অনিল বৰা
অৱয়ব
অনিল বৰা অসমৰ এগৰাকী ছাত্ৰ যুৱনেতা আৰু অসমৰ মাধ্যম আন্দোলনৰ এগৰাকী ছহিদ আছিল৷ জাতীয়তাবাদী ভাৱধাৰাৰে তেওঁ কম বয়সতে ভাষা ৰক্ষা আন্দোলনত যোগ দি প্ৰাণ আহুতি দিবলগীয়া হৈছিল৷ ১৯৫১ চনৰ ২ অক্টোবৰ দেওবাৰে মধ্যৰাতি অনিল বৰাৰ জন্ম হয় নগাঁও চহৰৰ পৰা নাতিদূৰৈৰ পলাশনি নামৰ গাঁৱত৷ পিতৃৰ নাম আছিল, চন্দ্ৰ চৰণ বৰা আৰু মাতৃৰ নাম মাণিকী বৰা৷
মন্তব্য
[সম্পাদনা কৰক | উৎস সম্পাদনা]- “শ্বহীদ অনিল বৰা পলাশনিৰ সবাতোকৈ ৰঙা পলাশ ফুল এপাহ আছিল,- যাৰ ৰহণে আমাৰ ভাষা আকাশত প্ৰভাতৰ ৰং সানিছে, সানি থাকিব লুইত বৈ থকা মানে, - ক’তা, অসমৰ বাহিৰৰ এখন ৰাজ্যৰ কোনোবা বাতৰি কাকতে কোৱাৰ দৰে “ডকাইত’’তো নেদেখিলোঁ-- পলাশনি গাঁৱত৷’’ (ভূপেন হাজৰিকা)[১]
- জাতিৰ নিজস্ব স্বকীয়তা আৰু ভাষা জননীৰ সুৰক্ষাৰ হকে ১৯৭২ চনৰ মাধ্যম আন্দোলনত আত্মোৎসৰ্গা কৰা ছাত্ৰ নেতা অনিল বৰাৰ আজি মৃত্যুদিৱস। শ্বহীদগৰাকীৰ ত্যাগ অসমৰ বাবে, প্ৰত্যেকজন অসমীয়াৰ বাবে চিৰস্মৰণীয় হৈ ৰব। (সমুজ্জল কুমাৰ ভট্টাচাৰ্য)[২]
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ আমাৰ প্ৰতিনিধি, ড° ভূপেন হাজৰিকা, ত্ৰয়োদশ বৰ্ষ, পঞ্চম সংখ্যা, জানুৱাৰী, ১৯৭৩
- ↑ ভাষাৰ হকে প্ৰাণ দিয়া... আহৰণ কৰা হৈছে: 2 অক্টোবৰ 2024.