সমললৈ যাওক

অমিয় কুমাৰ দাস

ৱিকিউদ্ধৃতিৰ পৰা

লোকনায়ক অমিয় কুমাৰ দাস (১৮৯৫-১৯৭৫) এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী 'The Story of My Experiments with Truth' অসমীয়ালৈ 'আত্মজীৱনী অথবা মোৰ সত্য অন্বেষণৰ কাহিনী' নামেৰে অনুবাদ কৰিছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

মোৰ সত্য-অন্বেষণৰ কাহিনী[সম্পাদনা কৰক | উৎস সম্পাদনা]

আত্মজীৱনী অথবা মোৰ সত্য-অন্বেষণৰ কাহিনী (১৯২৭), অসমীয়া অনুবাদ অমিয় কুমাৰ দাস, নৱজীৱন পাব্লিচিং হাউচ, ১৯৯৮]
  • মোৰ তেতিয়া এটা ভুল ধাৰণা আছিল যে শাৰীৰিক ব্যায়ামৰ লগত শিক্ষাৰ একো সম্বন্ধ নাই। আজিহে মই বুজিব পাৰিছো যে মানসিক বিকাশৰ কাৰণে নিৰ্দিষ্ট পাঠ্যৰ লগতে শাৰীৰিক ব্যায়ামৰো দিহা কৰিব লাগিব।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৩
  • সত্যবাদী মানুহ বৰ সাৱধানো হ'ব লাগে বুলি মই তেতিয়া বুজিলো।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৩
  • হাতৰ আখৰ বেয়া হ'লে শিক্ষা সম্পূৰ্ণ হোৱা নাই বুলি ধৰিব লাগে।
    • প্ৰথম ভাগ, ৫ম অধ্যায়, হাইস্কুলত, পৃ ১৪

ভাৰতৰ ৰাজকীয় ঋণ[সম্পাদনা কৰক | উৎস সম্পাদনা]

ভাৰতৰ ৰাজকীয় ঋণ, ১৯৩৩, প্ৰকাশক: হেমচন্দ্ৰ বৰুৱা
  • বৰ্ত্তমানৰ ৰাজকীয় ঋণক যথাৰ্থতে জাতীয় ঋণ বুলিব নোৱাৰি, কাৰণ প্ৰকৃততে এই ঋণ গ্ৰেট বৃটেনে লৈ ভাৰতবাসীৰ ওপৰত জাপি দিছিল।
    • প্ৰথম ভাগ, পৃ ৫
  • বৃটিঃশ কৰ্ম্মচাৰীসকলৰ ত্ৰুটীত এই বিদ্ৰোহ হৈছিল আৰু কোম্পানীয়ে ব্ৰিটিঃশ গৱৰ্ণমেণ্টৰ হকে ভাৰতবৰ্ষত শাসন চলাইছিল। সেইবাবে কোম্পানীৰ শাসন চলাবলৈ অসমৰ্থ হোৱাত গৱৰ্ণমেণ্টেই সেই বোজা নিজৰ ওপৰত জাপি লোৱাটো উচিত।
    • দ্বিতীয় ভাগ, ছিপাহী বিদ্ৰোহৰ ব্যয়, পৃ ২৯
  • ব্ৰহ্মদেশ সম্পৰ্কে যি আক্ৰমণমূলক নীতি অৱলম্বন কৰা হৈছিল, এই যুদ্ধ সেই নীতিৰেই ফল। ব্ৰহ্মদেশ অধিকাৰে ব্ৰিটিঃশ সাম্ৰাজ্য আৰু বহলাই দিলে- ইয়াৰ ফলত গ্ৰেট বৃটেনে নিজৰ বাণিজ্য বিস্তাৰ কৰিবলৈ আৰু ব্ৰহ্মদেশৰ প্ৰাকৃতিক সম্পদবোৰ কামত লগাই নিজৰ ঐশ্বৰ্য্য বৃদ্ধি কৰিবলৈ সুবিধা পালে। কিন্তু ভাৰতবৰ্ষই এনে কোনো সুবিধা ভোগ কৰিবলৈ পোৱা নাই।
    • দ্বিতীয় ভাগ, ব্ৰহ্মদেশৰ যুদ্ধ, পৃ ৪৭
  • ব্যৱসায়-বাণীজ্য কৰা মানুহৰ দৰে চৰকাৰেও ঋণ ল'ব লাগে।
    • পৰিশিষ্ট, পৃ ১১৪

দেশৰ আয় ব্যয়ত ভুমুকি[সম্পাদনা কৰক | উৎস সম্পাদনা]

দেশৰ আয় ব্যয়ত ভুমুকি, ১৯৩৩
  • ৰাজনৈতিক ক্ষমতা পোৱাৰ লগে লগে বিষয়া সকলৰ দৰমহাৰ সংস্কাৰ কৰিবৰ ক্ষমতা পোৱা নগ'লে তেনেবিধৰ শাসন সংস্কাৰৰ পৰা ভাৰতীয় ৰাইজৰ কল্যাণ সাধিব পৰা অসম্ভৱ।
    • মূল কথাৰ আভাস, পৃ ১
  • জাপানত এজন খেতিয়কে বছৰেকত যিমান উপাৰ্জ্জন কৰে, তাৰ ২৭ গুণ সৰহ দৰমহা পায় প্ৰধান মন্ত্ৰীজনে। কিন্তু ভাৰতবৰ্ষত এই বিষয়ে আলোচনা কৰিলে দেখা যায় যে সাধাৰণ বনুৱা নাইবা খেতিয়কে উপাৰ্জ্জন কৰা আয়ৰ ৫ হাজাৰ গুণতকৈও সৰহ দৰমহা পায় একোজন বিষয়াই।
    • মূল কথাৰ আভাস, পৃ ২

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w: