সমললৈ যাওক

অপূৰ্ব কুমাৰ শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

অপূৰ্ব কুমাৰ শইকীয়া হৈছে অসমীয়া ভাষাৰ এজন গল্পকাৰ।[১] তেওঁ পেচাত এজন চিকিৎসক।[২] অসমৰ নগাঁও জিলাত জন্ম লাভ কৰা তেখেতে ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ২০২০ বৰ্ষৰ অসমীয়া ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে।[৩]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সাধাৰণতে লেখকে কবিতাৰে সাহিত্যজীৱনটো আৰম্ভ কৰে আৰু গদ্যৰে শেষ হয়। মোৰ এনে নহ'ল। গল্পৰে আৰম্ভ হোৱা সাহিত্যজীৱনত এতিয়াও গল্পই।[২]
  2. নিঃসন্দেহে গল্প লিখি ভাল পাওঁ। অৱশ্যে সকলো কথা গল্পৰে ক'ব নোৱাৰি।[২]
  3. সৃষ্টিশীল লেখাৰ বাবে প্ৰচুৰ অধ্যয়ন অপৰিহাৰ্য। বেছি বাদ-বৈচিত্ৰ্য পঢ়াতকৈ সকলো ভাষাৰ উৎকৃষ্টতম সাহিত্যৰ ৰসাস্বাদন কৰা উচিত আৰু সেয়ানো কেনেকৈ ধ্ৰুপদী সাহিত্যৰ অন্তৰ্ভুক্ত হ'ল তাক নিজা শক্তি সামৰ্থ্যৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰা উচিত।[২]
  4. অধ্যয়ন আৰু সাহিত্যসাধনা সমান্তৰালভাৱে আগবঢ়াই নিয়াটো এক ধৰণৰ সমতুলতা ৰক্ষাৰ খেল।[২]
  5. আমি পাহৰি যাওঁ যে যি অজুহাততে লাগিলে আমি প্ৰকৃতিৰ পৰা বহু দূৰলৈ অগস্ত্যযাত্ৰা কৰিছোঁ আমাৰ শেষ আশ্ৰয় কিন্তু প্ৰকৃতিয়েই।[২]
  6. দাৰিদ্ৰই এক মহান শিক্ষকৰ দৰে মোৰ আঙুলিত ধৰি জীৱনৰ পাঠ পঢ়াইছিল।[২]
  7. ব্যক্তিৰ পৰিচয় সমাজৰ পৰা বিচ্ছিন্ন হৈ নহয়। ব্যক্তি আৰু সমাজে উভয়ে উভয়ক পৰিচয়ৰ অতিৰিক্ত মাত্ৰা এটা দিয়ে।[২]
  8. লেখক এজন পানীত মাছ এটি বাস কৰাৰ দৰে বাস কৰে। ভয়, শংকা, নিৰাপত্তাবোধ, দায়িত্ববোধ আদি ভিন্ন অনুভূতিৰে সহাৱস্থান আৰু মোকাবিলা কৰিবলগীয়া হয় সামাজিক লেখক এজনে।[২]
  9. শীতাতপ নিয়ন্ত্ৰিত কোঠাত বহি এক ইউট'পিয়ান ধাৰণাৰে বিলাসী সাহিত্যৰ সৃষ্টি অসম্ভৱ নহয়, কিন্তু সেয়া গণবিচ্ছিন্ন হ'বলৈ বাধ্য।[২]
  10. অজস্ৰ কবিতাৰ মাজতো ভাল কবিতাকেইটা নিজগুণে জিলিকিব। ভয় মাত্ৰ এটাই, ধুনীয়াকৈ সজাল ধৰা ধাননিডৰাৰ পৰা অপতৃণবোৰ নিনিৰালে ধাননিডৰাৰ ক্ষতি নহ'বনে? এই অপতৃণ আঁতৰ কৰাটো জানো ইমান সহজ?[২]
  11. ভাল গদ্য লিখা কামটো ভাল কবিতা লিখাৰ দৰেই কঠিন।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গৰীয়সী, অষ্টািবংশ বছৰ, অষ্টম সংখ্যা, জুন, ২০২১ পৃষ্ঠা-১২
  2. ২.০০ ২.০১ ২.০২ ২.০৩ ২.০৪ ২.০৫ ২.০৬ ২.০৭ ২.০৮ ২.০৯ ২.১০ ২.১১ মুখামুখিঃ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া দেৱৰ সৈতে. সাক্ষাৎকাৰ. প্ৰকাশক: অন্যযুগ (মে', ২০২১). আহৰণ কৰা হৈছে: 30 মে' 2024.
  3. "ৰাজ্যৰ ছগৰাকী সাহিত্যিকলৈ অকাডেমি", ১৩ মাৰ্চ, ২০২১,.পৃষ্ঠাসমূহ. 1, 2. আহৰণ কৰা হৈছে 13 March 2021.