সমললৈ যাওক

ৰাহুল গান্ধী

ৱিকিউদ্ধৃতিৰ পৰা
যিবোৰ পথত আমাৰ সপোনবোৰ পকী হৈছে, সেইবোৰ আমি যোগান ধৰিব লাগিব আৰু এই ৰাস্তাবোৰত গাঁত থাকিব নোৱাৰে, ফলত সেয়া ছমাহতও ভাঙিব নোৱাৰে৷ ডাঙৰ ডাঙৰ ৰাস্তা হ’ব লাগিব যিয়ে শক্তিশালী মানুহ কঢ়িয়াই নিব, ভবিষ্যতৰ শক্তি কঢ়িয়াই নিব।

ৰাহুল গান্ধী (জন্ম ১৯ জুন, ১৯৭০) হৈছে এজন ভাৰতীয় ৰাজনীতিবিদ আৰু লোকসভাৰ প্ৰাক্তন সদস্য।

সন্ত্ৰাসবাদ একেবাৰে নিৰ্মূল কৰাটো অসম্ভৱ। আমি ৯৯% আক্ৰমণ বন্ধ কৰিম; কিন্তু ১% আক্ৰমণ তথাপিও হ'ব।
জীৱনটো এনেদৰে লওঁতে আনজন ল’ৰাক ধেমালিকাৰী বুলি ভবাটো বন্ধ কৰি দিওঁ। মই উপলব্ধি কৰিছো মই নিজেই বহুৱা।
  1. মই দেখা বহু ভাৰতীয়তকৈ মোৰ মা বেছি ভাৰতীয়৷[১]
  2. মোৰ ধৰ্ম সত্য আৰু অহিংসাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে৷ সত্য মোৰ ঈশ্বৰ, অহিংসাই ইয়াক লাভ কৰাৰ উপায়৷[২]
  3. মই কোনো সম্প্ৰদায়ক বদনাম কৰিবলৈ বক্তব্য দিয়া নাই৷ কাৰো ক্ষতি কৰাৰ মোৰ কোনো উদ্দেশ্য নাছিল৷ মোৰ উদ্দেশ্য আছিল কেৱল দুৰ্নীতি উদঙাই দিয়া৷[২]
  4. বৰ্তমান সময়ত আচলতে দুখন ভাৰতবৰ্ষৰ সৃষ্টি হৈছে৷ এখন ভাৰতবৰ্ষ ধনকুবেৰসকলৰ; যি সংখ্যাত নগণ্য, আঙুলিৰ মূৰত গণিব পৰা, যিসকলৰ কাম বিচৰাৰ প্ৰয়োজন নহয়৷ অন্যহাতে আৰু এখন ভাৰতবৰ্ষ, যিখন দৰিদ্ৰ আৰু শ্ৰমজীৱী মানুহৰ৷ [৩]
  5. ডাঙৰ উদ্যোগৰ সৈতে আমাৰ কোনো সমস্যা নাই৷ সেইসকলৰ ওপৰত দৃষ্টি ৰাখক, কিন্তু বুজিবলৈ চেষ্টা কৰক যে সেইসকলে কৰ্মসংস্থান সৃষ্টি কৰিব নোৱাৰে৷ কুটীৰ উদ্যোগ আৰু মধ্যমীয়া উদ্যোগেহে দেশত কৰ্মসংস্থান সৃষ্টি কৰিব পাৰে৷[৪]
  6. মোৰ ককা ১৫ বছৰৰ বাবে কাৰাবাস খাটিছিল৷ মোৰ আইতাক ৩২ বাৰ গুলী কৰা হৈছিল৷ মোৰ পিতৃৰ বিস্ফোৰণত মৃত্যু ঘটিছিল৷ সেয়ে, মই জানো, মই কি বিষয়ে কথা কৈ আছোঁ৷ আপুনি অতি, অতিকৈ বিপদজনক বিষয়ত বাজীমাৎ কৰিবলৈ বিচাৰিছে৷ মই আপোনাক সেয়া ৰোধ কৰিবলৈ কৈছোঁ৷ আপুনি ক্ষান্ত নহ’লে সমস্যা সৃষ্টি হ’ব৷[৪]
  7. সত্যৰ জয় হয়েই৷ মই কি কৰিম, মোৰ কাম কি হ’ব, তাৰ স্পষ্ট ধাৰণা মোৰ আছে৷[৫]
  8. মই কি কাম কৰাৰ প্ৰয়োজন আছে, সেয়া মই ভালকৈ জানো৷ যি পৰিস্থিতিয়ে নাহক লাগে, মই মোৰ কৰ্তব্যত অবিচল থাকিম৷ মোক জনোৱা সমৰ্থন আৰু মোৰ প্ৰতি প্ৰদৰ্শন কৰা ভালপোৱাৰ বাৱে সকলোকে কৃতজ্ঞতা জনাইছোঁ৷[৬]
  • সন্ত্ৰাসবাদ সকলো সময়তে বন্ধ কৰাটো অসম্ভৱ। আমি ৯৯% আক্ৰমণ বন্ধ কৰিম; ১% আক্ৰমণৰ মাজেৰে পাৰ হ’ব। আপুনি অনুভৱ কৰে যে আমেৰিকাই সকলো সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ কৰি দিছে? বৰ্তমান আফগানিস্তান আৰু ইৰাকত জড়িত হৈ আছে আমেৰিকা, য’ত প্ৰতিদিনে আক্ৰমণ সংঘটিত হয়। তেওঁলোকৰ ওপৰত। আমেৰিকাত নহয়, তেওঁলোকৰ ওপৰত। যুদ্ধ আগবাঢ়িছে।
  • দৰিদ্ৰতা হৈছে মনৰ এক অৱস্থা।
  • ভাৰত যদি কম্পিউটাৰ হয় তেন্তে কংগ্ৰেছ ইয়াৰ ডিফল্ট প্ৰগ্ৰেম।
  • চীনক ‘ড্ৰেগন’ আৰু ভাৰতক ‘হাতী’ বুলি কোৱা হয়। কিন্তু আমি হাতী নহয়, আমি ‘মৌমাখিৰ মৌচাক’।
  • দলিতসকলে নিজৰ পৰিস্থিতি উন্নত কৰিবলৈ যথেষ্ট কৰিব লাগিব; ঠিক যেনেকৈ বৃহস্পতিৰ মধ্যাকৰ্ষণীয় আকৰ্ষণৰ পৰা বাচিবলৈ পৃথিৱীয়ে নিজৰ ভেল’চিতি ৰক্ষা কৰে....ইতিহাসলৈ মন কৰক, আম্বেদকাৰক আমি গৌৰৱেৰে প্ৰত্যক্ষ কৰোঁ, তেঁৱেই প্ৰথমজন ব্যক্তি, যিয়ে সেই ভেল’চিটি গতি লাভ কৰি আমেৰিকালৈ গৈছিল৷
  • ৰাজনীতি সকলোতে আছে। আপোনাৰ চাৰ্টত, আপোনাৰ পেণ্টত। সকলোতে আছে৷
  • অনুবাদ: ৰাজনৈতিক পৰিয়ালৰ নহ’লে মই ইয়াত নাথাকিলোহেঁতেন৷
    • সুনীতা এৰন সুনিতা এৰনৰ দ্বাৰা ৰচিত দ্য ডাইনেষ্টী: বৰ্ণ টু ৰুলত উদ্ধৃত। উৎস: গুগল বুকছ
  • মোডীৰ ভিতৰত খং আছে আৰু তেওঁৰ কেৱল মোৰ বাবেই নহয়, সকলোৰে বাবেই খং আছে। সেই খংটো মইহে আকৰ্ষণ কৰোঁ, কাৰণ তেওঁ মোৰ মাজত এটা ভাবুকি দেখিছে। তেওঁৰ খং তেওঁৰ নিজা সমস্যা, মোৰ সমস্যা নহয়।
  • সেই (১৯৮৪ চনৰ শিখ বিৰোধী দাঙ্গাৰ) বিষয়ে মোৰ মনত কোনো বিভ্ৰান্তি নাই। সেয়া ট্ৰেজেডী আছিল, বেদনাদায়ক অভিজ্ঞতা আছিল। আপুনি কয় যে সেইটোত কংগ্ৰেছ দল জড়িত আছিল, মই সেই কথাত একমত নহয়। নিশ্চয় হিংসা হৈছিল, আৰু সেয়া নিশ্চয় ট্ৰেজেডী আছিল।
    • ২৪ আগষ্ট, ২০১৮ তাৰিখে লণ্ডনত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় কৌশলগত অধ্যয়ন প্ৰতিষ্ঠান (আই আই এছ এছ)ৰ পেনেলত ১৯৮৪ চনৰ শিখ বিৰোধী দাঙ্গা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ। উৎস: হিন্দুস্থান টাইমছ
  • ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ পুনৰ এবাৰ ক্ষমতালৈ আহিলে অসমলৈ অহিংসা ঘূৰি আহিব। (অৱশ্যে খবৰৰ সেই একেটা উৎসতে প্ৰমাদবশতঃ হিংসাৰ ঠাইত অহিংসা কোৱা হয় বুলি শুধৰণি কৰা হয়৷)
  • এইখন ভালপোৱাৰ দেশ, ঘৃণা আৰু হিংসাৰ দেশ নহয়৷[৭]
  1. Indian Express. আহৰণ কৰা হৈছে: 5 জুলাই 2023.
  2. ২.০ ২.১ মানহানিৰ গোচৰত দুবছৰ কাৰাদণ্ড ..... আহৰণ কৰা হৈছে: 5 জুলাই 2023.
  3. ৰাহুল গান্ধীৰ স্মৰণীয় বক্তৃতায় উঠে এসেছে গোটা দেশেৰ স্বাৰ্থ. আহৰণ কৰা হৈছে: 6 জুলাই 2023.
  4. ৪.০ ৪.১ সংসদত ৰাহুল গান্ধী. আহৰণ কৰা হৈছে: 6 জুলাই 2023.
  5. অসমীয়া প্ৰতিদিন, প্ৰথম পৃষ্ঠা, ৫ আগষ্ট, ২০২৪
  6. অসমীয়া প্ৰতিদিন, প্ৰথম পৃষ্ঠা, ৫ আগষ্ট, ২০২৪
  7. "বাৰাণসীত ৰাহুলৰ ৰোড শ্ব’". অসমীয়া প্ৰতিদিন ২৯ (৩৪৩). ১৮ ফেব্ৰুৱাৰী ২০২৪. 
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: