সমললৈ যাওক

অতুল পাচনী

ৱিকিউদ্ধৃতিৰ পৰা

অতুল পাচনী হৈছে অসমৰ এজন কৌতুক অভিনেতা।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. সৰু কালত একেবাৰে বাঘৰ আগতেল খোৱা আছিলোঁ৷ “হেড মাষ্টৰৰ ল’ৰা যেতিয়া কোনে পায় আৰু! “কেতিয়াবা কাজিয়া লাগিলে মাৰ-পিট কৰি নাকৰ বাৰান্দা উফৰাই দিছিলোঁ সমনীয়াৰ৷ দুষ্টালিৰ মাজেৰে মোৰ শৈশৱকালটো পাৰ হৈছিল৷ [১]
  2. মই উচ্চ মাধ্যমিক যোৰহাট পলিটেকনিক হাইস্কুলত পঢ়িছিলোঁ৷ সেইখিনি সময়ত যোৰহাটৰ প্ৰায়বোৰ বিদ্যালয়তে শ্ৰেণীবোৰৰ মাজত “বিদ্যালয় সপ্তাহ”ত একাংক নাট প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল৷ মই অষ্টমমান শ্ৰেণীত পঢ়ি থকা সময়তেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজ পৰিচালনাৰে নাট মঞ্চস্থ কৰি শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰোঁ৷ তেতিয়াৰ পৰায়েই নাটকৰ প্ৰতি বেলেগ এটা প্ৰেমৰ জন্ম হ’ল৷[১]
  3. যিমানেই কঠিন পৰিবেশ নাহক কিয় কেতিয়াও যেন অবাটে নাযায়৷ সৎ পথত কষ্ট কৰিলে সদায় ফল পোৱা যাবই৷[১]
  4. গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্পৰ আধাৰত নিৰ্মিত ‘হলধৰ’ ছবিত অভিনয় কৰোঁ যিখন ছবিয়ে ১৯৯২ চনত শ্ৰেষ্ঠ পৰিচালকৰ প্ৰথম ছবিৰ ‘ইন্দিৰা গান্ধী বঁটা’ লাভ কৰিছিল৷ পৰিচালক আৰু প্ৰযোজকৰ সামান্য গাফিলতিৰ বাবে মোৰ নামটো শ্ৰেষ্ঠ অভিনেতাৰ পৰিৱৰ্তে সেইবাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতাৰ শিতানত দিয়া হৈছিল৷ সেইবাৰ প্ৰতিযোগিতাৰ জুৰি হিচাপে থকা শ্ৰদ্ধাৰ পুলক গগৈ দেৱে পাছত মোক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ কৰি সম্বৰ্ধনাৰ ব্যৱস্থা কৰে৷ সেইখন ছবিয়েই মোৰ টাৰ্ণিং পইণ্ট৷ মোৰ দূৰ্বিসহ জীৱনৰ তাতেই অন্ত পৰিল৷ [১]
  5. নৱ ৰসৰ অন্যতম কঠিন ৰস হৈছে হাস্য ৰস৷ যিজন অভিনেতাই সেই ৰসক প্ৰতিফলিত কৰিব পাৰে, তেঁৱেই সম্পূৰ্ণ অভিনেতা বুলি ক’ব পাৰি৷[১]
  6. ডাঙৰ পৰ্দাৰ মধুৰতা বেলেগ৷ [১]
  7. আমি মঞ্চত একক অভিনয় কৰি থাকোঁতেও কেতিয়াবা ঠিতাতে কোনোবা সংলাপ এটা সৃষ্টি কৰোঁ৷ [১]
  8. হাঁহিয়ে মানুহৰ আয়ুস বঢ়ায়৷ বাহিৰৰ দেশবোৰত “লাফিং ক্লাব” আছে৷ তাত মানুহে আয়ুস বঢ়াবৰ বাবে হাঁহিবলৈ যায়৷ হাঁহক, হঁহুৱাক, আয়ুস বঢ়াওক৷ [১]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ ১.৬ ১.৭ ১.৮ অভিনেতা অতুল পাচনীৰ সৈতে অন্তৰংগ আলাপ. সাক্ষাৎকাৰ. প্ৰকাশক: ফটাঢোল (ডিচেম্বৰ, ২০২১). আহৰণ কৰা হৈছে: 29 মে' 2024.