ৰমেন বৰুৱা

ৱিকিউদ্ধৃতিৰ পৰা
ৰমেন বৰুৱা

ৰমেন বৰুৱা (ইংৰাজী: Ramen Baruah) অসমীয়া চলচ্চিত্ৰৰ এগৰাকী সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী। ঊনৈশ বছৰ বয়সত তেখেতে জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়া ভাবে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি আমাৰ ঘৰত সংগীত পৰিচালনা কৰে। ১৯৬৯ত মুক্তিপ্ৰাপ্ত ব্ৰজেন বৰুৱাৰ ডক্তৰ বেজবৰুৱাত তেখেতে প্ৰথম স্বতন্ত্ৰৰূপত সংগীত পৰিচালনা কৰে। ডক্তৰ বেজবৰুৱাৰ সুৰীয়া গীতসমূহ ছবিখন চুপাৰ হিট হোৱাৰ অন্যতম কাৰণ আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. আমি যদি কিবা এটা কৰিবলৈ লওঁ তেন্তে আমাৰ মূল শিপাডাল কেতিয়াও লৰচৰ কৰিব নালাগে৷ যদি আমি আনৰ পৰা কিবা ল'ব বিচাৰো তাৰ পৰা কিবা অলপ লৈ নিজৰ থকা খিনিৰ লগত মিহলাই নিজৰ মছলা তৈয়াৰ কৰি আনক সোৱাদ ল'ব দিব লাগে৷ তেতিয়াহে তৃপ্তি পোৱা যায়৷ [১]
  2. বিমলা প্ৰসাদ চলিহা মুখ্যমন্ত্ৰী হৈ থাকোতে কাহিলীপাৰাত জ্যোতি চিত্ৰবন সাজি উলিয়ায়৷ জ্যোতি চিত্ৰবন উদ্বোধনী অনুষ্ঠানত জ্যোতিপ্ৰসাদৰ এটি গীত কোৰাচ হিচাপে গাইছিলো৷ ময়েই পৰিচালনা কৰিছিলো৷ সেই গীতটো শুনি মুখ্যমন্ত্ৰী চলিহাই মোক প্ৰশংসা কৰিছিল৷ তেতিয়াও আৰু আজিলৈও জ্যোতি সংগীত প্ৰসংগত মোক কোনেও বেয়া হোৱা নাই বুলি কোৱা নাই৷ সেইটো মোৰ ভাল লগা কথা৷[১]
  3. মই ক'ব বিচাৰো যে কবিতা আৰু গান একে নহয়৷ মোক বহুতে গানৰ টোকা দি যায় ৷ মই চাই মেলি বুজাইও দিওঁ যিটো মোৰ কাৰণে অসুবিধা হয়৷ দুই এটা কবিতা গীত হ'ব পাৰে কিন্তু সকলো কবিতা গীত হ'ব নোৱাৰে৷[১]
  4. আমাৰ সময়ত গায়ক-গায়িকা পৰিচালক সকলৰ মাজত যি মধুৰ সম্পৰ্ক আছিল আজি সেয়া দেখা নাপাওঁ৷[১]
  5. প্ৰেম বা ভালপোৱাৰ অৰ্থ বহুল৷ মানুহৰ জীৱনত বিভিন্ন দিশত প্ৰেম বা ভালপোৱা থাকিব পাৰে ৷ দেশপ্ৰেম, সমাজপ্ৰেম, মানৱপ্ৰেম পিতা-মাতাক ভালপোৱা, ভাই-ভনীক ভালপোৱা, বন্ধুবৰ্গক ভালপোৱা আদি এই সকলো প্ৰেম বা ভালপোৱাৰ ভিতৰত পৰে৷[২]

তথ্যসূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১.০ ১.১ ১.২ ১.৩ শৰ্মা,নিৰঞ্জন দেৱ (২০১৪)। স্মৃতিৰ পৰশত ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱা। গুৱাহাটী। অসমী প্ৰকাশন, পৃষ্ঠা:৩০-৩৬।
  2. শৰ্মা নিৰঞ্জন দেৱ (২০১৪)। স্মৃতিৰ পৰশত ৰমেন বৰুৱা আৰু দ্বীপেন বৰুৱা। গুৱাহাটী। অসমী প্ৰকাশন, পৃষ্ঠা:৪০-৪৯।