শেখ মুজিবুৰ ৰহমান

ৱিকিউদ্ধৃতিৰ পৰা
পঞ্চাশোৰ্দ্ধো মুজিবুৰ ৰহমান

শেখ মুজিবুৰ ৰহমান (বাংলা: শেখ মুজিবুর রহমান; ১৭ মাৰ্চ ১৯২০ – ১৫ আগষ্ট ১৯৭৫), চমুকৈ শেখ মুজিব বা বংগবন্ধু, বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিসকলৰ মাজৰ এজন আছিল। তেওঁ ভাৰত বিভাজন আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰিছিল আৰু পিছলৈ পূব পাকিস্তানক এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ সংগ্ৰামৰ নেতৃত্ব দিছিল। আৰম্ভণিতে তেওঁ আৱামী লীগৰ সভাপতি, ইয়াৰ পিছত বাংলাদেশৰ ৰাষ্ট্ৰপতি আৰু শেষলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পূব-পাকিস্তানত ৰাজনৈতিক স্বায়ত্তশাসন অৰ্জনৰ প্ৰচেষ্টা আৰু পিছলৈ বাংলাদেশৰ স্বাধীনতা আন্দোলন আৰু ১৯৭১ চনৰ বাংলাদেশৰ মুক্তিযুদ্ধৰ আঁৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি হিচাপে কৃতিত্বৰ স্বীকৃতি স্বৰূপে তেওঁক বাংলাদেশৰ ‘জাতিৰ জনক’ বা ‘জাতিৰ পিতা’ বুলি অভিহিত কৰা হয়।[১]

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মোৰ দেশ এখন স্বাধীন দেশ। ভাৰতেই হওক, আমেৰিকাই হওক, ৰাছিয়াই হওক, গ্ৰেট ব্ৰিটেইনেই হওক, মই জীয়াই থকালৈকে এনে কোনো শক্তি নাই যিয়ে মোৰ দেশৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব পাৰিব।[২]
  2. আৰু যেন সাম্প্ৰদায়িকতাই মূৰ দাঙিব নোৱাৰে। বাংলাদেশ এখন ধৰ্মনিৰপেক্ষ দেশ। মুছলমানসকলে তেওঁৰ ধৰ্ম পালন কৰিব। হিন্দুসকলে তেওঁৰ ধৰ্ম পালন কৰিব। বৌদ্ধসকলে তেওঁৰ ধৰ্ম পালন কৰিব। কোনেও কাকো বাধা দিব নোৱাৰে। কিন্তু ইছলামৰ নামত বাংলাদেশৰ লোকসকলক লুণ্ঠন কৰি খোৱাৰ অনুমতি দিয়া নহ'ব।[২]
  3. আমি গণতন্ত্ৰ বিচাৰো, উচ্ছৃংখলতা নিবিচাৰো, কাৰো বিৰুদ্ধে ঘৃণা সৃষ্টি কৰিবও নিবিচাৰো। অথচ কিছুমান কাকতে মুছলমানসকলক ৰক্ষা কৰিবলৈ সংঘবদ্ধ হোৱাৰ উদগনি দিছে। যি সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে সংগ্ৰাম কৰি দেশৰ মানুহে তেজ দিছে, যদি কোনোবাই ইয়াত বহি তাৰ (সাম্প্ৰদায়িকতাৰ) বীজ বপন কৰিব বিচাৰে, তেন্তে সেয়া কি আপোনালোকে সহ্য কৰিব?[২]
  4. বংগৰ উৰ্বৰ মাটিত যেনেকৈ সোণ উপজে, ঠিক তেনেকৈ পৰজীৱীও উপজে! একে ধৰণে বাংলাদেশত কিছুমান ৰাজনৈতিক পৰজীৱী আছে, যিবোৰ বংগৰ জনসাধাৰণৰ বৰ্তমানৰ দুখ-দুৰ্দশাৰ বাবে দায়ী।[২]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. Who is Sheikh Mujibur Rahman, whose birth centenary Bangladesh is observing today (en ভাষাত). প্ৰকাশক: The Indian Express (17 March 2020).
  2. ২.০ ২.১ ২.২ ২.৩ বঙ্গবন্ধু শেখ মুজিবুৰ ৰহমানেৰ অমৰবাণী. প্ৰকাশক: bongquotes.com. আহৰণ কৰা হৈছে: 30 January 2022.

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]