সৰোজিনী নাইডু

ৱিকিউদ্ধৃতিৰ পৰা

সৰোজিনী নাইডু (ইংৰাজী: Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়। তেখেত একাধাৰে এগৰাকী দেশপ্ৰেমিক, ৰাজনীতিবিদ, প্ৰশাসনিক দক্ষতাসম্পন্ন, বক্তা, সমাজকৰ্মী, গৃহিণী আছিল।

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • এটা জাতিৰ মাতৃসকলক অনুপ্ৰাণিত কৰা অমৰ প্ৰেম আৰু ত্যাগৰ আদৰ্শৰ মাজত জাতিটোৰ মহত্ত্ব নিহিত হৈ থাকে।[১]
  • আমি উদ্দেশ্যৰ গভীৰ আন্তৰিকতা, বাক্যত অধিক সাহস আৰু কৰ্মত আন্তৰিকতা বিচাৰো।[২]
  • হে মোৰ প্ৰিয় দেশবাসী, আপোনালোকে স্বাধীনতাৰ আনন্দ অনুভৱ কৰক।
  • মই মৃত্যুৰ বাবে সাজু নহয় কাৰণ জীয়াই থাকিবলৈ অসীম উচ্চ সাহসৰ প্ৰয়োজন।[৩]
  • ন্যায়বোধ হৈছে ইছলামৰ অন্যতম আচৰিত আদৰ্শ, কাৰণ মই কোৰআনত পঢ়া মতে জীৱনৰ সেই গতিশীল নীতিবোৰ, ৰহস্যময় নহয় কিন্তু দৈনন্দিন জীৱন পৰিচালনাৰ বাবে ব্যৱহাৰিক নৈতিকতা সমগ্ৰ বিশ্বৰ বাবে উপযুক্ত বুলি বিবেচনা কৰোঁ।[৪]
  • ই (ইছলাম) আছিল গণতন্ত্ৰৰ প্ৰচাৰ আৰু পালন কৰা প্ৰথম ধৰ্ম; কাৰণ, মছজিদত যেতিয়া নামাজৰ আহ্বান জনোৱা হয় আৰু উপাসকসকলক একত্ৰিত কৰা হয়, তেতিয়া ইছলামৰ গণতন্ত্ৰ দিনটোত পাঁচবাৰ মূৰ্ত হৈ পৰে যেতিয়া কৃষক আৰু ৰজাই কাষে কাষে আঁঠু লৈ ঘোষণা কৰে: ‘কেৱল ঈশ্বৰ মহান’... মানুহক প্ৰবৃত্তিগতভাৱে ভাতৃ কৰি তোলা ইছলামৰ এই অবিভাজ্য ঐক্যই বাৰে বাৰে মোক প্ৰভাৱিত কৰে।[৫]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Quotations by 60 Greatest Indians. প্ৰকাশক: Dhirubhai Ambani Institute of Information and Communication Technology.
  2. Best Inspirational quotes by Sarojini Naidu. প্ৰকাশক: Happy Wishes.
  3. Naravane, Vishwanath S. (1 January 1996)। Sarojini Naidu: An Introduction to Her Life, Work and Poetry। Orient Blackswan, পৃষ্ঠা:133–। ISBN: 978-81-250-0931-3
  4. Sarojini Naidu, Islam. প্ৰকাশক: Radio Islam. আহৰণ কৰা হৈছে: 1 December 2013.
  5. The Ideals of Islam, পৃষ্ঠা:Madras, 1918, p. 167। আহৰণ কৰা হৈছে: 13 February 2014।