শোণিত কুঁৱৰী

ৱিকিউদ্ধৃতিৰ পৰা

শোণিত কুঁৱৰী এখন মূলতঃ এখনি পৌৰাণিক আখ্যানমূলক ৰোমাণ্টিক নাট। এইখন জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা তেওঁৰ প্ৰথম পূৰ্ণাংগ নাট। ১৯১৭ চনত চৈধ্য বছৰ বয়সত লিখি উলিওৱা এই নাটকখনত মুঠ পাঁচটা অংক আছে। তেজপুৰৰ বাণ থিয়েটাৰত সৰ্বপ্ৰথম মঞ্চস্থ হোৱা এই নাটখনিত প্ৰথম বাৰৰ বাবে অসমীয়া লোকগীতৰ সুৰেৰে গীত-মাত আৰু লোকনৃত্যৰ আধাৰত নৃত্য পৰিৱেশন কৰা হৈছিল। এই নাটকখন শোণিতপুৰৰ বাণৰজাৰ জীয়ৰী ঊষা আৰু দ্বাৰকাৰ অনিৰুদ্ধৰ প্ৰেম কাহিনীৰ ওপৰত ৰচিত।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. “এনেয়ে পাৱ? কেতিয়াও নহয়৷ ভাল পাৱ? এনেয়ে? এনেয়ে? মই মই তোৰ তিৰোতাৰ লুইত মান ফেনে-ফোটোকাৰে বোৱা আকাঙ্খাৰ ভালকৈ যেনে- ৰূপ, মণি-মুকুতাৰে যোগান ধৰিব পাৰিম বুলি৷ সেইকাৰণে- সেইকাৰণে ভাল পাৱ? তিৰোতা- তিৰোতাই ভালপোৱা দিব? স্বাৰ্থৰ অগ্নিত ভালপোৱা পুৰি ভষ্ম কৰি ছাইসোপা আনি আগত ধৰি কৈছে, “হোৱা, এয়া ভালপোৱা’’, আৰু আমি পুৰুষে সেই ছাইখিনিকে গাত সানি সকলো পাহৰি প্ৰণয়ৰ ধুনি জ্বলাই তিৰোতাৰ প্ৰেমৰ ব’ৰাগী৷ ..... তই মোক এনেয়ে ভাল নাপাৱ৷ ভালপোৱাৰ ছাই তহঁতে পুৰুষৰ চকুত মাৰি পুৰুষক কণা-মুনা কৰা, পুৰুষক ভুৱা দিয়া মায়াবিনী.....৷’’ (সুন্দৰ কোঁৱৰ; শোণিত কুঁৱৰী, জ্যোতি ৰচনাৱলীপৃ: ৫৫)[১]

তথ্য সূত্ৰ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. হাকাচাম, ড° উপেন ৰাভা (২০১৩)। ভাষা সাহিত্যৰ দ্ৰষ্টা-স্ৰষ্টা আৰু সমাজ নিৰ্মাতা। আঁক-বাক, পৃষ্ঠা:২১৩। ISBN: 978 93 82726 10 4