সমললৈ যাওক

শশী শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

শশী শৰ্মা (ইংৰাজী: Sashi Sharmah) এজন শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱি আছিল৷[] তেওঁ নলবাৰী কলেজৰ অধ্যাপক আছিল৷[] তেওঁ অসমৰ এগৰাকী প্ৰবীণ বামপন্থী বুদ্ধীজীৱীও অছিল।[]

সাহিত্যত বিবৰ্তন

  1. সামাজিক বিবৰ্তনৰ লগে লগে সাহিত্যৰো বিবৰ্তন ঘটিছে। মধ্যযুগীয়া সাহিত্য আছিল প্ৰধানকৈ ভাববাদী, অলৌকিকতা বা অবাস্তৰ বিশ্বাসেই আছিল মধ্যযুগীয়া সাহিত্যৰ প্ৰাণ। আধুনিক যুগ বিজ্ঞানময় যুগ; বিজ্ঞান যুক্তিময়। এই কাৰণে আধুনিক যুগক যুক্তিবাদীযুগ বোলা হয়। হেগেলৰ ভাষাত,- "যুক্তিয়েই জগত নিয়ন্ত্ৰণ কৰিছে, গতিকে বিশ্বইতিহাসো হ'ব যুক্তিবাদী”। অযুক্তিকৰ, অবিবেচনাকৰ বা অলৌকিক বিশ্বাসৰ স্থান আজিৰ পৃথিবীৰপৰা ক্ৰমে ক্ৰমে লোপ পাব ধৰিছে। চেতনা বৃদ্ধিৰ লগে লগে যুক্তিৰ স্থানো ক্ৰমে ক্ৰমে বাঢ়ি আছে।[]
  2. সাহিত্য শিল্পৰ মূল লক্ষ্য হ'ল মুক্তি। এই মুক্তি সুস্থ জীৱন ধাৰণৰ কাৰণে সকলো প্ৰকাৰৰ বাধাৰপৰা মুক্তি, সংস্কাৰৰ সকলো প্ৰকাৰৰ শিকলিৰ বান্ধোনৰপৰা মুক্তি আৰু মনুষ্যত্বৰ সকলো প্ৰকাৰৰ গ্লানিৰ পৰা মুক্তি। এই প্ৰসঙ্গত মন কৰিব লগা কথা এয়ে যে অৰ্থ- নৈতিক মুক্তি বিনে আন সকলো প্ৰকাৰৰ মুক্তি ভ্ৰান্ত। অৰ্থ নৈতিক মুক্তিয়েহে মানুহক সৰ্বাঙ্গীন মুক্তিৰ পথত অনুপ্ৰাণিত কৰিব পাৰে। []
  3. সাহিত্য অলংকাৰ নহয়, সাহিত্য জীৱন আৰু জগতক নতুনকৈ গঢ়াৰ প্ৰেৰণামূলক অস্ত্ৰ। আজিৰ সাহিত্যই জীৱন্ত বাস্তৱ আৰু সত্য অনুভূতিক অবজ্ঞা কৰিব নোৱাৰে; আজিৰ সাহিত্যই সমাজতান্ত্ৰিক বাস্তৱবাদৰ ভেটিত সকলোৰে কাৰণে এখন পৰম আনন্দময়ী সমাজ গঢ়াত সহায় কৰিবই লাগিব।[]
  4. মানৱতাৰ নতুন ভৱিষ্যৎ মানেই হ'ল শ্ৰেণী আৰু শোষণহীন এখন নতুন পৃথিবী। এই নতুন পৃথিবীৰ নতুন মানুহে প্ৰতিভাশালী সুন্দৰ মনৰ লগতে সুন্দৰ আৰু নিপুণ হাতৰ কথাৰ ওপৰত, অৰ্থাৎ প্ৰতিভাৰ লগত শ্ৰমক সমানে গুৰুত্ব দিয়ে, বৰং প্ৰতিভাৰ মূলতেও শোষণহীন শ্ৰমৰ প্ৰভাৱহে স্বীকাৰ কৰে। এইখন নতুন পৃথিবীত মূৰ আৰু হাতৰ অৰ্থাৎ চিন্তা আৰু শ্ৰমৰ যুগপৎ বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।[]
  5. কিছুমান লেখক-সাহিত্যিক আছে যাৰ ৰচনাত শোষণ-নিপীড়ন, বঞ্চনা-অপমান আদিৰ চিত্ৰ চিত্ৰিত হয়, কিন্তু শ্ৰেণীশত্ৰু নিৰ্ণয় নহয়, তেওঁলোকে শ্ৰেণীশত্ৰুৰ বিৰুদ্ধে ঘৃণাৰো সৃষ্টি নকৰে। এওঁলোকো পেটি বুৰ্জোৱা মানসিকতা সম্পন্ন। এই শ্ৰণীৰ সাহিত্যিকে শুমকাৰী মানুহক বিভ্ৰান্ত কৰিবলৈ সৃষ্টি কৰে নিৰাশাবাদী সাহিত্য। কেৰল সৃষ্টি নিপু- ণতা প্ৰকাশ পালেই নহ'ব, সৃষ্টি হ'ব লাগিব মানৱতাৰ কল্যাণৰ কাৰণ, সৃষ্টিয়ে মানুহক আশা-বাসনাৰেও উদ্দীপ্ত কৰি তুলিব পাৰিব লাগিব।[]
  6. সঁচা প্ৰগতিবাদীয়ে, প্ৰকৃত সমাজতান্ত্ৰিক বাস্তৱবাদীয়ে চিৰ-স্বাধীনৰূপত শিৰ উন্নত কৰিয়ে ৰাখে। তেওঁ জাতি, ধৰ্ম, সম্প্ৰদায়, শ্ৰেণী আদিৰ বন্ধনৰপৰা মুক্ত, তেওঁ সকলো প্ৰকাৰৰ অন্ধ আৰু কু- সংস্কাৰৰ পৰাও মুক্ত; সমগ্ৰ বিশ্বৰ সমূহ শ্ৰমকাৰী মানুহৰ মাজত এক মহা সম্মিলনৰ মহান পথ গঢ়ি তোলাৰ অৰ্থে আত্মদান কৰিবলৈ তেওঁ প্ৰস্তুত। এই সত্যৰ সাধক শিল্পী-সাহিত্যিক সকল সকলো প্ৰকাৰৰ মোহৰ পৰাও মুক্ত, কোনোবো প্ৰতি অন্ধ অনুৰাগ বা আনুগত্য এওঁলোকৰ নাই।[]
  1. নিয়মীয়া বাৰ্তা. "বিশিষ্ট সাহিত্যিক শিক্ষাবিদ শশী শৰ্মাৰ দেহাৱসান", ২৯ জানুৱাৰী, ২০২০,.পৃষ্ঠাসমূহ. ১,১১. আহৰণ কৰা হৈছে 29 January 2020.
  2. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, & ১৯৮৬ p-সম্পাদনা পৃষ্ঠা.
  3. আমাৰ অসম. "প্ৰবীণ বামপন্থী বুদ্ধিজীৱী শশী শৰ্মাৰ দেহাৱসান", আমাৰ অসম, ২৯-০১-২০২০,.পৃষ্ঠাসমূহ. ১ আৰু ৮. আহৰণ কৰা হৈছে 29 January 2020.সাঁচ:Dead link
  4. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ১.
  5. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ৪.
  6. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ৬.
  7. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ৯.
  8. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ২৩.
  9. সাহিত্যত বিৱৰ্তন, সমন্বয় গ্ৰন্থালয়, দ্বিতীয় প্ৰকাশ, ১৯৮৬, পৃষ্ঠা. ৩১.