সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান

ৱিকিউদ্ধৃতিৰ পৰা

সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান হৈছে অসমীয়া ভাষাত লিখা ডঃ প্ৰাঞ্জল বুঢ়াগোহাঁইৰ এখন গ্ৰন্থ। তেওঁ ৰচনা কৰি থকা 'ইতিবাচক শিক্ষা' ধাৰাবাহিকৰ এইখন চতুৰ্থ গ্ৰন্থ।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মোৰ লগত কথা পতা বহু অভিভাৱক-অভিভাৱিকাই মতামত দিয়ে - লাগ বুলিলেই কিতাপ দিছোঁ, কাপোৰ দিছোঁ, খাবলৈ দিছোঁ। একোৰে অভাৱ নাই। ল'ৰা ভাল হ'ব লাগে। বহুতে কয় - ইমান তদাৰকীত ৰাখিছোঁ, কাঢ়া শাসন কৰিছোঁ অথচ... । কথা হ'ল লাগ বুলিলেই বস্তু দিলেই, শাসন কৰিলেই তেওঁলোক ভাল হৈ যাব নেকি? [২]
  2. আধুনিক মগজুৰ বিজ্ঞান আৰু কৈশোৰ কালৰ বিজ্ঞানৰ এটা তাৎপৰ্যপূৰ্ণ আৱিষ্কাৰ হ'ল - কৈশোৰ কালেই হৈছে মানুহৰ মগজুৰ সক্ৰিয় নমনীয়তা আৰু পৰিৱৰ্তনশীলতাৰ শেষ সময়। এই কালছোৱাত মগজুৰ বিকাশ এই সময়তে সাধন হয়। গতিকে মানুহৰ বিকাশৰ অধ্যয়নত এই সময়ছোৱাৰ এটা অতি গুৰুত্বপূৰ্ণ স্থান আছে। [৩]
  3. যদিহে জন্মৰ পিছৰ পৰা শিশু এটিক এনে এটা পৰিৱেশত ৰখা যায় য'ত ভাষাৰ ব্যৱহাৰ নহয় বা কোনেও কথা নকয় তেতিয়া শিশুটোৰ ভাষাৰ বিকাশ নহ'ব। জৈবিকভাবে শব্দ সৃষ্টি কৰিব পৰা ক্ষমতা থকাৰ পাছতো শিশুটিয়ে ভাষা ব্যৱহাৰ কৰি কথা ক'ব নোৱাৰিব। সেইদৰে আপুনি জানি আমোদ পাব যে যিবোৰ শিশুক মাক-দেউতাকে সঘনে মাৰ-পিত কৰে তেনে শিশু তুলনামূলকভাবে বেছি খঙাল আৰু আক্ৰমণাত্মক হয়। যিবোৰ শিশুৰ মাক-দেউতাকে সুখেৰে বিয়া পাতি সুখৰ সংসাৰ কৰি আছে তেনে শিশুৱে বেছি গভীৰ ৰোমাণ্টিক প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব পাৰে। যিবোৰ শিশুৰ ঘৰত সঘন বৌদ্ধিক কথা-বাৰ্তা আৰু আলোচনাৰ পৰিৱেশ আছে তেনে শিশুৱে শৈক্ষিক ক্ষেত্ৰত তুলনামূলকভাবে ভাল ফলাফল দেখুৱাব পাৰে।[৪]
  4. আমি আহৰণ কৰা নিৰ্দিষ্ট কিছুমান অভিজ্ঞতাই আমাৰ বিকাশত নিৰ্দিষ্ট কিছুমান ফলাফল সৃষ্টি কৰিব পাৰে। [৫]
  5. বাল্যকালতকৈ কৈশোৰ কালত মানুহৰ মনোজগত বহুত বেছি নাটকীয় আৰু প্ৰভাৱশালীভাবে সলনি হৈ যায়। [৬]
  6. কৈশোৰ কালত বাহ্যিক অভিজ্ঞতাৰ প্ৰতি মানুহ আটাইতকৈ বেছি সংবেদনশীল। [৭]
  7. ভালেই হওক বা বেয়াই হওক যিকোনোধৰণৰ অভিজ্ঞতা প্ৰদান কৰি মগজুৰ ওপৰত সুদূৰপ্ৰসাৰী আৰু গভীৰ প্ৰভাৱ পেলাব পাৰি। [৮]
  8. কৈশোৰ কালত মানুহৰ মগজু মানসিক চাপৰ প্ৰতি সংবেদনশীল হৈ পৰে। কেৱল সেয়াই নহয়, বহুবিলাক মানসিক ৰোগ এই কালছোৱাতেই বিস্তৃত ৰূপত দেখা যায়।[৯]
  9. কৈশোৰ কালৰ মগজুৰ এই ভংগুৰতা আৰু বিপদসংকুলতাখিনি অভিভাৱক-অভিভাৱিকা বা শিক্ষক-শিক্ষয়িত্ৰী হিচাপে আমি জনাটো নিতান্তই দৰকাৰ যাতে তেওঁলোকৰ মগজুক আমি নিৰাপত্তা দিব পাৰোঁ। মগজুৰ এই নিৰাপত্তাৰে আমি তেওঁলোকক এটা সুস্থ জীৱন দিব পাৰোঁ। অন্যথা বেয়া কাম কৰিছে বুলি যুগ যুগলৈ তেওঁলোকক গালি পৰাতেই আমাৰ কাম শেষ হ'ব।[১০]

উত্‍স[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ড° প্ৰাঞ্জল বুঢ়াগোহাঁই (প্ৰথম সংস্কৰণ, অক্টোবৰ, ২০২২)। সম্ভাৱনাঃ কৈশোৰ কাল সম্পৰ্কত বিজ্ঞান। গুৱাহাটী। জে এছ পাব্লিকেশ্বন্‌ছ।
  2. পৃষ্ঠা ২১
  3. পৃষ্ঠা ৬৬
  4. পৃষ্ঠা ৬৭
  5. পৃষ্ঠা ৬৭
  6. পৃষ্ঠা ৭২
  7. পৃষ্ঠা ৭২
  8. পৃষ্ঠা ৭৩
  9. পৃষ্ঠা ৮১
  10. পৃষ্ঠা ৮১