সৌমাৰ নন্দিনী (গ্ৰন্থ)
অৱয়ব
সৌমাৰ নন্দিনী জুৰি শইকীয়াই ৰচনা কৰা এখন বুৰঞ্জীমূলক অসমীয়া উপন্যাস। ২০১৫ চনত উপন্যাসখনে বনলতা প্ৰকাশনৰ বেনাৰত মুদ্ৰিত ৰূপ লাভ কৰে। ২০১৭ চনত উপন্যাসখন দ্বিতীয়বাৰৰ বাবে প্ৰকাশ পায়।
উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে চুতীয়াসকলৰ ৰাণী সাধনী।
প্ৰথম অৱস্থাত লেখিকাই বুৰঞ্জীত পোৱা সমল আৰু ক্ষেত্ৰ অধ্যয়ণৰ শেষত 'বীৰাংগনা সাধনী আৰু সূৰ্য উঠা দেশ' নামৰ এক বুৰঞ্জীমূলক প্ৰবন্ধ সংকলন প্ৰস্তুত কৰি বনলতাৰ স্বত্বাধিকাৰৰ কাষ চাপে। কিন্তু তেওঁ ইয়াৰ পৰিৱৰ্তে এখন উপন্যাস লিখাৰ প্ৰস্তাৱ দিয়ে। এইদৰেই সৌমাৰ নন্দিনীৰ ৰচনাৰ সূত্ৰপাত ঘটে।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মাঘ মাহ ডাঙৰ মাহ। মাঘত ভঁৰাল চুব নাপায়। আগতে মাৰি থোৱা শালি, আহু, বাও, বৰা, চকোৱা ধানেৰে মাঘ মাহটো যাব লাগিব। বিহুৰ চিৰা, পিঠা, সান্দহ খুন্দিব লাগিব। এইকেইদিন কাৰো আহৰি নাই। মুনিহ-তিৰোতা, ল'ৰা-ছোৱালী আটায়ে ধানৰ কামত ব্যস্ত। ফাগুন মাহত ভঁৰালত পিঠা দিয়া নিয়ম এটা কৰিহে ভঁৰাল চুব পাৰিব। এই পিঠা দিয়াৰো নিয়ম আছে। যেনে-তেনে দিলে নহ'ব। পিঠাগুড়ি খুন্দি মাটিৰ মলা এটাত দোণমনীয়াকৈ শুকান পিঠা-গুড়ি থাপি-থুপি লৈ সন্ধ্যা চাকি শলিতা জ্বলাই তামোল তিনিখনেৰে সৈতে আগলি কলপাত এযোৰৰ ওপৰত পিঠাগুড়িৰ মলাটো বহুৱাই ভঁৰালৰ গাধৈত বা চটিত লখিমী আইলৈ বুলি আগবঢ়াই দিয়ে। পিছদিনা পুৱাই পিঠাৰ মলাটো ভিতৰলৈ আনি আন এটা মাটিৰ মলাত সেই পিঠাগুড়িখিনি ভাপত দি চেৱা দিয়া পিঠা কৰে। চেৱা দিয়া মাটিৰ মলাটোৰ তলফালে সৰু ফুটা এটা কৰি লৈ সেই ফুটাটোৱেদি পিঠা বা চাউল সৰকি নপৰিবৰ কাৰণে চাৰি আঙুলমান দীঘল, দুই আঙুলমান বহল দুচিটা কলপটুৱাৰ পিঠি অংশ লোৱা হয়। পাতল পিঠিটো মলাটোৰ ফুটাটোত এচিটাৰ ওপৰত আনচিটা পথালিকৈ দি তাৰ ওপৰত পিঠাগুড়ি বা বৰা চাউল ঢালি দিয়া হয়। তাৰ পাছত ঘটি বা সৰু লোটা বা টেকেলী এটাত আন্দাজমতে পানী ভৰাই উধানত তুলি দি তাৰ কান্ধত পাতলীয়া কপাহী কাপোৰ এখনেৰে পাতলকৈ মেৰিয়াই চেৱা দিবলৈ লোৱা মলাটো মুখত বহুৱাই দিয়ে। উধানৰ তলত জুই দিয়া হয়। উতলা পানীৰ ভাপ মলাটোৰ তলৰ ফুটাটোৱেদি গৈ চাউলখিনি বা পিঠাখিনি সিজাই পেলায়। এনেদৰে চেৱা দিয়া বৰা ভাত আৰু চেৱা দিয়া পিঠা কৰি খায়। ভঁৰালত দিয়া পিঠাগুড়ি ভাজি অন্য পিঠা কৰি খালে ঘৰত হেনো আই লখিমীয়ে বাস নকৰে। চেৱা দিয়া পিঠা আৰু চেৱা দিয়া বৰা ভাত চুতীয়াসকলৰ বৰ প্ৰিয় খাদ্য।[১]
- কৃষিজীৱী চুতীয়াসকলৰ গৰু-ম'হকেইটাই সম্পদ। কণাৰ লাখুটি। প্ৰতিদিনে সিহঁতৰ পেটৰ ভোক মাৰিবলৈ কমখন কষ্ট কৰিব লাগেনে। গৰু ম'হ চৰোৱা, ঘাঁহ কটা, তুঁহগুৰি, কচুগছ, কলগছ কাটি দানা সিজোৱা এইবোৰ অলপ কষ্ট নহয়। ৰ’দে-বৰষুণে তিতি গৰু চৰোৱা কথা আছেই। এই গৰু-ম'হবোৰৰ যাতে অপায়-অমংগল নহয়, বেমাৰ-আজাৰ নহয় তাৰ বাবে জেঠ-আহাৰ মাহত পাতিহাঁহ মাৰি চাপৰিত থকা কোটোহা বাঁহৰ তলত বা গছৰ তলত আই-ভোগ দিয়া হয়। ইয়াকে গৰখীয়া ভোগ বোলে।[১]
- ন-খাবলৈ দিহিঙৰ ডুবিত জেঙাই থোৱা জাঁজ মাৰে। জাঁজত ৰাঘ-বৰালি, ম'হ শিঙীয়া বৰালি বা কঁকিলাদঁড়ীয়া বৰালি কোনোবা নহয় কোনোবা এটা পৰেই। তাপতীয়া বৰালিবোৰ যে ধৰি আমনি লাগি যায়। এইবোৰৰ উপৰি পাভ, খৰিয়া, আৰি, ভেউ মাছো পৰে। ৰাজহুৱা ন-খোৱা হ'ল বিয়াত উৰুলি দিয়াৰ দৰে। আটায়ে হাতে-পাতে লাগে। ভাগে ভাগে মাছ, পাতিহাঁহৰ মঙহ, পহুৰ মঙহ। শাক-পাচলি বাৰীৰে। চুতীয়া লাই, চুতীয়া পালেং, বাবৰি। মধুসোলেঙৰ লগত বৰালি মাছৰ টেঙা শাকৰ জোল। কলপচলাৰ লগত মাছৰ জ্বলা ভাজি। হাঁহৰ মঙহৰ লগত কোমোৰা ভাজি। পোৰা গৰৈ চিৰিকা মাছৰ লগত খৰিচাৰ পিটিকা। ন-খোৱা উৎসৱটোত উহোৱা (উখুৱা) চাউলৰ ভাত ৰান্ধে ৷ প্ৰথম বহাবলৈ লোৱা ন-ধান জকা জাৰোতে যি পতান ওলায়, সেই পতানৰে অলপমান আগলি কলপাত এযোৰত থোৱা হয়। খেৰৰ সৰু সৰু মুঠি বান্ধি তাতে তামোল তিনিখন দিয়ে আৰু ওপৰত কেঁচুমটা দি পদুলি মূৰত পূবফাললৈ মূৰ কৰি পতানী দেৱীক উদ্দেশ্য কৰি আগবঢ়াই দিয়ে। ইয়াৰ পাছতহে ন–ধান জকা ফালিবলৈ তলত জুই দিয়ে। পতানী দেৱীক দিয়াৰ উদ্দেশ্যই হ'ল ধানত যাতে অধিক পতান নহয়৷[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ জুৰি শইকীয়া (২০১৭, দ্বিতীয় প্ৰকাশ)। সৌমাৰ নন্দিনী। বনলতা, পৃষ্ঠা:৮-১৩। ISBN: 978-93-82750-78-9।