সমললৈ যাওক

অন্তৰীপ

ৱিকিউদ্ধৃতিৰ পৰা

অন্তৰীপ ভবেন্দ্ৰনাথ শইকীয়াৰ দ্বাৰা ৰচিত প্ৰথমখন উপন্যাস।উপন্যাস খনৰ প্ৰথম প্ৰকাশ হৈছিল-১৯৮৬ চনৰ জুন মাহত।প্ৰকাশক আছিল খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা।ভবেন্দ্ৰনাথ শইকীয়াই ১৯৮৫ চনত তেওঁৰ নিজা উপন্যাস 'অন্তৰীপ' ৰ আধাৰত 'অগ্নিস্নান' শীৰ্ষক এখন চলচ্চিত্ৰ পৰিচালনা কৰিছিল। শইকীয়াই চলচ্চিত্ৰখনৰ বাবে ১৯৮৫ চনৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰাৰ সমান্তৰালভাৱে চলচ্চিত্ৰখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[]

  1. ঘৰবোৰৰ মুধৰ ওপৰৰ সোণাৰু, বেল আৰু তামোল গছ কেইজোপাৰ মাজেদি ওলাই থকা আকাশকণৰ তৰাবোৰ মনিব নোৱৰা হৈ আহিল। সেইকণ আকাশত মাত্ৰ এটা শক্তিশালী তৰা আছিল। সেই তৰাটোৰ তিৰবিৰণিটো তাৰ বাচি থাকিবলৈ চেষ্টা কৰা চটফটনি যেন লাগিল। পাতল বতাহত লৰি থকা তামোল পাত এটাই তৰাটোক বিচি থকা যেন দেখা গ'ল। ওচৰতে ক'ৰবাত চৰাই এটাই চেক-চেক চেক-চেককৈ চিঞৰিলে। পাছ মুহূৰ্ততে কোনোবা এঘৰত কেঁচুৱা এটাই দীঘল-দীঘল শব্দেৰে কান্দিবলৈ আৰম্ভ কৰিলে। মেনকাৰ এনেকুৱা লাগিল যেন চৰাইটোৰ মাতটো শুনিহে কেঁচুৱাটোৱে কান্দিলে, কেইঘণ্টামানৰ আগতে দূৰত শিয়ালৰ হোৱা শুনি এই চুবুৰীটোৰ কুকুৰকেইটাই যেনেকৈ ভূকিছিল, তেনেকৈ।[]
  2. মেনকা আগফালৰ বাৰাণ্ডাৰ দীঘল, ক'লা, দুই মূৰে হেন্ডেল থকা, তাইৰ শহুৰেকে কৰোৱা, ছজন মানুহ বহিব পৰা বেঞ্চখনৰ এটা মূৰত বহি আছিল। হেন্ডেলত কিলাকুটি আৰু হাতৰ তলুৱাত থুতৰি থৈ তাই অৰ্থহীন দৃষ্টিৰে বাটটোৰ সিপাৰৰ ঘৰবোৰৰ মূধৰ ওপৰৰ আকাশকণলৈ চাই আছিল। বাৰান্দাৰ চালখনৰ তলৰপৰা পদূলিমুখলৈকে সজা ৰভাখনৰ তলত চকী, বেঞ্চ আৰু সৰু-সৰু মেজবোৰ বিশৃংখল হৈ আছিল। খৰি ফলা, কলপটুৱাৰ ডোঙা সজাৰপৰা আৰম্ভ কৰি লুকুৱাই-লুকুৱাই ভাং খোৱাকেইটাক পিছ- ফালৰ নেমুটেঙা গছকেইজোপাৰ সিফালে অঙঠাৰ যোগান ধৰালৈকে বিভিন্ন কাম কৰি যোৱা সাদিনমান এইখন ঘৰতে থাকিবলৈ লোৱা লক্ষী আৰু বিপিন গায়ে-মূৰে কাপোৰ লৈ শুই আছিল। দৰাৰ লগত গৈ টোপনি খটি কৰাৰ ইচ্ছা সিহঁতৰো নাছিল, ৰখীয়া নোহোৱাকৈ ইমানবোৰ বস্তু-বাহানিৰে বিয়াঘৰখন এৰি থৈ যোৱাৰ ইচ্ছা দৰা-পাৰ্টি'ৰো নাছিল। এখন গৰু গাড়ীত আমধৰি, পাটি, গাৰু, দলিছা, থুকীয়া তামোল আদি তুলি দিয়াৰ লগে লগে দিনটোলৈ সিহঁতৰ কাম শেষ হৈছিল।[]
  3. কিমান দিন হ'ল তাইৰ এইখন ঘৰলৈ অহা? এঘাৰ বছৰ,- আৰু ফাগুন, চ'ত, বহাগ-এই তিনিমাহ। ঠিক সেইখিনিতে, এতিয়া যিখিনিত নাহৰ পাতেৰে গে'টখন সজা হৈছে, সেইখিনিতে এখন গে'ট সজা হৈছিল। মহীকান্ত চৌখীন মানুহ আছিল। তাৰ বহুত ধৰণৰ চখ আছিল। সি গে'টখন আঠমওলা হৈ নাযায় মানে ভাঙিবলৈ নিদিছিল। গে'টখন বাঁহেৰে সজা হৈছিল। এখন ৰঙা কাপোৰৰ মাজতে তুলাৰে স্বাগতম বুলি লিখা হৈছিল। পাঠশালা পাছ কৰা মেনকাই আঠমণ্ডলা খাবলৈ বুলি ওলাই যোৱাৰ সময়ত আঁৰচকুৰে এবাৰ আখৰকেইটা চাই লৈছিল। আজিও তাইব আখৰ- কেইটাৰ চেহেৰা মনত আছে।[]
  4. আচলতে মেনকাৰ একো পাহৰিবৰ হোৱা নাই। মহীকান্ত মানুহটো, এই ঘৰখন, এই চুবুৰীটো,-এইবোৰ তাইৰ ওচৰলৈ আগবাঢ়ি অহাৰ প্ৰতিটো খোজৰ কথা, এইবোৰৰ ওচৰলৈ তাই আগবাঢ়ি যোৱাৰ প্ৰতিটো খোজৰ কথা তাইৰ মনত আছে। এইবোৰ তাইৰ জীৱনৰ দীঘৰ সূতাত বাণিৰ সূতাৰ নিচিনাকৈ সোমাই আছে। এইবোৰে বাণিৰ সূতা হৈ দীঘৰ সূতা কমাই আনিছে।[]
  5. পাছদিনা ৰ'দ ওলোৱাৰ পাছত মেনকা ঘৰলৈ বুলি বাগীত বহিল। ৰত্নকান্তৰ ঘৰ এৰোঁতে তাইৰ এনেকুৱা লাগিল যেন ইতিমধ্যে কিছুমান বৰ আচৰিত ধৰণৰ দিন পাৰ হৈ গ'ল। ঘৰলৈ উভতি যোৱা বাটটোৰ দুয়োকাষ তাইৰ নতুন-নতুন লাগিল। বাগীৰ হেন্দোলনিৰ লগে-লগে তাইৰ মনটো একোবাৰ কোঁচ খালে, একোবাৰ মুকলি মুকলি লাগিল। মাজতে এবাৰ তাইৰ চিন্তা হ'ল-কিৰণৰ বিয়া আৰু শাহুৱেকৰ শ্ৰাদ্ধ-এই দুটাৰ কোনটো বা ডাঙৰ ঘটনা।[]
  6. গোটেই দিনটো মাজে-মাজে মেনকাৰ গাটো সিৰসিৰাই থাকিল। ভেৰভেৰি বিলৰ বৰালি মাছ, ৰত্নকান্তৰ ঘৰৰ ছালত শুই থকা কোমোৰা, পানীগাঁৱৰপৰা অনা ৰঙালাও, ৰামেশ্বৰৰ ঘানিৰ তেল, পীতাম্বৰৰ দোকানৰ জালুক-জিৰা,--এই এটাইবোৰে মিলি ৰত্নকান্তৰ গোটেই চুবুৰীটোত এটা বৰ হেঁপাহৰ, পুৰণি গোন্ধ বিলাইছিল। সেই গোন্ধৰ মাজতো মেনকাৰ গাটো সিৰসিৰাই আছিল। সৰু সৰু টৌ,চৰিয়া, গিলাছ, বাতি, গামোচা লৈ মানুহবোৰ আদবেলাতে গোট খাইছিলহি। ল'ৰা-ছোৱালীবোৰ অসময়তে অধৈৰ্য হৈ উঠিছিল। যিমান খালে, প্ৰায় সিমানেই  টৌ-চৰিয়াত ভৰাই টোপোলা বান্ধি মানুহবোৰ যেতিয়া ঘৰলৈ গ'লগৈ, তেতিয়াও মেনকাৰ পেটৰ ভোকৰ খবৰ নাহিল। ঘনে-ঘনে তাইৰ মুখখন ঘামি উঠিছিল। ল'ৰা- ছোৱালীবোৰে বেছিকৈ খুজি আমনি কৰে বুলিয়েই হ'বলা, চালাক ৰান্ধনি গুণাৰাম আতৈয়ে মাছৰ তৰকাৰিত জলা বেছিকৈ দিছিল। সিহঁতে সিহাই-সিহাই খাইছিল আৰু খাই থাকোঁতে সিহঁতৰ মুখ ঘামি-জামি ৰঙা পৰি গৈছিল। সেই তৰকাৰি নোখোৱাকৈয়ে মেনকাৰ মুখখন একোবাৰ তেনেকুৱা হৈছিল।[]
  7. এজাক পাতল, চুটি বতাহ বৈ গ'ল। বাঁহ গছজোপাৰ গুৰিত এটা সৰু কেৰকেৰণি উঠিল। সেই শব্দটোৰ সুবিধা লৈয়েই মেনকাই কিবা এটা ক'ব খুজিলে,, কিন্তু নোৱাৰিলে। অকণমান সময়ৰ পাছত দূৰত ৰাতি পহৰা দিয়া চিপাহীৰ হুইছেলৰ শব্দ শুনা গ'ল। এই- বাৰ মেনকা মদনৰ একেবাৰে ওচৰ চাপি বহিল। তাৰ পাছত তাই আকৌ নিশ্চল হৈ থাকিল! কি ক'ব, কিমান জোৰে ক'লে মদনে শুনিব, কিন্তু আন কোনেও নুশুনিব, মেনকাই এইবোৰ যেন একো ঠিক কৰিব পৰা নাছিল। কিন্তু সময়বোৰ বৰ বেগেৰে পাৰ হৈ যোৱা যেন লাগি তাই অস্থিৰো হৈছিল। এবাৰ তাই সেপ গিলিলে, ডিঙিৰ সোপাটো আঁতৰাবলৈ মুখৰ ভিতৰতে এটা গলহেঁকাৰি মাৰিলে, তাৰ পাছত মদনৰ মুখলৈ চাই সুধিলে, "তুমি সদায় আহাঁ নেকি?[]
  8. বাহিৰখন সিমান চেঁচা হোৱা নাছিল, তথাপি মেনকাই এখন ডাঠ কাপোৰ গাত লৈ আহিছিল। ভেলেউ কাঠ টুকুৰাৰ ওচৰ পাই তাই কাপোৰখন মাটিত পাৰি বহিল। মদনো বহিল। তাৰ পাছত মেনকাই মদনৰ হাত এখন তুলি তাইৰ ওঁঠত লগালে। কৃষ্ণপক্ষৰ শেষৰ ভাগৰ জোন মেনকাহঁতৰ ঘৰটোৰ টিন পাতৰ ওপৰলৈ উঠোঁতে মেনকাই কাপোৰখন তুলিলে। শব্দ হয় বুলি নোজোকাৰিলে। আলফুলকৈ জাপি পেলালে। তাৰ বহু আগতেই তাই সিদ্ধান্ত কৰিছিল, মদনে কলঘৰত কাম কৰক, মনপুতি কৰক।[]
  9. মহীকান্তই তীক্ষ্ণ দৃষ্টিৰে মেনকালৈ চালে। মাতটো অলপ সৰু কৰি মেনকাই কৈ গ'ল, "আপোনাৰ হাতী আছিল, ঢোল-ডগৰ আছিল, সেইকাৰণে আপুনি এজনী মানুহ মোৰ আগতে থ'বহি পাৰে, তাইক মোৰ আগতে কেঁচুৱাৰ মাক কৰিব পাৰে। মোৰ সেইবোৰ নাই। সেইবোৰ নোহোৱাকৈ মই কি কৰিব পাৰোঁ- কৰিলো। কথাতো একেটাই। এতিয়া কিমান সহিব পাৰে সহি থাকক। তিল-তিলকৈ কথাবোৰ বুজক।হঠাতে মেনকাৰ মাতটো আকৌ তীক্ষ্ণ হৈ উঠিল। "কিন্তু মই কিয় অকলে সহি থাকিম? সহি থাকিলে মোৰ কি লাভ হ'ব? সহি-সহি এদিন মৰি থাকিম? সৰগলৈ যাম? সীতা-সাৱিত্ৰী হ'ম? কি পাপৰ কাৰণে মই নৰকৰ যাতনা ভূগিলো? আই- বোপায়ে সীতা-সাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছিল। তেনেকুৱা হ'ব নোৱাৰিলেও মই মোৰ ধৰ্মত আছিলোঁ। এঘাৰ বছৰে মই বহুত সহ্য কৰি খালী আপুনি ভাল পোৱা কামকে কৰিলোঁ। কিন্তু কথা নাই বতৰা নাই, দং দংকৈ গাভৰু ছোৱালী এজনী আনি আপুনি মোৰ আগতে, মোৰ চাৰিটাকৈ ল'ৰা-ছোৱালীৰ আগতে তাইৰ লগত শুবলৈ ল'লে। তাৰ পাছতো, মই সীতা-সাবিত্ৰী হম? আপোনাৰ ভৰিৰ ধূলি শিৰত লৈ লৈ ধৰ্ম কৰিম?"[]
  10. মেনকাই একে লেঠাবিয়ে মনৰ কথাবোৰ উজাৰি দিব খুজিলে। তাইৰ মগজত আৰু যেন এটা নোহোৱা-নোপোজা শক্তিয়ে ভৰ কৰিছিল। "সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে, তেহে।" বুলি মেনকা ঘপহকৈ বহাৰ পৰা উঠিল। ওৰণিৰ কাপোৰত টান এটা মাৰি তাই ক'লে, "এতিয়া গোটেই ৰাতি খিকখিকাই হাঁহি থাকক, মোৰ আৰু কষ্ট নহয়। এইবাৰ মই পুণ্য কৰিছোঁ। যেনেকুৱা পূণ্য কৰিলে বহুতৰ লাভ হয়, তেনেকুৱা পুণ্য কৰিছোঁ। চাওঁ কি হয়। সিফালে যিয়েই নহওক, আপুনি কিন্তু মোক কলঘৰত পেলাই দি পিহিবলৈ কেতিয়াও নাপাব।"[]
  11. মহীকান্তৰ মনটো হঠাতে এক অদ্ভূত ধৰণৰ মুকলি-মুকলি লাগিল। মুকলি মানে-সি যেন এখন ঘন আঁঠুৱাৰ ভিতৰত শুই আছিল, উৎকট গৰম, ভিতৰত এটা মহ। এতিয়া যেন আঁঠুৱাখন আঁতৰি গ'ল, চাৰিওফালে মুকলি আৰু চাৰিওফালে অজস্ৰ মহৰ কোনকোননি। সেই কোনকোননি কেতিয়াবা ওচৰলৈকে আহে, কেতিয়াবা বহুত দূৰলৈ আঁতৰি যায়। সি যেন কেতিয়াবা হাত-ভৰি জোকাৰি, কেতিয়াবা কাণ বন্ধ কৰি, কেতিয়াবা গায়ে-মূৰে কাপোৰ লৈ দিন পাৰ কৰিবলৈ চেষ্টা কৰিলে।[১০]
  12. তাৰ পাছত বহু দিন কোনেও কাৰো সুখ-দুখৰ খবৰ নোলোৱাকৈ পাৰ হৈ গ'ল। একে জোপা তামোলৰ পাতৰ পৰা ওলমি থকা কেইবাটাও টোকোৰা চৰাইৰ বাহ, গধূলিৰ আগে-আগে চৰাইবোৰে বাহৰ বাহিৰত বহু সময় ধৰি চিঞৰ বাখৰ কৰিলে, তাৰ পাছত যেন নিজ-নিজ বাহত সোমাই থাকিল। লাহে-লাহে চাৰিওফালে নিজম পৰি আহিল। অন্ততঃ এটা ৰাতিৰ কাৰণে বাহবোৰ আন্ধাৰত ডুবি গ'ল। বতাহ বলি থাকিল, এটাইবোৰ বাহ লৰি থাকিল।[১১]
  13. মাজে মাজে নাৰিকল গছে মূৰ তুলি থকা পথাৰৰ সীমাৰ হাবিৰ সিফালে বেলিটো লাহে-লাহে লুকাল। ৰং সলাই-সলাই আকাশখন আৰু ডাৱৰবোৰ এসময়ত ক'লা হৈ গ'ল। মাজে-মাজে দূৰত কিছুমান লাইট কিছু সময়ৰ কাৰণে তিৰবিৰাই উঠিল। মাজে-মাজে ওচৰৰ পোহৰত কিছুমান দোকান, কিছুমান মানুহ জিলিকি উঠিল। তাৰ পাছত বহুত পৰলৈ আকাশৰ তৰাবোৰ আৰু এজাক-দুজাক জোনাকী পৰুৱাৰ বাহিৰে সকলো পোহৰ নুমাই থাকিল। ৰেলৰ আলিৰ কাষৰ ঘাঁহ-বন জোপোহাবোৰত খিৰিকিৰে ওলোৱা পোহৰ আৰু ইন্দুহঁতৰ মূৰৰ ছাঁবোৰে জোকাৰ খাই থাকিল।[১২]
  14. ৰাতিপুৱা কেনেকৈ আকাশ পোহৰ হৈ আহে, কেনেকৈ গছবোৰ, ঘৰবোৰ মনিব পৰা হৈ আহে, পথাৰৰ মাজেদি মানুহ এটা অকলশৰে গৈ থাকে, কোলাত কেঁচুৱা এটা লৈ মানুহ এজনীয়ে জলকা লাগি ৰে'লখনৰ ফালে চাই থাকে, এজাক চৰাই ইটোৱে-সিটোৰ ওচৰলৈ দৌৰা-দৌৰি কৰি-কৰি উৰি যায়, এটা এনেয়ে কোনোবা ফালে উৰি যায়, এটা পিছ পৰে, আকৌ সকলো লগ লাগি জাক হৈ পৰে,- ইন্দ্ৰই সকলো চালে। এসময়ত শোৱাৰ পৰা উঠি সমুখৰ মানুহজনে সুধিলে, "তুমি নুশুলাই নেকি।"[১৩]
  15. মেনকাই ক'লে, "তই মোক সদায় দোষেই দিলি। ময়ো তোক যিমান পাৰোঁ এৰি দিলোঁ। তই কলিকতাতে থাকিবি বুলি কৈছ। মই তোক জোৰ নকৰোঁ। কিন্তু, মই যে কৈছিলোঁ,- তোৰ কাৰণে মই এটা কাম ৰাখিছিলোঁ। মোৰ এটা কথা, তই ৰাখিবিনে?" অলপ সময় কোনেও একো নকলে। "তোক মই অকল পঢ়া-শুনাৰ কাৰণে বিলাতলৈ যাবলৈ কোৱা নাই। মোৰ আশা-তই তাত চিত্ৰাক লগ পাবি। চিত্ৰা ভাল ছোৱালী। বয়সত তোতকৈ এবছৰে ডাঙৰ। সেইটো একো কথা নহয়। তাই যদি মন কৰে, তেনেহলে, তই তাইক বিয়া কৰাবি?" ইন্দ্ৰই মাত উলিয়াবলৈ চেষ্টা কৰিলে, কিন্তু প্ৰতিবাৰেই ডিঙিৰ ওচৰৰ পৰা মাতবোৰ উভতি উভতি গ'ল। "তাই কষ্ট পাইছে। কেনেকুৱা কষ্ট পাইছে, সেইটো মই বুজোঁ। মোৰ হৈ তই তাইক এইটো সহায় কৰিলে মই বহুত দুখ পাহৰি যাম। তাইক সহায় কৰিলে মোক সহায় কৰা বুলি ভাবিবি। তোৰ পৰা মই আৰু একো নিবিচাৰোঁ।" মেনকাৰ মাত সৰু হৈ আহিছিল, আৰু কিবা কবলৈ থাকোঁতেই যেন তাইৰ মাত বন্ধ হৈ গ'ল। অলপ সময়ৰ পাছত নাকটো মচি তাই ক'লে, "তই মোৰ কথা ৰাখিবি বুলি যিদিনা খবৰটো পাম, সেইদিনা মই নিজে দেউতাৰৰ ওচৰলৈ যাম। বুজাম,ইন্দ্ৰই এটা ভাল কাম কৰিব।"এজাক বতাহ আহিল। সোণাৰু, বেল আৰু তামোলৰ পাত- বোৰে তৰাবোৰক জোৰে-জোৰে বিচিবলৈ ধৰিলে।[১৪]
  16. ইন্দ্ৰ কোচিনত জাহাজত উঠিবগৈ। হাওড়া স্টেছনত তাক প্ৰিয়তোষ বাবু, বনলতা, অপৰেশ, এজাক লগৰ ল'ৰা আৰু তিনিজন প্ৰফেছাৰে চুলি, গাল, বাহু, হাত চুই বিদায় দিলে। তাৰ পাছত ৰাতি হ'ল, দিন হ'ল, আকৌ ৰাতি, আকৌ দিন। শব্দ, নৈশব্দ, আন্ধাৰ, পোহৰ, অৰণ্য, মুকলি পথাৰ, বতাহৰ স্থৈৰ্য আৰু প্ৰবাহ-পিছফালে এৰি অহা ৰত্নগৰ্ভাৰ মাটি ক্ৰমান্বয়ে বিস্তীৰ্ণ,- আৰু বিস্তীৰ্ণ হৈছে। সমুখৰ মাটি সংকীৰ্ণ, আৰু সংকীৰ্ণ হৈ আহিছে। কিন্তু লগে-লগে আগবাঢ়ি আহিছে ৰত্নগৰ্ভ, বিশাল সমূদ্ৰ।যিদিনা ইন্দ্ৰহঁতৰ জাহাজখন ইংলণ্ডৰ টিলবাৰি বন্দৰত লাগিলগৈ, সেইদিনা পুৱাৰে পৰা চিত্ৰা পাৰত ৰৈ আছিল। তাই একোটা লেফাফাতে দুখন চিঠি পাইছিল। এখন তাইৰ দেউতাকৰ পৰা, ইখন মেনকাৰ পৰা।[১৫]
  1. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন
  2. ২.০ ২.১ শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-০১
  3. ৩.০ ৩.১ শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-০৩
  4. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১১
  5. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১১১
  6. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১২৩
  7. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১৩৮
  8. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১৬১
  9. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-১৬২
  10. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-২৩৭
  11. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-২৫০
  12. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-২৭৪
  13. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-২৭৬
  14. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-৪২২
  15. শইকীয়া,নাথ,ভৱেন্দ্ৰ(জুন,১৯৮৬)।অন্তৰীপ।এল.বি.এছ প্ৰকাশন,পৃষ্ঠা-৪২৩