সমললৈ যাওক

হিমন্ত বিশ্ব শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা
২০২৫ চনত হিমন্ত বিশ্ব শৰ্মা

হিমন্ত বিশ্ব শৰ্মা (ইংৰাজী: Himanta Biswa Sarma; জন্ম: ১ ফেব্ৰুৱাৰী, ১৯৬৯) হৈছে অসমৰ এগৰাকী ৰাজনীতিবিদ তথা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী। ১৯৮৫ চনত কামৰূপ একাডেমীৰ পৰা মেট্ৰিক পাছ কৰাৰ পিছত শৰ্মাই উচ্চ শিক্ষাৰ বাবে কটন কলেজত নামভৰ্তি কৰে। তেওঁ ১৯৯১-৯২ত কটন কলেজ ছাত্ৰসন্থাৰ সাধাৰণ সম্পাদক আছিল। তেওঁ কটনৰ পৰা ৰাজনীতি বিজ্ঞানত ১৯৯০ চনত স্নাতক আৰু ১৯৯২ চনত স্নাতকোত্তৰ পৰীক্ষা পাছ কৰে। শৰ্মাই গুৱাহাটীৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

  1. বিভিন্ন জাতি-জনগোষ্ঠীৰ সুপ্ৰাচীন পৰম্পৰা আৰু আচাৰ-নীতি আদিয়েই হৈছে আমাৰ বৈভৱ।[]
  2. ভৱিষ্যতৰ বাহক শিক্ষাৰ্থী সকলক সফলতাৰ দিশত আগবঢ়াই নিবলৈ প্ৰতিজনে সৰ্বতোপ্ৰকাৰে অনুপ্ৰাণিত কৰিব লাগিব।[]
  3. ভাৰতীয় সভ্যতাৰ মহান মনীষীসকলৰ জীৱন দৰ্শনৰ পৰা যুৱপ্ৰজন্ম উদ্বুদ্ধ হোৱা উচিত।[]
  4. তথ্য-প্ৰযুক্তিৰ লগতে মনৰ উদ্যমৰে এটা কাম অতি সহজেই কৰিব পাৰি।[]
  5. নিজৰ কৰ্মক বোজা বুলি ভবাতকৈ কামটো উপভোগহে কৰিবলৈ শিকিব লাগে।[]
  6. ব্যক্তি নিৰ্মাণেই হৈছে ৰাষ্ট্ৰ নিৰ্মাণৰ আধাৰ।[]
  7. পাৰহৈ যোৱা ক্ষণ আৰু দুনাই উভতি নাহে। আমাৰ দায়িত্ব সমূহ সময়মতেই সমাধা কৰিব লাগিব।[]
  8. মানৱীয় প্ৰমূল্যবোধসমূহে আমাক পূৰ্ণ মানুহ কৰি তোলে।[]
  9. মানৱতাই কেৱল মানুহৰ সেৱা-শুশ্ৰূষাকেই নুবুজায়। নিৰীহ প্ৰাণীকুলৰ মাজতো সমভাৱ পোষণ কৰিব পাৰিলেহে প্ৰকৃত মানৱতাবোধৰ পৰিচয় পোৱা যায়।[]
  10. সৰু সৰু চিন্তাৰ পৰাই সম্ভাৱনাৰ অযুত দুৱাৰ মুকলি হয়।[]
  11. আমাৰ নিজৰ নিজৰ জাতিৰ যেতিয়া নৱজাগৰণ হ'ব, নিজৰ নিজৰ জাতিৰ যেতিয়া বিকাশ হ'ব, তেডিয়া আমি বহল সমাজখনৰ প্ৰতিও আমাৰ দায়িত্ব পালন কৰিব লাগিব।[]
  12. মাতৃভাষাৰ প্ৰতি থকা অম্লান প্ৰেমেই বিশ্ব মানচিত্ৰত এটা জাতিক সগৌৰৱে জীয়াই থকাৰ সাহস আৰু প্ৰেৰণা যোগায়।[]
  13. মঞ্চ বিহু কৰিলেও সাত বিহুৰ পৰম্পৰা ৰক্ষা কৰাটো আমাৰ দায়িত্ব।[]
  14. এটা জাতি নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ প্ৰথম প্ৰয়োজন এক শৈক্ষিক কাঠামো, প্ৰয়োজন জ্ঞান আৰু প্ৰজ্ঞাৰে উজ্জীৱিত এটা নতুন প্ৰজন্ম।[]
  15. জীৱনত যেতিয়া আমি ক'ৰবাত কেতিয়াবা সফলতা পাওঁ, তাৰ কৃতিত্ব কেৱল নেদেখাজনৰ আশীৰ্বাদ আৰু পিতৃ-মাতৃৰ পৰিশ্ৰম।[]
  16. সুশিক্ষাৰে শিক্ষিত হৈ নৱপ্ৰজন্মৰ জিজ্ঞাসা, কৌতূহল আৰু বিশ্লেষণাত্মক দৃষ্টিভংগী প্ৰৱল হৈ উঠিব লাগিব৷[]
  17. নিষ্ঠাসহকাৰে কাম কৰক, নিষ্ঠাৰ বহুত মূল্য আছে। আমি নতুন চিন্তাৰে, কামেৰে মিলি নতুন অসম এখন সৃষ্টি কৰিম।[]
  18. সুস্থ-সবল নৱপ্ৰজন্ম দেশ এখনৰ উত্তৰণৰ প্ৰধান ভেটি। সম্ভাব্য ৰোগৰ পৰা শিশুসকলক সুৰক্ষা প্ৰদান কৰিবলৈ টিকা প্ৰদান কৰাটো আমাৰ সকলোৰে অন্যতম কৰ্ত্তব্য।[]
  19. ছাতি থাকিলে বৰষুণৰ পৰা আমি ৰক্ষা পাওঁ৷ পিতৃ-মাতৃ আমাৰ জীৱনৰ সেই স্থায়ী ছাতিটো৷ যেতিয়ালৈকে পিতৃ-মাতৃৰ আশীৰ্বাদৰ ছাতি জীৱনৰ ওপৰত থাকে, আমাক কোনো বৰষুণে তিয়াব নোৱাৰে৷[]
  20. যেতিয়া কোনোবা এখন ৰাজ্যত কিবা এটা নেতিবাচক হয়, ইয়াৰ প্ৰচাৰ তথা প্ৰশ্ন কৰিবলৈ বহু মানুহ ওলায়৷ কিন্তু যেতিয়া কোনোৱে ভাল কাম কৰিবলৈ চেষ্টা কৰে, তাৰ প্ৰশংসা নকৰে৷ []
  21. আমাৰ নৱপ্ৰজন্মই ম'বাইলত ৰীল বনোৱাৰ পৰিৱৰ্তে প্ৰযুক্তিৰ অন্বেষণ কৰা উচিত৷ তেতিয়া জীৱনৰ সোনোৱালী দিনবোৰ ভবাৰ আগতে পাব৷[]
  22. "অসমৰ বাবে মই কৰা প্ৰতিটো প্ৰতিশ্ৰুতি ৰাইজৰ প্ৰতি থকা মোৰ দায়িত্বৰ পৰাই আহে।" (যুৱ প্ৰজন্মৰ বাবে কৰ্মসংস্থাপন আৰু উন্নয়নৰ সংকল্পৰ বিষয়ে। উৎস: এক্স (টুইটাৰ) পোষ্ট)
  23. "অসমৰ ৰাইজৰ পৰা পোৱা এই মৰম আৰু আশীৰ্বাদ মই সদায় সযতনে ৰাখিম।" (জনসাধাৰণৰ সৈতে থকা নিবিড় সম্পৰ্কৰ বিষয়ে। উৎস: এক্স (টুইটাৰ) পোষ্ট)
  24. "হিমন্ত বিশ্ব শৰ্মাই কি কৰে বা নকৰে, অসমবাসীয়ে ভালকৈয়ে জানে৷ মই কামেৰে কথা ক'ব বিচাৰোঁ৷ শ্ৰীশ্ৰীবটদ্ৰৱা থানৰ এই বিশেষ প্ৰকল্পই আমাৰ কামৰ কথাকেই ক'ব৷" (উৎস: ফেচবুক পোষ্ট)
  25. "এই পবিত্ৰ স্থান মোৰ বাবে অতি ব্যক্তিগত। ই আমাৰ ঐতিহ্যৰ শিপা, অসমৰ আত্মাৰ প্ৰতিফলন।" (বটদ্ৰৱা থান প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ সময়ত কৰা আৱেগিক মন্তব্য। উৎস: ইনষ্টাগ্ৰাম পোষ্ট)
  26. "অসমৰ খিলঞ্জীয়া জনসংখ্যাৰ স্বাৰ্থ সুৰক্ষিত নকৰিলে ৰাজ্যখনত কোনো উন্নয়ন সম্ভৱ নহয়।" (২০২৬ চনৰ ১ জানুৱাৰীত গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি কৰা মন্তব্য। উৎস: দ্য হিন্দু)
  27. "উন্নয়নে অসমক নতুন শিখৰলৈ লৈ গৈছে, কিন্তু আমাৰ পৰিচয় সুৰক্ষিত কৰাটো আমাৰ মূল প্ৰতিশ্ৰুতি হৈ থাকিব।" (উন্নয়ন আৰু পৰিচয়ৰ ৰাজনীতিৰ মাজত সামঞ্জস্য ৰখাৰ সন্দৰ্ভত কৰা মন্তব্য। উৎস: MSN/ANI)
  28. "আমাৰ সমস্যা ভাৰতীয় মুছলমানৰ লগত নহয়, বৰঞ্চ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সৈতেহে।" (অনুপ্ৰৱেশকাৰী সমস্যাৰ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়া মন্তব্য। উৎস: এনডিটিভি (NDTV))
  1. ১.০০ ১.০১ ১.০২ ১.০৩ ১.০৪ ১.০৫ ১.০৬ ১.০৭ ১.০৮ ১.০৯ ১.১০ ১.১১ ১.১২ ১.১৩ ১.১৪ ১.১৫ ১.১৬ ১.১৭ ১.১৮ My gov Assam. আহৰণ কৰা হৈছে: 10 জুলাই 2023.
  2. ২.০ ২.১ শইকীয়া, দেৱেন. "ড০ হিমন্ত বিশ্ব শৰ্মাৰ বক্তৃতাত নতুন চিন্তা-প্ৰজ্ঞাৰ পোহৰ", নিয়মীয়া বাৰ্তা, ২০-০৫-২০২৫,.পৃষ্ঠাসমূহ. ৭. আহৰণ কৰা হৈছে 20 মে' 2025.