সমললৈ যাওক

সৌৰভ কুমাৰ চলিহা (গ্ৰন্থ)

ৱিকিউদ্ধৃতিৰ পৰা

সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যিক, পদাৰ্থবিজ্ঞানৰ অধ্যাপক সৌৰভ কুমাৰ চলিহাৰ বিষয়ে বিনয় মোহন শইকীয়াই ৰচনা কৰা এখন জীৱনী গ্ৰন্থ।

  1. অসমীয়া সাহিত্য জগতত সৌৰভ কুমাৰ চলিহা কৃপাবৰ বৰবৰুৱাৰ পাছৰজন সাহিত্যিক, যাৰ একমাত্ৰ চিনাকি, তেওঁ এজন সাহিত্যিক-তেওঁৰ বাকীবোৰ চিনাকি বা পৰিচয় হ'ল (ওপৰত বৰ্ণনা কৰা) মূল চিনাকিটোৰপৰা ওলোৱা কেতবোৰ গৌণ তথ্যহে মাথোন। অসমীয়াতহে নালাগে, অন্যান্য ভাষাৰ লেখক-সাহিত্যিকসকলৰ মাজতো এনে সাহিত্যিকৰ সংখ্যা তেনেই কম। কোনো এগৰাকী ব্যক্তি হয়তো শিক্ষক, সাংবাদিক, ৰাজনৈতিক নেতা, সমাজসেৱক আদি আৰু তেওঁৰ বহু কৃতিত্বৰ মাজতে এটা হ'ল সাহিত্য-কৃতি, তেওঁৰ ব্যক্তিত্বৰ এটা অংশ। কিন্তু চলিহাৰ দৰে এশ শতাংশই সাহিত্য-কৃতিৰে পৰিপূৰ্ণ এনে ব্যক্তিত্ব নিতান্তই কম।[]
  2. ২০১০ চনত গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ 'অশান্ত ইলেক্ট্ৰনে' তিনিকুৰি বছৰত ভৰি দিলে। এই তিনিকুৰি বছৰীয়া গল্পটো আজিও ইমান নতুন আৰু সতেজ হৈ আছে যে সেই কথা ভাবিলে আচৰিত নহৈ নোৱাৰি। কোনোবা অখ্যাত সাহিত্যৰসিকৰ আড্ডাতেই হওক, কিম্বা পাণ্ডিত্যপূৰ্ণ গৱেষণাতেই হওক গল্পটো সম্পৰ্কে আলোচনা হৈছে বিস্তৰ, আৰু সকলোৱে একেমুখে স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে গল্পটো অসমীয়া সাহিত্যত একক গুণেৰে সমৃদ্ধ অনন্য সৃষ্টি, আৰু তিনিকুৰি বছৰ ধৰি চামে চামে পাঠকক ই যেনেদৰে মোহিত কৰি ৰাখিছে সেয়াও এক প্ৰকাৰ বিস্ময়েই বুলিব পাৰি।[]
  3. আধুনিক অসমীয়া গল্প-সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহাৰ গল্পই এক সম্মানীয় আসন অধিকাৰ কৰি আছে। ক'বলৈ গ'লে চলিহাৰ গল্পৰ প্ৰকাশে সাধাৰণ পঢ়ুৱৈৰ গল্প সম্পৰ্কে থকা ধাৰণাকে সলনি কৰি দিলে। বিশেষকৈ ১৯৫০ চনত 'ৰামধেনু' আলোচনীৰ গল্প প্ৰতিযোগিতাত পুৰস্কৃত হৈ সেই আলোচনীতে প্ৰকাশিত 'অশান্ত ইলেক্ট্ৰন' নামৰ গল্পটোৱে অসমীয়া সাহিত্য জগতখনত তোলপাৰ লগাই দিয়ে বুলি ক'লেও নিশ্চয় অত্যুক্তি কৰা নহয়। তাৰ পিছত তেওঁ নিজস্ব ৰচনাশৈলীৰে ৰচনা কৰি গৈছে স্ব-মহিমাৰে উদ্ভাসিত একো একোটা নিটোল গল্প। যিসকল সাহিত্যানুৰাগীয়ে তেওঁৰ গল্পক আৰম্ভণিৰপৰাই আদৰি লৈছিল, দিন যোৱাৰ লগে লগে প্ৰিয় গল্প লেখকজনৰ প্ৰতি থকা তেওঁলোকৰ প্ৰশংসাও দিনকদিনে বাঢ়ি যাবলৈ ধৰে।[]
  4. অসমীয়া গল্প-সাহিত্যৰ ইতিহাসত সৌৰভ কুমাৰ চলিহা যেনে, অসমীয়া সমালোচনা সাহিত্যত ড° হীৰেন গোহাঁই তেনে। তেওঁ অসমীয়া সমালোচনা সাহিত্যত এখন অতি উচ্চ আসন অধিকাৰ কৰি আছে বুলি ক'লেই যথেষ্ট নহ'ব; প্ৰকৃততে ড° গোহাঁইৰ অবিহনে অসমীয়া সমালোচনা সাহিত্যৰ কথা ভাবিবই পৰা নাযায়। দুয়োগৰাকীৰে বিচৰণৰ স্থান সুকীয়া হোৱা বাবে তেওঁলোকৰ তুলনা নহয় সঁচা, কিন্তু এটা কথাত দুয়োকে সমস্থানত নিশ্চয় ৰাখিব পৰা যায়। সেয়া হ'ল, বিতৰ্কিত হ'লেও নিজ নিজ স্থানত দুয়োগৰাকীৰে অনুপেক্ষণীয় অৱস্থান।[]
  5. সৌৰভ কুমাৰ চলিহাই পাঠকৰ মনোযোগ বিভিন্ন ধৰণে আকৰ্ষণ কৰি আছে। তেওঁৰ গল্প অথবা অন্যান্য ৰচনাই তেওঁৰ গুণমুগ্ধ সাধাৰণ পাঠকক যেনেকৈ সাহিত্যপাঠৰ বিশুদ্ধ আনন্দ প্ৰদান কৰি পুলকিত কৰি ৰাখিছে, ঠিক তেনেকৈ তেওঁৰ ভাষা, ৰচনা-শৈলী, মননশীলতা আদি বিষয়বোৰে কেতিয়াবা এককভাৱে আৰু কেতিয়াবা সামগ্ৰিকভাৱে সাহিত্যিক, সমালোচক, গৱেষক আদিকো সাহিত্যৰ চৰ্চা তথা ৰসাস্বাদনত প্ৰয়োজনীয় সমল আগবঢ়াই আহিছে। অৱশ্যে এই দাবী কৰিব নোৱাৰি যে সৌৰভ কুমাৰ চলিহাৰ ৰচনাৰাজিয়ে সদায় পাঠকৰপৰা কেৱল প্ৰশংসাই লাভ কৰি আহিছে, বহুতো পাঠকে হয়তো তেওঁৰ ৰচনা পঢ়ি কোনো ধৰণৰ পুলক অনুভৱ নকৰে অথবা তেওঁৰ ৰচনাৰ কাষেই নাচাপে; কিন্তু অসমীয়া গল্প-সাহিত্যৰ আলোচক অথবা সমালোচক এজনে তেওঁৰ গল্পক ভালেই পাওক বা বেয়াই পাওক, গল্পকাৰ হিচাপে যে তেওঁক কেতিয়াও উপেক্ষা কৰিব নোৱাৰে, অন্ততঃ এই দাবী কৰিব পৰা যায়।[]