সমললৈ যাওক

ষ্টিফেন হকিং

ৱিকিউদ্ধৃতিৰ পৰা
(Stephen Hawkingৰ পৰা পুনঃনিৰ্দেশিত)
ষ্টিফেন হকিঙৰ আলোকচিত্ৰ

ষ্টিফেন হকিং (ইংৰাজী: Stephen William Hawking, ৮ জানুৱাৰী ১৯৪২ – ১৪ মাৰ্চ ২০১৮) হৈছে এজন তাত্ত্বিক পদাৰ্থবিদ, ব্ৰহ্মাণ্ডবিজ্ঞানী আৰু লেখক। তেওঁৰ বৈজ্ঞানিক তথ্যসমৃদ্ধ গ্ৰন্থসমূহে তেওঁক জীৱনকালতেই এক অনন্য কিংবদন্তীত পৰিণত কৰিছিল। মটৰ নিউৰন ৰোগৰ দৰে এক মাৰাত্মক ব্যাধিৰ সৈতে সহবাস কৰিও নিজস্ব ইচ্ছাশক্তি আৰু অধ্যৱসায়েৰে বিজ্ঞান জগতত এক চমৎকাৰী সত্তা হিচাপে নিজকে তেওঁ উপস্থাপন কৰিব পাৰিছিল।

  1. জীৱনটো যিমানেই কঠিন নহওক কিয়, আপুনি কৰিব পৰা তথা সফল হ'ব পৰা সদায় কিবা এটা থাকিবই।
  2. মোৰ শাৰীৰিক অক্ষমতাই মোক জনাজাত কৰাত কিছু অৰিহণা নিশ্চয় যোগাইছে৷ মোৰ পংগুত্ব আৰু মই গৱেষণা কৰা ক্ষেত্ৰখনৰ বিশালতা দুয়োটা পৰস্পৰৰ বিপৰীত৷ মই হয়তো মহীৰুহসদৃশ শাৰীৰিকভাৱে অক্ষম মনীষী অথবা শাৰীৰিকভাৱে প্ৰত্যাহ্বানৰ সম্মুখীন হোৱা প্ৰজ্ঞ৷ সত্যটো হ’ল যে, মই দৈহিক অক্ষমতা প্ৰত্যাহ্বানৰ সম্মুখীন হৈছোঁ, মই প্ৰজ্ঞ হয় নে নহয় নাজানো৷[]
  1. A brief History Of Time ৰ আধাৰত “সময়ৰ চমু ইতিহাস মহানাদৰ পৰা কৃষ্ণ গহ্বৰলৈ’’, অনুবাদ: প্ৰশান্ত কুমাৰ বৰদলৈ, পৃ: নং, ১৬০, প্ৰকাশক: বাণী মন্দিৰ