অজিৎ বৰুৱা
অৱয়ব
অজিৎ বৰুৱা (ইংৰাজী: Ajit Barua; ১৯ আগষ্ট ১৯২৬—৩ এপ্ৰিল ২০১৫) এজন অসমীয়া সাহিত্যিক, প্ৰশাসনিক বিষয়া আৰু স্বাধীনতা সংগ্ৰামী। প্ৰধানকৈ সাহিত্যিক হিচাপেই তেওঁ জনাজাত আছিল। একাধাৰে কবি, গীতিকাৰ, ঔপন্যাসিক, সমালোচক, অনুবাদক, ৰম্য ৰচনাকাৰ আদি হিচাপে তেওঁ অসমীয়া সাহিত্যলৈ অৰিহণা যোগাইছিল। তেওঁক ‘জেংৰাই কবি’ অভিধাৰে জনা যায়। সামগ্ৰিকভাৱে অজিৎ বৰুৱাক আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী যথাৰ্থ আধুনিকতাবাদী কবি হিচাপে অভিহিত কৰা হয়।[১]
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]পদ্যৰ পাছৰ কাব্য
- মই বিশ্বাস কৰোঁ কবিতা এটা নিৰ্মিত বস্তু৷ কেতিয়াবা নিৰ্মাণ কাৰ্য উজু হৈ পৰে, কেতিয়াবা টান৷ তাৰ কাৰণবিলাকৰ ভিতৰত বেছিভাগেই অনিৰ্ণেয়৷ [২]
- ১৯ শতকৰ পৰা অসমীয়া কবিতাৰ ধাৰা বৈ আহিছে ইংৰাজীৰ পৰা- কিন্তু বাংলাৰ যোগেদি। ইংৰাজীৰ পৰা আমাৰ কোনো প্ৰত্যক্ষ উত্তৰাধিকাৰ নাই।[৩]
- অসমীয়াত আধুনিকতাবাদী কবিতা লেখাৰ প্ৰেৰণাও বাংলাৰ জৰিয়তে ইংৰাজী আধুনিকতাবাদী কবিতাৰ পৰা আহিছে। কিন্তু দুখৰ বিষয় ঠিক বাংলা তথাকথিত আধুনিকতাবাদী কবিতাৰ দৰে অসমীয়া কবিতাইও আধুনিকতাবাদৰ মৰ্মস্থলত প্ৰৱেশ কৰিব নোৱাৰিলে, এতিয়াও দুই এক ব্যতিক্ৰমৰ বাহিৰে পৰা নাই।[৪]
- প্ৰেমত পৰিলে গোটেই ব্ৰহ্মাণ্ডৰ গতি মন্থৰ হৈ যায়৷- (‘অৱন্তী নগৰ’ কবিতাৰ পৰা) [৫]
- ফৰাচী বৌদ্ধিক চৰিত্ৰৰ এটা বৈশিষ্ট্য হ’ল কেতিয়াবা কোনো তত্ত্বক টানি টানি এটা অদ্ভুত অৱস্থাত উপনীত কৰা৷[৬]
- সাধাৰণ শব্দত যেতিয়া কোনো মনৰ অবস্থা বা কোনো বস্তুক বুজাব নোৱাৰি তেতিয়াও প্ৰতীক ব্যবহাৰ কৰিবলগীয়া হয়। কাব্য-ভাষা অন্য ভাষাতকৈ বেলেগ। সেয়ে তাত প্ৰতীকী ব্যঞ্জনাৰ ব্যবহাৰ বেছি। কল্পচিত্ৰও প্ৰতীক।[৭]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ Litterateurs describe Ajit Barua as first modern Assamese poet : The Hindu (২০১৬). আহৰণ কৰা হৈছে: ১৮ মে, ২০২০.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. পাতনি.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. ২.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. ৩.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. ৪৬.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. ৫৩.
- ↑ পদ্যৰ পাছৰ কাব্য, ষ্টুডেণ্টচ্ ষ্ট’ৰচ্, প্ৰথম প্ৰকাশ, ডিচেম্বৰ, ১৯৯৪, পৃষ্ঠা. ৬৭.