সমললৈ যাওক

অমলা বেজবৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা

অমলা বেজবৰুৱা গণিত বিজ্ঞানত অসমৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা।[১] অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক[২] আছিল অমলা বেজবৰুৱা।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. তেনেই শিশুকালৰ পৰাই বেমাৰী আছিলোঁ বাবে মোৰ ককাদেউতাই মোক স্কুলত পঢ়ুৱাবলৈকে হাক দিছিল।[২]
  2. মোৰ ইংৰাজী সাহিত্য পঢ়িবলৈ মন আছিল।[২]
  3. আমি বিশ্ববিদ্যালয়ত পঢ়োঁতে গণিত বিভাগত অধ্যাপকৰ নাটনি হৈছিল। নতুন অধ্যাপক একোজন আহি কেইমাহমানৰ পাছতে গুছি যোৱাৰ দৃষ্টান্তও আছে। [২]
  4. কেতিয়াও চৰ্চা নকৰা বিষয় এটাত গাইড হ'বলৈ ওলোৱা দৃষ্টান্ত বিৰল। গণিতৰ বিদগ্ধ পণ্ডিত এজনৰ পক্ষেহে সম্ভৱ।[২]
  5. মই P.G. Wodehouse, Agatha Christie ৰ হত্যাকাণ্ড, Erle Stanley Gardener অৰ কৰ্টত হোৱা মোকৰ্দ্দমাৰ জেৰা আদি পঢ়া মানুহহে। চেমনীয়া বয়সত পা-ফু ছিৰিজৰ কথা গম নেপালোঁ। আদ বয়সতহে দুই চৰিখন পঢ়ি সোৱাদ ললোঁ।[২]
  6. কিছুমান অনুবাদ লিখনি মূলটোতকৈও ভালহে হয়।[২]
  7. অৱসৰ পালে যিবোৰ কৰিম বুলি ভাবি আগ্ৰহেৰে সেই দিনটোলৈ ৰৈ আছিলোঁ, সেইবোৰ দেখোন একো কৰিব পৰা নাই। কিবা কামো নাই, আহৰিও নাই যেন হৈছে।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. বিজ্ঞানৰ জগতত অসমীয়া মহিলা. আহৰণ কৰা হৈছে: 27 May 2020.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ ২.৭ ডঃ দিলীপ শৰ্মা (জানুৱাৰী-জুন ১৯৯৬). "ডঃ অমলা বেজবৰুৱাৰ সৈতে সম্পাদকৰ অন্তৰংগ আলাপ". গণিত বিকাশ ১৮: ৫৩ ৰ পৰা ৬৫. 
  3. গণিত বিকাশৰ সম্পৰ্কে