পাবলো নেৰুদা
অৱয়ব

পাবলো নেৰুদা (জুলাই ১২, ১৯০৪ - ছেপ্টেম্বৰ ২৩, ১৯৭৩) চিলিৰ কবি-কুটনীতিবিদ তথা ৰাজনেতা নেফটালি ৰিকাৰ্ড' ৰেইচ বাচ'লাট'ৰ ছদ্মনাম আৰু পাচলৈ আইনী নাম আছিল। তেওঁ চেক গণৰাজ্যৰ কবি জান নেৰুদাৰ নামৰ অনুকৰণত এই নাম লৈছিল। ১৯৭১ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰে।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- কবি বাস্তৱবাদী নহ'লে তেওঁ মৃত আৰু কবি যদি অকাল বাস্তৱবাদী তেৱোঁ মৃত। অযৌক্তিক কবিতা হ'লে কবিৰ কবিতা তেওঁ আৰু তেওঁৰ প্ৰিয়তমাইহে বুজি পাব। এইটো খুব দুখৰ কথা। কবি যুক্তিবাদী হ'লে কবিতা গাধইও বুজি পাব।
- তুমি সকলো ফুল ছিঙি পেলাব পাৰা। কিন্তু বসন্তৰ আগমণক ৰুধিব নোৱাৰা।[১]
- “মই তোমাক সেইদৰে ভাল পাওঁ, যেনেকৈ কিছুমান অন্ধকাৰ বস্তু ভালপোৱা যায়— গোপনে, ছাঁ আৰু আত্মাৰ মাজত।”[২]
- “হাঁহি হৈছে আত্মাৰ ভাষা।” [৩]
- “এদিন, কোনোবা ঠাইত—নিশ্চয়কৈ তুমি নিজকে বিচাৰি পাবা।”[৪]
- “প্ৰেম ইমানেই চুটি, আৰু পাহৰি যোৱাটো ইমানেই দীঘল।” [৫]
