পাবলো নেৰুদা

ৱিকিউদ্ধৃতিৰ পৰা
১৯৬৩ চনত পাবলো নেৰুদা।

পাবলো নেৰুদা (জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'ৰ ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক গণৰাজ্যৰ কবি জান নেৰুদাৰ নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।

কিশোৰ অৱস্থাৰপৰাই নেৰুদাই কবি হিচাবে নাম অৰ্জন কৰে। তেখেতে অতিলৌকিকতাকে ধৰি বিভিন্ন ধাৰাৰ কবিতা, বুৰঞ্জীমূলক কাব্য, প্ৰকাশ্য ৰাজনৈতীক ইস্তাহাৰ, গদ্য আত্মজীৱনী আৰু যৌন আবেদনসম্পন্ন প্ৰেমৰ কবিতা যেনে ১৯২৪ চনৰ Twenty Love Poems and a Song of Despair আদি লিখিছিল। তেওঁ প্ৰায়েই সেউজীয়া চিঞাঁহিৰে লিখিছিল। তেওঁৰ মতে সেউজীয়াটো তেওঁৰ ব্যক্তিগত আশা আকাংক্ষাৰ প্ৰতীক।

কলম্বিয়ান ঔপন্যাসিক গাব্ৰিয়েল গাৰ্ছিয়া মাৰ্কেছে নেৰুদাক বিংশ শতাব্দীৰ সকলো ভাষাৰে ভিতৰত শ্ৰেষ্ঠ কবি আখ্যা দিছিল। হেৰল্ড ব্লুমে তেওঁৰ The Western Canon: The Books and School of the Ages শীৰ্ষক গ্ৰন্থত নেৰুদাক মুখ্য ২৬ জনৰ ভিতৰত এজন আখ্যা দিছিল।

১৯৪৫ চনৰ ১৫ জুলাই তাৰিখে ব্ৰাজিলৰ চাও পাওল'ৰ Pacaembu ষ্টেডিয়ামত বিপ্লবী কমিউনিষ্ট নেতা লুই কাৰ্লোছ প্ৰেষ্টিছৰ সন্মানত নেৰুদাই ১ লাখ লোকৰ আগত কবিতা পাঠ কৰে। জীৱনকালত নেৰুদাই কেইবাটাও কূটনৈতিক পদত কাৰ্যনিৰ্বাহ কৰে আৰু এবাৰ চিলিৰ কমিউনিষ্ট পাৰ্টিৰ পৰা চিনেটৰ হিচাবেও কাম কৰে। ৰাষ্ট্ৰপতি Gabriel González Videla-ই কমিউনিজম বেআইনী বুলি ঘোষণা কৰাৰ পাচত নেৰুদালৈও গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হয়। বন্ধুসকলে চিলিৰ এটা বন্দৰৰ ঘৰ এটাৰ মাটিৰ তলৰ কোঠালিত কেইবামাহো লুকুৱাই ৰখাৰ পাচত তেওঁ মাইহু হ্ৰদৰ ওচৰৰ এটা গিৰিপথেদি আৰ্জেন্টিনালৈ পলায়ন কৰে। কেইবা বছৰো পাচত নেৰুদাই চিলিৰ চচিয়েলিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰপতি Salvador Allende-ৰ ঘনিষ্ঠ পৰামৰ্শদাতা হিচাবে কাম কৰে।

২৩ ছেপ্টেম্বৰ ১৯৭৩ চনত প্ৰষ্টেট কেন্সাৰৰ বাবে নিজ ঘৰ Isla Negra অত তেওঁৰ মৃত্যু হয়। Pinochet -এ নেৰুদাক ৰাজহুৱা সৎকাৰৰ সন্মান দিবলৈ অমান্তি হোৱা সত্বেও সান্ধ্য আইনো উপেক্ষা কৰি হাজাৰ হাজাৰ চিলিৰ নাগৰিক ৰাজপথলৈ ওলাই আহে।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. কবি বাস্তৱবাদী নহ'লে তেওঁ মৃত আৰু কবি যদি অকাল বাস্তৱবাদী তেৱোঁ মৃত। অযৌক্তিক কবিতা হ'লে কবিৰ কবিতা তেওঁ আৰু তেওঁৰ প্রিয়তমাইহে বুজি পাব। এইটো খুব দুখৰ কথা। কবি যুক্তিবাদী হ'লে কবিতা গাধইও বুজি পাব।

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: