সমললৈ যাওক

ৰজনীকান্ত

ৱিকিউদ্ধৃতিৰ পৰা
২০১৮ চনৰ এক অনুষ্ঠানত ৰজনীকান্ত

ৰজনীকান্ত (ইংৰাজী: Rajnikanth) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও ৰজনীকান্তে আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০১৩ চনলৈকে তেওঁ ছবাৰ তামিলনাডু ৰাজ্যিক চলচ্চিত্ৰ বঁটা জয় কৰিছে-চাৰিবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু দুবাৰ শ্ৰেষ্ঠ অভিনেতাৰ বিশেষ বঁটা। তদুপৰি তেওঁক এবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা আৰু ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান প্ৰদান কৰা হৈছে।

  1. মই মোৰ শৰীৰ আৰু মনক সকলো প্ৰকাৰৰ উত্তেজনাৰ পৰা মুক্ত কৰি ৰাখোঁ আৰু ধ্যান কৰিবলৈ সময় উলিয়াই লওঁ। প্ৰত্যেকখন চলচ্চিত্ৰৰ কাম সম্পূৰ্ণ কৰাৰ পিছত মই হিমালয়লৈ যাওঁ। কাকো লগত নোলোৱাকৈ মই অকলেই যাওঁ। হিমালয়ৰ অভ্যন্তৰত থকা আৰু সহজে যাব নোৱাৰা গাঁওবোৰলৈ মই অকলেই যাওঁ। তেনেকুৱা গাঁওবোৰত দুদিনমান থাকিলেই ধ্যান কৰাৰ সকলো উপকাৰিতা পোৱা যেন অনুভূত হয়। মই হিমালয়লৈ যোৱা আৰম্ভ কৰিছিলোঁ ১৯৯৫ চনত। তাৰ পিছৰ পৰাই মই প্ৰশান্তিৰ সন্ধানত হিমালয়লৈ গৈয়ে আছোঁ।[১]
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: