টমাছ আলভা এডিচন
অৱয়ব
(Thomas Alva Edisonৰ পৰা পুনঃনিৰ্দেশিত)
টমাছ আলভা এডিচন (ইংৰাজী: Thomas Alva Edison, জন্ম: ১১ ফ্ৰেব্ৰুৱাৰী, ১৮৪৭ - মৃত্যু: ১৮ অক্টোবৰ, ১৯৩১) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্ভাৱক আৰু ব্যৱসায়ী আছিল।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- জিনিয়াছৰ নিৰানব্বৈ শতাংশই পৰিশ্ৰম আৰু অধ্যৱসায়, এক শতাংশ।[১] অনুপ্ৰেৰণা।[২]
- অস্থিৰতা মানেই অসন্তুষ্টি, আৰু অসন্তুষ্টি হ’ল উন্নতিৰ প্ৰথম চৰ্ত৷ এজন সম্পূৰ্ণৰূপে পৰিতৃপ্ত মানুহক মোৰ আগত থিয় কৰাই দিয়া, মই তোমাক দেখুৱাই দিম অকৃতকাৰ্যতাৰ এটা প্ৰতিমূৰ্তি৷[৩]
- আমাৰ শৰীৰৰ ক্ষয় হয় মাথোঁ এটা কাৰণত আৰু সি হ’ল আমাৰ মগজুক বহন কৰি ফুৰাৰ বাবে৷ মগজুৱে সকলোকে পৰিচালনা কৰে৷ আৰু সেইকাৰণেই মগজুক স্থাপন কৰা হৈছে লাওখোলাটোৰ ভিতৰত- শৰীৰৰ একেবাৰে মূধত৷[৪]
- প্ৰতিভাৰ নিৰান্নব্বৈ ভাগেই হ’ল অধ্যৱসায়৷[৫]
- মই বিফল হোৱা নাই। মই মাত্ৰ ১০ হাজাৰ উপায় বিচাৰি পাইছো যিবোৰে কাম নকৰে।[১]
- জীৱনৰ বহু বিফলতা এনেকুৱা হয় যে তাৰ সন্মুখীন হোৱা মানুহে সফলতা কিমান ওচৰত আছিল সেই কথা উপলব্ধি কৰা নাছিল।[১]
- পাঁচ শতাংশ মানুহে ভাবে; দহ শতাংশ মানুহে ভাবে যে তেওঁলোকে ভাবিছে; আৰু বাকী পঁচাশী শতাংশই চিন্তা কৰাতকৈ মৃত্যুৱেই পছন্দ কৰে।[১]
- যিকোনো কাম কৰিবলৈ সদায়ে এটা বেছি ভাল উপায় থাকে - সেয়া বিচাৰি উলিয়াওক।[৬]
- আমাৰ আটাইতকৈ ডাঙৰ দুৰ্বলতা হৈছে হাৰ মানি লোৱাতো। সফল হোৱাৰ আটাইতকৈ নিশ্চিত উপায় হ’ল আৰু মাত্ৰ এবাৰ চেষ্টা কৰা।[৬]
- জীৱনত মই কেতিয়াও এদিনৰ কাৰণেও কাম কৰা নাছিলো, মোৰ প্ৰতিটো দিনেই স্ফূৰ্ত্তিহে আছিল।[৬]
- পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই। আমি কেৱল এতিয়াও সেয়া কেনেকৈ কৰিব লাগে নাজানো।[৬]
- কিবা এটা নতুন উদ্ভাৱনৰ বাবে আপোনাক মাথোঁ প্ৰয়োজন ভাল কল্পনা আৰু জাবৰৰ দ'ম এটা।[৬]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ Thomas A. Edison
- ↑ নিৰ্মলা দেৱী (জানুৱাৰী, ২০২১)। “জীৱনৰ অনুঘটক আৰু অদম্য অধ্যৱসায়”, লক্ষ্য ১ মনুষ্যত্ব। গুৱাহাটী। পূৰ্বায়ণ প্ৰকাশন। ISBN: 978-93-90589-83-8।
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৯৭, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ২৫৬, বাণী মন্দিৰ, ২০০৩
- ↑ উদ্ধৃতি অভিধান, ৰক্তাভজ্যোতি বৰা, পৃ:নং; ১৮৮, বাণী মন্দিৰ, ২০০৩
- ↑ ৬.০ ৬.১ ৬.২ ৬.৩ ৬.৪ Importance of Thomas Edison's Quotes