সমললৈ যাওক

সফল জীৱনৰ আধাৰশিলা

ৱিকিউদ্ধৃতিৰ পৰা

সফল জীৱনৰ আধাৰশিলা লেখক হেমন্ত কুমাৰ দেৱ চৌধুৰীৰ এখন ৰচনা সংকলন৷ এই পুথিত সন্নিবিষ্ট কেইবাটাও লেখা ইতিমধ্যে শ্ৰীপ্ৰদীপ বৰুৱাৰ দ্বাৰা সম্পাদিত ‘প্ৰান্তিক’ নামৰ আলোচনীখনত প্ৰকাশ পাইছে৷

  1. কোনো পুৰস্কাৰ, সন্মান বা উচ্চ আসনৰ প্ৰাপ্তিয়েই সফলতা নহয়। প্ৰকৃত সফলতা হৈছে সেই সন্মান বা উচ্চ আসন লক্ষ্য হিচাপে ৰাখি আগবাঢ়ি থাকোঁতে যাত্ৰাপথত দেখা দিয়া ঘাত-প্ৰতিঘাত বা প্ৰত্যাহ্বানসমূহ প্ৰয়োজনীয় প্ৰস্তুতি আৰু সাহসেৰে অতিক্ৰম কৰাটোহে।
  2. জীৱনত সাফল্য লাভ কৰিবলৈ হ’লে এটা অতি আৱশ্যকীয় গুণ হ’ল, ডাঙৰ কৈ ভাবিব পৰা ক্ষমতা। জীৱনৰ যিকোনো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ সেই কল্পনা ক্ষমতা আহৰণ কৰিব পাৰিব লাগিব।
  3. কঠোৰ আৰু নিয়মিত অনুশীলনৰ মাজেৰে যেনেদৰে কোনো খেল বা বিদ্যাত পটুতা আহে, কঠোৰ অনুশাসনৰ মাজেৰেহে মানুহৰ মনলৈ স্বভাৱসিদ্ধ জ্ঞান আহে।
  4. সমস্যা সমাধানৰ অবিৰাম প্ৰচেষ্টাৰ ওপৰতেই নিৰ্ভৰ কৰে মানৱৰ প্ৰগতি। যিজনে সমস্যাৰ সন্মুখীন নহয় তেওঁৰ উন্নতিও নহয়।
  5. সাধাৰণতে পৰাজয় বা বিফলতাই মানুহৰ মনত ধুমুহাৰ সৃষ্টি কৰে-এই ধুমুহাই তেওঁলোকৰ জীৱনৰ সপোন ভাঙি-ছিঙি চূৰমাৰ নকৰে, বৰং জীৱনস্বপ্ন বাস্তৱলৈ ৰূপান্তৰিত হোৱাৰ আগজাননীহে দিয়ে।
  6. জীৱনৰ যান্ত্ৰণাদায়ক অভিজ্ঞতাক সৃজনীমূলক প্ৰতিভালৈ ৰূপান্তৰিত কৰিব পৰা ক্ষমতাৰ নামেই হ’ল-ধৈৰ্য্য।
  7. আত্মবিশ্বাস এক ইচ্ছাকৃতভাৱে আহৰণ কৰিব পৰা মনোভাব আৰু দীৰ্ঘদিন ধৰি অনুশীলন কৰিলে আত্মবিশ্বাসী হোৱাটো এক স্বাভাৱিক অভ্যাসত পৰিণত কৰিব পৰা যায়।
  8. যি শিক্ষাই আমাৰ সাধুতা, দয়া-মৰম, ধৈৰ্য, সৎসাহস, অনুভূতিশীলতা, দায়িত্ববোধ, একাগ্ৰতা আদি গুণ বিকশিত কৰে সেয়াহে প্ৰকৃত শিক্ষা।
  9. পৰম্পৰাগত ধ্যান-ধাৰণাক প্ৰত্যাহ্বান জনাই নতুন সংজ্ঞা, নতুন অৰ্থ, নতুন সূত্ৰ বিচাৰি চিন্তা-চৰ্চ্চা কৰাটোৱেই হ’ল সৃজনশীলতাৰ প্ৰধান লক্ষণ।
  10. তোমাৰ জীৱনত এনে এক মহান কাৰ্যৰ আৰম্ভণি কৰা যাৰ অস্তিত্ব যাতে তোমাৰ মৃত্যুৰ লগে লগে শেষ হৈ নাযায়।
  11. তুমি যদি নিজক হীন বুলি ভাবা আন মানুহে কেতিয়াও তোমাক সন্মানৰ আসন নিদিয়ে। আনহাতে তুমি যদি নিজকে সন্মান কৰা আনৰ দৃষ্টিতো তুমি এদিন নহয় এদিন সন্মানীয় হৈ পৰিবা।
  • চৌধুৰী হেমন্ত কুমাৰ দেৱ (২০০৭)। সফল জীৱনৰ আধাৰশিলা। বনলতা, পৃষ্ঠা:১১,১৩,২৪,৩৪,৩৮,৪১,৪২,৫০,৫৩,৬৭,৬৯। ISBN: 81-978-81-7339-421-8