সৰ্বসমীক্ষা তত্ত্ব

ৱিকিউদ্ধৃতিৰ পৰা

সৰ্বসমীক্ষা তত্ত্ব হৈছে প্ৰৱালজ্যোতি ফুকনে ৰচনা কৰা এখন বিজ্ঞানৰ গ্ৰন্থ।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • দৰ্শন, বিজ্ঞান আৰু গণিতে মানুহক যুক্তিবাদী কৰিলে, যুক্তিযুক্তভাৱে চৌপাশৰ প্ৰাকৃতিক পৰিঘটনাবোৰ বিশ্লেষণ কৰিবলৈ শিকালে। বিশ্লেষণে আনিলে অনুসন্ধিৎসা, অনুসন্ধিৎসাই প্ৰশ্ন, প্ৰশ্নই সৃষ্টি কৰিলে নিত্য নতুন জ্ঞান। জ্ঞানে অকল জ্ঞানেই নানে, লগত কঢ়িয়াই আনে আৰু অলপ নতুন প্ৰশ্ন।[১]
  • কণিকাবোৰ যদি প্ৰত্যেকেই মুক্ত হ'লহেঁতেন, ব্ৰহ্মাণ্ডখন হৈ ৰ'লহেঁতেন কেৱল কণিকা আৰু কণিকা। আমি দেখা পোৱা, বুজিবলৈ চেষ্টা কৰা বিশ্বব্ৰহ্মাণ্ডখন হয়হি কণিকাবোৰৰ মাজৰ ক্ৰিয়া, আন্তঃক্ৰিয়াৰ প্ৰভাৱত। মৌলিক কণিকাবোৰে এটা নিসংগ জীৱন নকটায়, সিহঁতে কথা পাতে, কেতিয়াবা একেলগে জীণ যায়, কেতিয়াবা এটাই আনটোৰ পৰা আঁতৰি আহে, কেতিয়াবা ৰূপ সলায়![২]
  • যেতিয়া মৌলিক কণিকাৰ সমষ্টিয়ে গ্ৰহ-নক্ষত্ৰৰ পৰ্যায় পায়গৈ, সেই কণিকাবোৰৰ সৰু সৰু ভৰবোৰ লগ লাগি এক বৃহৎ ভৰৰ ৰূপ লয় (এটোপ দুটোপ কৰি ডাৱৰৰ পানী পৰি ভৰি গ'ল বহল সাগৰ) ।[৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ফুকন, প্ৰৱালজ্যোতি (২০২৩)। সৰ্বসমীক্ষা তত্ত্ব। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, পৃষ্ঠা:১। ISBN: 978-93-84819-24-8
  2. ফুকন, প্ৰৱালজ্যোতি (২০২৩)। সৰ্বসমীক্ষা তত্ত্ব। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, পৃষ্ঠা:৩। ISBN: 978-93-84819-24-8
  3. ফুকন, প্ৰৱালজ্যোতি (২০২৩)। সৰ্বসমীক্ষা তত্ত্ব। ডিব্ৰুগড় বিশ্ববিদ্যালয় প্ৰকাশন, পৃষ্ঠা:৬। ISBN: 978-93-84819-24-8