ৱিকিউদ্ধৃতি:Village pump

ৱিকিউদ্ধৃতিৰ পৰা

Movement Charter - Assamese community Open calls (মুভমেণ্ট চাৰ্টাৰ - অসমীয়া সমাজ মুকলি কল)[উৎস সম্পাদনা]

সকলো অসমীয়া ৱিকিমেডিয়ানক নমস্কাৰ!

আমি সকলোৱে জানো, ৱিকিমিডিয়া হৈছে এক আন্তৰ্জাতিক মুভমেণ্ট যি মুক্ত জ্ঞানৰ প্ৰচাৰ কৰে, কিন্তু আমাৰ মুভমেণ্ট আগবাঢ়ি যোৱাৰ লগে লগে, মুভমেণ্টত অংশগ্ৰহণ কৰা সকলৰ ভূমিকা আৰু দায়বদ্ধতা উন্নত কৰাৰ সিদ্ধান্ত লোৱা প্ৰয়োজন। এই প্ৰয়োজনীয়তাক স্বীকৃতি দি ২০২১ চনৰ নৱেম্বৰত ৱিকিমিডিয়া মুভমেণ্ট চাৰ্টাৰ ড্ৰাফ্টিং কমিটি গঠন কৰা হয়।

এই মুভমেণ্ট চাৰ্টাৰৰ জৰিয়তে, এক গোলকীয় পৰিষদ স্থাপন কৰা হ'ব, যি মুভমেণ্টৰ অংশীদাৰসকলৰ দায়িত্ব আৰু ভূমিকা গঢ়ি তোলে। মুভমেণ্ট চাৰ্টাৰ হৈছে মুভমেণ্ট ৰণনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ, আৰু এই মুভমেণ্ট ৰণনীতিয়ে ২০৩০ চনৰ ভিতৰত ৱিকিমিডিয়া মুভমেণ্ট কেনেদৰে গঢ় লৈ উঠা হ'ব তাৰ ৰণনীতি প্ৰস্তুত কৰিব বুলি আশা কৰা হৈছে।

মুভমেণ্ট চাৰ্টাৰ উদ্যোগৰ বিষয়ে অধিক বুজাত আমাক সহায় কৰিবলৈ মই মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাবোৰ অসমীয়ালৈ অনুবাদ কৰিছো। আপুনি সমল বাৰ্তা পৃষ্ঠাৰ জৰিয়তে উন্নতিৰ পৰামৰ্শ দিব পাৰে।

অনুবাদ কৰা পৃষ্ঠাবোৰৰ লিংকবোৰ ইয়াত দিয়া হৈছে:

  1. প্ৰস্তাৱনা
  2. প্ৰমূল্য আৰু নীতিসমূহ
  3. ভূমিকা আৰু দায়িত্বসমূহ
  4. হাব
  5. গোলকীয় পৰিষদ


মই দুটা কমিউনিটি কল আয়োজন কৰিম, এই কলবোৰ সকলো অসমীয়া ৱিকিমেডিয়ানৰ বাবে মুকলি আৰু সকলোৱে যোগদান কৰিব পাৰে।

  • সভাৰ বিৱৰণবোৰ নিম্নলিখিত ধৰণৰ:
মুভমেণ্ট চাৰ্টাৰৰ পৰিচয় : তাৰিখ- 18/10/2023, সময় - 7:00 ৰ পৰা সন্ধিয়া 8:00 বজালৈ
কাৰ্যসূচী: মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাবোৰৰ আলোচনা কৰা।
  • Introduction to Movement Charter Content - Assamese Community
Wednesday, 18 Oct • 7:00 – 8:00 PM
Google Meet joining info
Video call Link
  • আন্তৰ্জাতিক দলৰ বাবে প্ৰতিক্ৰিয়া:
তাৰিখ- 21/10/2023, সময় - 7:00 ৰ পৰা সন্ধিয়া 8:00 বজালৈ
কাৰ্যসূচী: চাৰ্টাৰ ড্ৰাফ্টিং কমিতিলৈ মুভমেণ্ট চাৰ্টাৰ সমল পৃষ্ঠাৰ ওপৰত মতামত।
  • Feedback on Movement Charter Content
Saturday, 21 Oct • 7:00 – 8:00 PM
Google Meet joining info
Video call Link


সম্মান,
জ্যোতি মেধি
মুভমেণ্ট চাৰ্টাৰ এম্বেচেডৰ- অসমীয়া

Medhi jyoti (বাৰ্তা) 08:23, 14 October 2023 (ইউ.টি.চি.)