁ এবছৰমান পঢ়িলে। কিন্তু এদিন পাৰ্ৱতিপ্ৰসাদ বৰুৱাক লগ ধৰিবলৈ যাওঁতে হঠাৎ ট্ৰামৰ পৰা পৰি বেয়াকৈ আঘাত পালে। কেইবামাহো হাস্পতালত আছিল। তাত নাৰ্চ এগৰাকীয়ে তেওঁৰ খুব যত্ন ল’লে। নাৰ্চগৰাকীৰ পৰিচৰ্যাত তেওঁ ইমান মুগ্ধ হ’ল যে, আট'ৰ শিক্ষা আধাতে সামৰি গুৱাহাটীলৈ ঘূৰি অহাৰ পাছত যেতিয়া পাণবজাৰত ষ্টুডিঅ’ খুলিলে, নাম ৰাখিছিল নাচগৰাকীৰ নামেৰে-- ‘ৰুবি আৰ্ট হাউছ’৷। আনকি বহু বছৰৰ পাছত তেওঁৰ যেতিয়া প্ৰথম সন্তানৰ জন্ম হয়, তাৰ নামো ৰুবি ৰাখিলে। মই জনাত ৰুবি আৰ্ট হাউছেই the first independent art studio established by an Assamese.[১]
- জীৱেশ্বৰ বৰুৱা মূলতঃ ‘পেইণ্টাৰ’। ৰুবিত মই প্ৰথম অৱস্থাত প্ৰতিকৃতি অঁকা দেখিছিলোঁ। নান্দনিক গুণ নিহিত থকা তৈল-চিত্ৰও কিছু দেখা মনত পৰে। মই জনাত আৰ্থিক দিশত কিছুসকাহ পাবলৈহে তেওঁ ফটোগ্ৰাফীক পেছা হিচাপে লৈছিল।তেওঁ self-taught ফট’গ্ৰাফাৰ আছিল। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ ময়ো self-taught photographer হ’লোঁ।[১]
- তেতিয়া গুৱাহাটীত ফটো ষ্টুডিঅ'ৰ সংখ্যা তাকৰ। পাণবজাৰৰ ঘোষাল ষ্টুডিঅ' আৰু কলেজ ষ্টুডিঅ' বিখ্যাত।কলেজ ষ্টুডিঅ'ত কিতাপো বিক্ৰী কৰিছিল।আৰু এজন বাংলাভাষী মানুহ আছিল।মই নামটো পাহিৰিছোঁ।পাছত যি ঠাইত Radio Phoenix হ'ল সেই দোকানখন তেওঁৰ আছিল। তেওঁ ধুতী পিন্ধিছিল।তেওঁৰ সৈতে ফটোগ্ৰাফীৰ কথা আলোচনা কৰা মনত পৰে।তেওঁ দুখনমান কিতাপো লিখিছিল।তেতিয়া ফটোগ্ৰাফীৰ বিষয়ে কিতাপ তেনেকৈ পোৱা নগৈছিল।অৱশ্যে কাৰ্জন হলত দুখনমান দেখিছিলোঁ। বৰপেটীয়াপাৰাৰ দেৱীৰাম দাস জনপ্ৰিয় আছিল। মিটিং হলেই তেওঁ যায়।সকলোৱে চিনি পোৱা হ'ল।ফটোগ্ৰাফীৰ তেওঁৰ চখ আছিল।[১]
- তেজপুৰৰ স্থায়ী বাসিন্দাসকল সাধাৰণতেই ভদ্ৰ, অমায়িক আৰু মিলাপ্ৰীতিৰে আইন-শৃংখলা মানি চলা দেখিছিলোঁ।স্থানীয় শিক্ষিত নাগৰিকসকলৰ মাজত নিজৰ আমোদৰ বাবে এটা ব্যংগ পংক্তি বহলভাৱে জনাজাত আৰু প্ৰচলিত আছিল আৰু আমি সকলোৱে শিকি হাঁহি-ফূৰ্তিৰে ভাগ লৈছিলোঁ।সেই পংক্তি এনে ধৰণৰ -
মহেশ্বৰ কবিৰাজৰ বড়ি—পগলা ফাটেকৰ ঘড়ী
ফণী গোসাঁইৰ ফাঁকি, পদ্ম গোহাঞি বৰুৱাৰ বাকী
বসন্ত বৰুৱাৰ চাহ—হেমধৰ গগৈৰ সাহ
অন্নদা পদ্মা পতীৰ ভেম - ডুগী চাহাবৰ মেম।[১]
- আমি আন্দোলন কৰি এখন মিউজিক কলেজো পাতিছিলোঁ।গুৱাহাটীত সেয়া প্ৰথমখন মিউজিক কলেজ।কলেজখন পাতিছিলোঁ কুমাৰ ভাস্কৰ নাট্যমন্দিৰৰ ওপৰ তলাত বহিবলৈ দিছিল।পুৰুষৰ সৈতে একেলগে বহিবলৈ নিদিয়ে।তাৰো আগতে বোলে আঁঠুৱা তৰি দিছিল মহিলা দৰ্শকৰ বাবে যাতে পুৰুষে দেখা নাপায়।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ মনজিৎ ৰাজকোঁৱৰ আৰু অভিনিবেশ শৰ্মা (২০২৩)। গৰীয়সী। গুৱাহাটী। Sahitya-Prakash, পৃষ্ঠা:৫-১৭। ISBN: ISSN:2349-5324।