সমললৈ যাওক

বাৰ্ট্ৰাণ্ড ৰাছেল

ৱিকিউদ্ধৃতিৰ পৰা
বাৰ্ট্ৰাণ্ড ৰাছেলৰ আলোকচিত্ৰ

বাৰ্ট্ৰাণ্ড ৰাছেল (ইংৰাজী: Bertrand Arthur William Russell, 3rd Earl Russell; ১৮ মে', ১৮৭২ – ২ ফেব্ৰুৱাৰী, ১৯৭০) একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক।

  1. যিটো জীৱনক প্ৰেমে প্ৰেৰণা দিয়ে, জ্ঞানে পথ দেখুৱায়, সেইটোৱেই হ'ল ভাল জীৱন।[]
  2. চিন্তা কৰাৰ মানসিকতাক কেতিয়াও নিৰুৎসাহিত নকৰিবা। কাৰণ একমাত্ৰ চিন্তাৰ মাধ্যমেৰেই সঠিক সিদ্ধান্তত উপনীত হোৱা সম্ভৱ।[]
  3. জীৱনত সুখী হ'বলৈ জীৱনৰ দৰ্শন সলনি কৰাতকৈ নিতৌ ছমাইল খোজ কঢ়া বেছি ভাল।[]
  4. প্ৰেম যেতিয়াই মুক্ত আৰু স্বতঃস্ফূৰ্ত হৈ থাকে, ই তেতিয়াই প্ৰস্ফুটিত হয়। প্ৰেম যেতিয়া দায়িত্ব হৈ পৰে, তেতিয়া ই সমাপ্তিৰ দিশে গতি কৰে। যেতিয়া কোৱা হয় যে তুমি অমুকক প্ৰেম কৰিব‌ই লাগিব, তেতিয়া প্ৰেমাস্পদৰ বাবে এক ঘৃণাৰ ভাব হৃদয়ত লাহে লাহে জাগ্ৰত হয়।[]
  5. জীৱনত শিকিবলগীয়া আটাইতকৈ কঠিন কামটো হ'ল কোনখন দলং পাৰ হ'ব আৰু কোনখন জ্বলাই দিব লাগে তাক জনাটো।[]
  6. যিসকল পুৰুষ-মহিলাক আপুনি সুখী বুলি ভাবে, তেওঁলোকক ভালকৈ লক্ষ্য কৰিলে আপুনি দেখিব যে এট কথাত তেওঁলোকৰ সকলোৰে মিল আছে। সেইবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকৰ এনেধৰণৰ কৰ্মব্যস্ততা–যিটো কাম কৰি তেওঁলোকে উপভোগ কৰে আৰু যিটো কামে এটা আনন্দদায়ক বস্তু সৃষ্টি কৰে।[]
  7. বহুতো মানুহে নিজৰ বৃত্তিৰ প্ৰয়োজনত জীৱনৰ বেছিভাগ সময়ত চহৰত বাস কৰিব লগীয়া হয়। কিন্তু সপ্তাহৰ অন্তত তেওঁলোকে ঘৰলৈ আহি ফুলৰ বাগিচাত কাম কৰে। এই কাম কৰি তেওঁলোকে একো আৰ্থিক প্ৰতিদান নাপায়। এই কাম কৰিবলৈ তেওঁলোকক কোনেও বাধ্যও নকৰে। কিন্তু যেতিয়া বসন্তৰ আগমনৰ লগে লগে তেওঁৰ ফুলৰ বাগিচাখন নতুনকৈ ফুলা ফুলেৰে জাতিষ্কাৰ হৈ উঠে তেতিয়া তেওঁ বিমল আনন্দ অনুভৱ কৰে। সেই আনন্দ হ'ল সৌন্দৰ্য সৃষ্টি কৰাৰ আনন্দ।[]
  8. এজন পুৰুষ বা মহিলা যদি সম্পূৰ্ণ সুস্থ হয়, আৰু তেওঁ পেট ভৰাই খাবলৈ পায়, তেন্তে সুখী হ'বলৈ তেওঁক আৰু দুটা বস্তুৰ প্ৰয়োজন। ওপৰে ওপৰে চালে এই দুয়োটা বস্তুকে পৰস্পৰ বিৰোধী যেন লাগে। প্ৰথমতে লগা বস্তুটো হ'ল এটা প্ৰধান বা কেন্দ্ৰীয় উদ্দেশ্যক অৱলম্বন কৰি গঢ় লৈ উঠা এটা সুদৃঢ় কামৰ আঁচনি। দ্বিতীয় প্ৰয়োজন কিন্তু কাম নহয়। দ্বিতীয় প্ৰয়োজনটো হ'ল খেলা। খেলা মানে মই সেইবোৰ কামক বুজাব খুজিছোঁ, যিবোৰ কাম আমি কোনো এটা বিশেষ বা গুৰুত্বপূৰ্ণ উদ্দেশ্য সাধন কৰিবলৈ নকৰোঁ; সেই কামবোৰ কৰোঁ কেৱল স্ফূৰ্টি বা বিনোদনৰ কাৰণে।[]
  9. সকলো ইতৰ প্ৰাণীৰ দৰে মানুহো এটা জন্তু। তেওঁ যিমান ভাবে তাতোকৈ বেছি পৰিমাণে তেওঁৰ সুখ নিৰ্ভৰ কৰে তেওঁৰ শাৰীৰিক অৱস্থাৰ ওপৰত।[]
  10. সকলো প্ৰকাৰৰ সতৰ্কতাৰ ভিতৰত প্ৰেমৰ ক্ষেত্ৰত লোৱা সতৰ্কতাই হ’ল প্ৰকৃত সুখৰ আটাইতকৈ ডাঙৰ শত্ৰু৷[]
  11. কথা কোৱা বা চিন্তা কৰাৰ স্বাধীনতাইহে এখন মুক্ত সমাজ সৃষ্টি কৰিব পাৰে; আৰু কেৱল তেনে এখন সমাজতহে সত্যই এজন সত্য সন্ধানীক জ’লৈকে লৈ যাব খোজে, ত’লৈকে তেও গৈ থাকিব পাৰে৷[]
  12. তোমাৰ ধাৰণা যদি যুক্তিৰ ভেটিত প্ৰতিষ্ঠিত বুলি ভাবা, তেন্তে তাক প্ৰমাণসহ প্ৰতিষ্ঠা কৰা, আৰু যুক্তিৰে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে সেই ধাৰণা পৰিত্যাগ কৰা৷[]
  13. যেতিয়া এটা চুটি শব্দৰ দ্বাৰাই তোমাৰ কাম চলে, তেনেস্থলত এটা দীঘল শব্দ কেতিয়াও ব্যৱহাৰ নকৰিবা৷[১০]
  14. যিসকল লোকে মহৎ জীৱন যাপন কৰে, তেওঁলোকে নিজ জীৱনকালত কাৰোপৰা স্বীকৃতি নাপালেও এই কথা ভবা উচিত নহয় যে তেওঁলোকৰ জীৱন অথলে গ’ল৷ তেওঁলোকৰ জীৱনৰ পৰা এনে এটা পোহৰ বিকিৰিত হয়, যি পোহৰে তেওঁলোকৰ বন্ধু-বান্ধৱ, ওচৰ-চুবুৰীয়াক বাট দেখুৱায় আৰুু সুদূৰ ভৱিষ্যতৰ কাৰণেও তেওঁ পথ প্ৰদৰ্শক হৈ ৰয়৷[১১]
  15. আইন-শৃঙ্খলা অবিহনে সমাজ তিষ্ঠিব নোৱাৰে।[১২]
  16. এনে এটা দিন আহিব যেতিয়া বিজ্ঞানৰ বিষয়ে কিছুকথা নজনা ব্যক্তি এজনক শিক্ষিত বুলি গণ্য কৰা নহ'ব। [১৩]
  17. যিসকল ধনী ব্যৱসায়ীয়ে জীৱনৰ সুখ-শান্তি হেৰুৱায় পেলাইছে, তেওঁলোকে হেৰুওৱা সুখ-শান্তি ঘূৰাই পাবলৈ নিজৰ জীৱন-দৰ্শন সলনি কৰাতকৈ দিনে ছমাইল খোজ কাঢ়িলে বেছি উপকাৰ পাব বুলি মই ভাবোঁ৷[১৪]
  18. দুজন মানুহৰ মাজত পাৰস্পৰিক সত্য আকৰ্ষণৰ কাৰণে যি প্ৰেম, যি প্ৰেম পৰস্পৰৰ স্বাৰ্থৰ বাবে নহয়, বৰঞ্চ যি প্ৰেম দুয়োজনৰে মিলিত কল্যাণৰ কাৰণে, সেই প্ৰেমেই হৈছে প্ৰকৃত সুখৰ মূল্যবান আহিলা।[১৫]
  1. নিয়মীয়া বাৰ্তা, ২১ জুলাই, ২০২১
  2. বাৰ্ট্ৰান্ড ৰাসেলেৰ ১৫টি দাৰ্শনিক উক্তি
  3. আত্মানুসন্ধান, হোমেন বৰগোহাঞি, পৃষ্ঠা ৬৫
  4. নিয়মীয়া বাৰ্তা, ১১ আগষ্ট, ২০২১
  5. নিয়মীয়া বাৰ্তা, ৯ নৱেম্বৰ, ২০২১
  6. ৬.০ ৬.১ ৬.২ ৬.৩ হোমেন বৰগোহাঞি, গীতিমালিকা নেওগ (২০০৩)। জীৱন-জিজ্ঞাসা। বনলতা, পৃষ্ঠা:৪০-৪৩। ISBN: 81-7665-183-4
  7. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ৩৬৯, বাণী মন্দিৰ, ২০০৩
  8. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ৩৩৭, বাণী মন্দিৰ, ২০০৩
  9. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৮৮, বাণী মন্দিৰ, ২০০৩
  10. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ৩০৭, বাণী মন্দিৰ, ২০০৩
  11. উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৬২, বাণী মন্দিৰ, ২০০৩
  12. শ্ৰীদূৰ্গাশঙ্কৰ দেৱ শৰ্ম্মা (১৯৮৮)। উদ্ধৃতি। ওৰিয়েণ্টেল বুক কোম্পানী।
  13. মহৎ লোকৰ অমৃত বাণী, সম্পাদনা:জয়চন্দ্ৰ চক্ৰৱৰ্তী, পৃ. ৩
  14. প্ৰজ্ঞাৰ সাধনা; প্ৰথম প্ৰকাশ: মে', ১৯৯৪, পৃষ্ঠা-৫১
  15. হেমন্ত কুমাৰ ভৰালী (২০০৩)। প্ৰেম আৰু প্ৰতিভা। বনলতা, পৃষ্ঠা:১৬২।