সমললৈ যাওক

অনিল শইকীয়া

ৱিকিউদ্ধৃতিৰ পৰা

অনিল শইকীয়া হৈছে অসমৰ লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, সম্পাদক, অধ্যক্ষ আৰু সমাজ সংগঠক।[১] তেওঁ মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ। অসমৰ লোক-সংস্কৃতিৰ বহুতো আপুৰুগীয়া সম্পদ ব্যক্তিগতভাৱে সংৰক্ষণ কৰাৰ লগতে গ্ৰাম'ফোন আৰু বিশ্বৰ বহুতো আপুৰুগীয়া গ্ৰাম'ফোন ৰেকৰ্ড সংগ্ৰহ কৰি শইকীয়াই ব্যক্তিগতভাৱে সংগ্ৰহালয় নিৰ্মাণ কৰিছে। লোক-সংস্কৃতি, সংগীত, নাটকৰ ক্ষেত্ৰখনত অসমক বৌদ্ধিক নেতৃত্ব দিব পৰা ব্যক্তিসকলৰ ভিতৰত অনিল শইকীয়া অন্যতম।[২]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. দুষ্টক দমন আৰু সন্তক পালন - এই কথাটো শ্ৰীমন্ত শংকৰদেৱৰ নাটক তথা ভাওনা সংস্কৃতিৰ গুৰুত্বপূৰ্ণ বাৰ্তা।[১]
  2. শংকৰদেৱক মাধৱদেৱে পলমকৈহে লগ পাইছে, কিন্তু তাৰ পাছত দুয়োজনাই মিলি সাংস্কৃতিক আন্দোলন এটাক কিমান ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল ভাবিবলগীয়া। শংকৰদেৱৰ কামখিনি এক বিশাল আয়োজন।[১]
  3. উজনি নামনি বুলি কোনো কথা নাই। প্ৰভাৱৰ তাৰতম্য অলপ ক'ৰবাত আছে, কিন্তু গুৰু দুজনা নামনিৰ ফালেও যথেষ্ট সময় আছিল।[১]
  4. শংকৰদেৱৰ জাপি দিয়াৰ নীতি নাছিল। সংস্কাৰ শিকাইছিল সঁচা, কিন্তু সকলোৰে পৰম্পৰাগত দিশবোৰৰ সৈতে অভিযোজিত হৈ চলাৰ সুবিধা আছিল তেওঁৰ সাংস্কৃতিক কাম-কাজবোৰত।[১]
  5. আমাৰ নতুন প্ৰজন্মৰ বহুতো প্ৰতিভা আছে। এটাই অনুৰোধ যদি তেওঁলোকে পাৰে ফুল টাইম জীৱনজোৰা সাধনা কৰক। সকলোৰে বেলেগ বেলেগ দক্ষতা আছে।[১]
  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ সাক্ষাৎকাৰ – ড° অনিল শইকীয়া. সাক্ষাৎকাৰ. প্ৰকাশক: সাহিত্য ডট অৰ্গ (এপ্ৰিল, ২০২৪). আহৰণ কৰা হৈছে: 27 মে' 2024.
  2. Dr Anil Saikia receives Pratima Pandey Award. প্ৰকাশক: The Assam Tribune Guwahati (Wednesday, December 28, 2011). Archived from the original on 14 January 2012.