শশী থাৰুৰ

শশী থাৰুৰ (ইংৰাজী: Shashi Tharoor; জন্ম ৯ মাৰ্চ ১৯৫৬) এজন ভাৰতীয় তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদ, ৰাজনীতিবিদ, লেখক আৰু বুদ্ধিজীৱী। তেওঁ ২০০৯ চনৰ পৰা কেৰালাৰ তিৰুৱন্তপুৰমৰ পৰা লোকসভাৰ সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ পূৰ্বতে ৰাষ্ট্ৰসংঘৰ আণ্ডাৰ চেক্ৰেটেৰী জেনেৰেল আছিল আৰু ২০০৬ চনত মহাসচিব পদৰ বাবে প্ৰতিদ্বন্দিতা কৰিছিল।
তেওঁ তথ্য প্ৰযুক্তিৰ সংসদীয় স্থায়ী সমিতি আৰু সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। তেওঁ পূৰ্বতে বৈদেশিক পৰিক্ৰমা সংসদীয় স্থায়ী সমিতিৰ (২০১৪ - ২০১৯) অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত শশী থাৰুৰে ইংৰাজী ভাষাত এন এৰা অফ ডাৰ্কনেছ শীৰ্ষক অকাল্পনিক শ্ৰেণীৰ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে।
যুক্তৰাজ্যৰ লণ্ডনত জন্ম গ্ৰহণ কৰা আৰু ভাৰতত ডাঙৰ দীঘল হোৱা থাৰুৰে ১৯৭৫ চনত দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু ১৯৭৮ চনত টাফ্টছ বিশ্ববিদ্যালয়ৰ ফ্লেচাৰ স্কুল অৱ ল এণ্ড ডিপ্লোমেচীৰ পৰা আন্তৰ্জাতিক সম্পৰ্ক আৰু বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰি অধ্যয়ন সমাপ্ত কৰে। ২২ বছৰ বয়সত তেওঁ সেই সময়ত ফ্লেচাৰ স্কুলৰ পৰা এনে সন্মান লাভ কৰা সবাতোকৈ কনিষ্ঠ ব্যক্তি আছিল। ১৯৭৮ চনৰ পৰা ২০০৭ চনলৈ থাৰুৰ ৰাষ্ট্ৰসংঘৰ এজন কেৰিয়াৰ বিষয়া আছিল। তেওঁ ২০০১ চনত যোগাযোগ আৰু ৰাজহুৱা তথ্যৰ আণ্ডাৰ-চেক্ৰেটেৰী জেনেৰেল পদলৈ উন্নীত হৈছিল। ২০০৬ চনত ৰাষ্ট্ৰসংঘৰ মহাসচিবৰ বাবে বান কি-মুনৰ বাবে বাছনিত দ্বিতীয় স্থান লাভ কৰাৰ পিছত তেওঁ অৱসৰ ঘোষণা কৰে।