অনন্ত কন্দলি
অনন্ত কন্দলি ষোড়শ শতিকাৰ এগৰাকী অসমীয়া বৈষ্ণৱ কবি আছিল। তেওঁ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিষ্য আছিল। অনন্ত কন্দলিয়ে নিজে ভাগৱতৰ ষষ্ঠ স্কন্ধ আৰু দশম স্কন্ধৰ অনুবাদ প্ৰসঙ্গত নিজৰ আত্মপৰিচয় দিছে। সেই বিৱৰণ অনুসৰি তেওঁৰ ঘৰ অসমৰ হাজোত। দেউতাকৰ নাম ৰত্ন পাঠক। জন্মসূত্ৰে ব্ৰাহ্মণ অনন্ত কন্দলিৰ প্ৰকৃত নাম আছিল হৰিচৰণ। পিছলৈ তৰ্ক শাস্ত্ৰত ব্যুৎপত্তি লাভ কৰি অনন্ত কন্দলি নাম লাভ কৰে। পিছলৈ চন্দ্ৰভাৰতী, ভাগৱতাচাৰ্য, ভাগৱত ভট্টাচাৰ্য আদি বিভূষণেৰে বিভূষিত হয়
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]কুমৰ হৰণ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- হেন মহাভাগৱত পদ বন্ধ কৰি।
বিৰচিবো হৈয়ো মোত সুপ্ৰসন্ন হৰি॥
মুকুতিত মন যাৰ ইচ্ছা শুনিয়োক।
কৃষ্ণৰ কথাত নিন্দা নকৰিবা মোক॥[১]
- মহাবলী বাণাসু ত্ৰৈলোক্য বখানি।
শত পুত্ৰ ভৈল তান কন্যা একখানি॥
গণি পঢ়ি তান পাছে ঊষা নাম থৈল।
পুত্ৰতো অধিক শত গুণে স্নেহ ভৈল॥[১]
পাৰিজাত হৰণ ও নৰকাসুৰ বধ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সত্যভামা বসুমতি দিলা অনুমতি।
গদাধৰি যুদ্ধক সম্মুখ যদুপতি॥
গদাৰ প্ৰহাৰে ভাঙ্গি পৰ্ব্বতৰ গৰ।
অস্ত্ৰৰ যন্ত্ৰক অস্ত্ৰে নিল যম-ঘৰ॥[২]
- হেন জানি নৰ লোক, অহঙ্কাৰ এৰিওক,
ইটো গৰ্ব্বে নকৰে কল্যাণ।
অনন্ত কন্দলি ভনে, হৰিবোলা সৰ্ব্বজনে,
কেতিক্ষণে পৰে ইটো প্ৰাণ॥[২]
মহীৰাৱণ বধ আৰু বেতাল-চণ্ডী উপাখ্যান
[সম্পাদনা কৰক | উৎস সম্পাদনা]- সেতু বান্ধি সাগৰে সসৈন্যে ভৈলা পাৰ।
শ্ৰীৰাম লক্ষ্মণ দশৰথৰ কুমাৰ॥
পায়া মহা বিস্ময়ক ভৈলা উপসন্ন।
ৰামৰ ছিদ্ৰক চাই কৰয় যতন॥[৩]
- নৰ মাত্ৰে জীৱনত আছে কোন কায।
ৰাম ৰাম বুলি বৈকুণ্ঠক হোৱা সাজ॥
শ্ৰীচন্দ্ৰ ভাৰতি ভণে এৰা আন কাম।
পাতক চাৰোক ডাকি বোল ৰাম ৰাম॥[৩]