সমললৈ যাওক

অচ্যুত লহকৰ

ৱিকিউদ্ধৃতিৰ পৰা

অচ্যুত লহকৰ হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক।[১] পৰিভ্ৰমী নাট্যদল যেনে, যাত্ৰা, অপেৰা আদিৰপৰা পৃথক এই ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম দিয়াৰ উপৰি তেখেতে দীপাৱলী নামে এখন আলোচনী সম্পাদনা আৰু প্ৰকাশ কৰি উলিয়াইছিল। এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ উপৰিও তেখেতে নাটক ৰচনা কৰিছিল আৰু ভ্ৰাম্যমাণৰ বাবে বিভিন্ন কলা-কৌশল আৱিষ্কাৰ কৰিছিল।[২] অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত এখেতক 'মঞ্চ প্ৰভাকৰ' বুলিও জনা যায়।[৩] ২০১৬ৰ ১২ জুনত বাৰ্ধক্যজনিত ৰোগত পাঠশালাত তেখেতৰ মৃত্যু হয়।[৪]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. নাটক অকল মনোৰঞ্জনৰ বাবেই নহয়। নাটকে সমাজক বহুখিনি দিব পাৰে আৰু দৰ্শকেও নাটকৰ পৰা বহুখিনি বিচাৰে।[২]
  2. কিছুমান কথা সময় অনুযায়ী কাকতৰ শিৰোনাম হৈ পৰে। সমসাময়িক ঘটনাৰ আধাৰত যদি নাটক লিখা হয়, তেন্তে বেছি উপযোগী হয়।[২]
  3. নাটকৰ বিকাশ সাধনত ভ্ৰাম্যমান ব্যৰ্থ হৈছে বুলি মই নাভাবোঁ। ভ্ৰাম্যমানত আজি টেকনিকে স্থান পাইছে, চমকপ্ৰদতা বাঢ়িছে। ভ্ৰাম্যমানে মূল পথৰ পৰা ফালৰি কাটি এনে কৰিবলগীয়াত পৰিছে। কাৰণ দহজন ভাল দৰ্শকৰ সন্মুখত নাটক পৰিৱেশন কৰিয়েই ভ্ৰাম্যমান চলাই নিব নোৱাৰি।[২]
  4. শিল্পীসকলক জীয়াই ৰখাৰ লগতে কলাটোকো জীয়াই ৰাখিব লাগে।[২]
  5. আমাৰ নতুন ল'ৰা-ছোৱালীহঁতৰ ওপৰত মই খুবেই আশাবাদী। নতুন চাম সকলো ক্ষেত্ৰতে ওলাই আহিছে। আমাৰ ভুলৰ পৰা শিক্ষা লৈয়ে তেওঁলোকে কেতিয়াও ভুল নকৰাৰ পণ ল'ব লাগিব।[২]
  6. অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰ প্ৰতিফলিত কৰিব পাৰিলেহে মঞ্চত জাতীয় চিত্ৰ সম্পন্ন হয়।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Eminent Personalities of Assam. প্ৰকাশক: creative.sulekha.com. আহৰণ কৰা হৈছে: February 18, 2013.
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ সাক্ষাৎগ্ৰহণকাৰী - অভিজ্ঞান দাস (২০০৭-০৮). "ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ সৈতে". কটনিয়ান ৮২: ৮৪-৮৫. 
  3. কিশোৰ কুমাৰ কলিতা (লেখক-সংকলক) (২০১১)। ভ্ৰাম্যমাণ থিয়েটাৰৰ ইতিহাস (প্ৰথম খণ্ড)। পাঠশালা। সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা।
  4. মহাপ্ৰয়াণত ভ্ৰাম্যমাণৰ পিতামহ পৃষ্ঠা: 1, 8. প্ৰকাশক: Asomiya Pratidin (13 June 2016). আহৰণ কৰা হৈছে: 15 June 2016.