সমললৈ যাওক

হালধীয়া জোতা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

হালধীয়া জোতা,উপাসনা শইকীয়াৰ প্ৰথমখন গল্প সংকলন।গল্প সংকলনখনি পূৰ্বায়ণ প্ৰকাশনে ২০২২ চনৰ নৱেম্বৰ মাহত প্ৰকাশ কৰিছিল।এই গল্প সংকলনখনিয়ে ২০২২ বৰ্ষৰ মুনীন বৰকটকী সাহিত্য বঁটা লাভ কৰিছিল।[]

  1. পৃথিৱীত সকলো মানুহেই এক মৰমী ছায়া বিচাৰি ফুৰে নিজে নজনাকৈ।[]
  2. জীৱনত মই এটা কথা সঠিককৈ শিকিছোঁ যে টকা- পইছাতকৈ কৃতজ্ঞতাৰ মূল্য বেছি।[]
  3. বিশ্বাস, কৃতজ্ঞতা আৰু শ্ৰদ্ধাৰ বাহিৰেও পৃথিৱীত আটাইতকৈ মূল্যৱান বস্তুটো হৈছে প্ৰেম বৰ্তা।[]
  4. কলমৰ নিব যেতিয়া ক্ষমতা, ৰাজনীতিৰ চিয়াঁহীৰে তিতি থাকে, সেই কলমে লিখা আখৰে সমতাৰ, ন্যায়ৰ অথবা স্বাধীনতাৰ ছবি আঁকিবনে? সেই কলমে সৃষ্টি কৰা জ্ঞানেই নিৰ্মাণ নকৰিবনে শক্তিশালীক ৰক্ষা কৰাৰ দুৰ্গ? কল্পনাৰ ভাসমান ডাৱৰৰ পৰা নামি অহা যাদুপৰীয়ে গল্পকাৰক জগাব সুগন্ধি কলমেৰে তেওঁ লিখিব সুখ-দুখ, হাঁহি-কান্দোন, মিলন-বিচ্ছেদেৰে মানুহৰ কাহিনী।[]
  5. মানুহ আৰু মানৱীয়তা তাত্ত্বিক বন্ধনৰ পৰা মুক্ত, স্বচ্ছন্দ। []
  6. মাটিৰ স্পৰ্শই মানুহক শান্তিৰ সন্ধান দিয়ে আৰু সেই শান্তিৰ মাজতেইতো জীয়াই থাকে মানৱতা-প্ৰেম।[]
  7. শিল-ইটাৰে নহয় মৰমে সজা এখন ঘৰৰ বাবে মানুহৰ ইমান হাহাকাৰ, উশাহত এবুকু সেউজীয়া উজাই ল'ব পৰা এখন দেশৰ বাবে মানুহ ইমান অধীৰ! দেশে স্বীকাৰ কৰি লোৱা এটা পৰিচয়ৰ বাবে মানুহ ইমান আকুল![]
  8. দেশটো মানুহে পতা যন্ত্ৰ- নিয়ন্ত্ৰণ মানুহৰ- সৃষ্টি মানুহৰ। কিন্তু মাটি? মাটি সদায় স্বাধীন। কাগজীমুদ্ৰাৰ লালসাই চুব নোৱৰা মানুহৰ দৰেই স্বাধীন। এই মাটিতেই পোত গৈ থাকে মানুহৰ শিপা। নিজৰ অস্তিত্বক জীয়ন দি থকা মাটিক ভালপোৱাৰ অধিকাৰ মানুহৰ চিৰদিনেই আছে।[]
  9. হয়তো মুখ ফুটাই নোকোৱা মানুহবোৰেই পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰেমিক হয়।[]
  10. প্ৰত্যেক মানুহৰে হৃদয়ত এজন বিশেষ পুৰুষ বা নাৰীৰ বাবে এটা কান্দোন থাকে। সেই কান্দোনৰো নাম হয়তো প্ৰেম।[১০]
  11. যি মাটিৰ সান্নিধ্য পাহৰি মানুহ উন্মাদ হয় আকাশীলতাৰ গতিত বগাবলৈ- কেৱল বগাবলৈ- কিন্তু লগত লৈ ফুৰে এটা হাহাকাৰ- নিজকে চিনি নোপোৱাৰ হাহাকাৰ- নৈসৰ্গিক উত্তৰাধিকাৰ হেৰুওৱাৰ হাহাকাৰ।[১১]
  12. তাই মুগ্ধ হৈ চাই থাকে। পৃথিৱীৰ সকলো সৃষ্টিশীল মানুহকেই তাইৰ সেই ৰঙা বুকুৱা কণমানি চৰাইটোৰ দৰেই লাগিছিল- টোকৰ লাগিলেই যেন ৰঙচুৱা বুকুৰ পৰা জৰ-জৰকৈ নামিব কাকো নোকোৱা গল্পবোৰ-সোণসেৰীয়া।[১২]
  13. জীৱন দুদিনীয়া বুলি জনা যায় বাবেই হয়তো সময়েও ৰিঙিয়াই থাকে 'ৰৈ নাযাবা- তুমি ৰৈ গ'লেই মই সহায় কৰিব নোৱৰা হৈ যাম।'[১৩]
  14. নিমাত মানুহবোৰে প্ৰতিবাদৰ এটা শক্তিশালী পৰিভাষা গঢ়ি থাকে গোপনে।[১৪]
  15. প্ৰত্যেক মানুহে পিন্ধা জোতাৰ জোখবোৰ যেনেকৈ ভিন্ন, সেইদৰে তেওঁলোকে কৰা যাত্ৰাবোৰো।[১৫]
  1. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন
  2. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-১৬
  3. ৩.০ ৩.১ শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-২৫
  4. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-২৭
  5. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)। হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-২৯
  6. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৩৪
  7. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৫৪
  8. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৫৮
  9. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৬০
  10. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৭০
  11. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-৯১
  12. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-১১১
  13. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-১১২
  14. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-১১৫
  15. শইকীয়া,উপাসনা(নৱেম্বৰ,২০২২)।হালধীয়া জোতা।পূৰ্বায়ণ প্ৰকাশন,পৃষ্ঠা-১২৫