সমললৈ যাওক

সোণালী সংখ্যা

ৱিকিউদ্ধৃতিৰ পৰা

সোণালী সংখ্যা হৈছে বিপুলজ্যোতি শইকীয়াই অসমীয়া ভাষাত ৰচনা কৰা এখন জনপ্ৰিয় গণিতৰ পুথি । এই পুথিখনে জনপ্ৰিয় বিজ্ঞানৰ পুথি হিচাপে ২০০০ চনত অসম সাহিত্য সভাৰ অনিল কুমাৰ শৰ্মা সোঁৱৰণী বঁটা লাভ কৰিছিল।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. গণিতক পদাৰ্থ বিজ্ঞানৰ ভাষা বুলি কোৱা হয়। কিন্তু এই ভাষা এক সাধাৰণ ভাষা নহয়। গণিত একে সময়তে ভাষা আৰু যুক্তিৰ সমাহাৰ। [২]
  2. সুদূৰ অতীতৰে পৰা সংখ্যাই মানুহক আকৰ্ষণ কৰি আহিছে। সেয়ে, বিভিন্ন সময়ত বিভিন্নজনে সংখ্যাক আৰু বিভিন্ন ধৰণে ভাগ কৰিছে। এনে ভাগবোৰো বেছ আকৰ্ষণীয়। [৩]
  3. এই কথাত কোনো সন্দেহ নাই যে বৃহৎ সংখ্যাবোৰৰ নিজস্ব এক আবেদন আছে। দৈনন্দিন জীৱনৰ শ হেজাৰ লাখ কোটিৰ ঊৰ্ধৰ এই সংখ্যাবোৰৰ এক স্বৰ্গীয় সৌন্দৰ্য আছে। এইবোৰ যেন আমাৰ কল্পনাৰ সিপাৰৰ জগৎ এখনৰ বাসিন্দা! সুদূৰ অতীতৰে পৰাই মানুহক বৃহৎ সংখ্যাৰ ধাৰণা আৰু কল্পনাই আকৰ্ষণ কৰি আহিছে।[৪]
  4. সংখ্যাতত্ত্ববিদসকলৰ বাবে বৃহৎ সংখ্যাৰ গুৰুত্ব অপৰিসীম।[৫]
  5. ব্যৱহাৰিক প্ৰাসঙ্গিকতা থাকক বা নাথাকক, সংখ্যাতত্ত্ববিদসকলে বৃহৎ সংখ্যা সম্পৰ্কে বিভিন্ন ধৰণৰ আকৰ্ষণীয় হিচাপ-নিকাচ কৰি থাকে।[৬]
  6. সামগ্ৰিক বিচাৰত আমাৰ চাৰিওফালৰ বিশ্ব চৰাচৰ অতিশয় জটিল আৰু অনিশ্চিত। কিন্তু তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এই সৰ্বগ্ৰাসী জটিলতাৰ মাজতো কিছুমান নিয়মিত আৰু বিধিসন্মত ঘটনা-পৰিঘটনা আৱিষ্কাৰ কৰিব পাৰি। [৭]
  7. গণিতত বুৰ যোৱাটো যে কি এক স্বৰ্গীয় অভিজ্ঞতা, সি কথা গণিতজ্ঞসকলেহে জানে। [৮]
  8. পাহাৰ-পৰ্বত, জান-জুৰি-নৈ, গছ-গছনি, ফুল-ফল, জীৱ-জন্তু - এই সকলোবোৰৰে একো-একোটা আকাৰ বা আকৃতি আছে। ইয়াৰে কিছুমান হয়তো মানুহে সৃষ্টি কৰা, কিন্তু সৰহভাগেই প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা। প্ৰকৃতিয়ে হেজাৰ কৌটি বছৰৰ নানান প্ৰক্ৰিয়াৰ মাজেদি এই আকাৰ-আকৃতিবোৰ নিৰ্মাণ কৰিছে। ইয়াৰে কিছুমান তুলনামূলকভাৱে সৰল, কিছুমান বেছ জটিল মেৰ-পেঁচ থকা -পিছে প্ৰায় আটাইবোৰেই চালে চকু ৰৈ যোৱাকৈ সুন্দৰ। [৯]
  9. প্ৰকৃতি অতি বিচিত্ৰ, আৰু প্ৰকৃতিৰ গণিত-জ্যামিতিও সমানেই বিচিত্ৰ। [১০]
  10. প্ৰকৃতিত দেখা পোৱা নিয়মিত বা সমমিত আকাৰ-আকৃতিবোৰ আচলতে ব্যতিক্ৰমহে, স্বাভাৱিক বা সাধাৰণ নহয়। ইয়াৰ প্ৰধান কাৰণ হ'ল, যিবোৰ পৰিঘটনাই প্ৰকৃতিৰ জ্যামিতীয় আকাৰ-আকৃতি বা চৰিত্ৰ নিয়ন্ত্ৰণ কৰে, সেই পৰিঘটনাবোৰ সহজ-সৰল ৰৈখিক পৰিঘটনা নহয়, সেইবোৰ সাধাৰণতে অতি জটিল অৰৈখিক পৰিঘটনা। [১১]
  11. দূৰৈৰ পৰা ভাল লাগি থকা মানুহ এজনকো ওচৰৰ পৰা লগ পালে তেওঁৰ বহুত দোষ-ত্ৰুটি চকুত পৰে। [১২]
  12. অনবৰতে পৰিবৰ্তন ঘটি থাকিলেও প্ৰকৃতিৰ আটাইতকৈ ৰহস্যময় কথাটো হ'ল সামগ্ৰিকভাৱে ইয়াৰ অপৰিবৰ্তনশীলতা বা ধ্ৰুৱত্ব।[১৩]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. শইকীয়া, বিপুলজ্যোতি (২০১৩)। সোণালী সংখ্যা। ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ। ISBN: 978-81-7665-503-3
  2. পৃষ্ঠা ১৮
  3. পৃষ্ঠা ২০
  4. পৃষ্ঠা ২৮
  5. পৃষ্ঠা ৩২
  6. পৃষ্ঠা ৩৩
  7. পৃষ্ঠা ৩৪
  8. পৃষ্ঠা ১২৭
  9. পৃষ্ঠা ১২৮
  10. পৃষ্ঠা ১৩০
  11. পৃষ্ঠা ১৩১
  12. পৃষ্ঠা ১৩৩
  13. পৃষ্ঠা ১৩৮