লাওজে
অৱয়ব
খ্ৰীষ্টপূৰ্ব ষষ্ঠৰ পৰা পঞ্চম শতিকাৰ চীনা দাৰ্শনিক লাওজে টাওবাদৰ জনক বুলি জনা যায়। তেওঁৰ আটাইতকৈ বিখ্যাত গ্ৰন্থ "টাও টে চিং" য'ত তেওঁ টাওবাদৰ মৌলিক ধাৰণা চুটিকৈ লিখিছে।
টাও টে চিঙৰ উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- যি টাওৰ বিৱৰণ দিব পৰা যায় সেয়া বাস্তৱ টাও নহয়, যি নাম সংজ্ঞায়িত কৰিব পৰা যায় সেয়া সনাতন নাম নহয় (চু টা কাও, ১৯০৪ অনুবাদ)
- ক'ব পৰা টাও সনাতন টাও নহয়, নাম ল'ব পৰা নাম সনাতন নাম নহয়, নামহীনেই স্বৰ্গ আৰু মৰ্ত্যৰ আদি (গিয়া-ফু ফেং আৰু জেন ইংলিছ, ১৯৭২ অনুবাদ)
- ক'ব পৰা টাও সনাতন টাও নহয়, নাম ল'ব পৰা নাম সনাতন নাম নহয়, নামহীনেই সনাতন বাস্তৱতা (ষ্টিফেন মিচেল, ১৯৯২ অনুবাদ)
- আপুনি যি পথে যাব পাৰে সেয়া বাস্তৱ পথ নহয়, আপুনি যি নাম ল'ব পাৰে সেয়া বাস্তৱ নাম নহয়, স্বৰ্গ আৰু মৰ্ত্য নামহীনত আৰম্ভ হয়: নামেই দহ হাজাৰ বস্তুৰ মাতৃ (উৰ্ছুলা লেগুইন, ১৯৯৮ অনুবাদ)
- টাও কুঁৱাৰ দৰে, ব্যৱহৃত কিন্তু শেষ নহয়। ই সনাতন শূন্যতাৰ দৰে, অসীম সম্ভাৱনীয়তাৰে ভৰা। ই গুপ্ত কিন্তু সদা উপস্থিত। মই নাজানোঁ ইয়াক কোনে জন্ম দিলে। ই ঈশ্বৰতকৈ পুৰণি (ষ্টিফেন মিচেল, ১৯৯২ অনুবাদ)
- আনক জনা বুদ্ধি, নিজৰ জনা প্ৰজ্ঞা। আনৰ ওপৰত পাৰ্গত্য বল, নিজৰ ওপৰত পাৰ্গত্য প্ৰকৃত শক্তি (ষ্টিফেন মিচেল, ১৯৯২ অনুবাদ)
- সৰ্বোচ্চ শ্ৰেণীৰ পণ্ডিতে টাওৰ কথা শুনিলেই লগে লগে গ্ৰহণ কৰে আৰু অভ্যাস কৰে। মধ্যমীয়া পণ্ডিতে আধৰুৱাকৈ সেই কাম কৰে। সৰ্বনিম্ন শ্ৰেণীৰ পণ্ডিতে তাৰ কথা শুনিলে হাঁহে। হাঁহি নাথাকিলে টাও নাথাকে
- এৰি দিলে সকলো হয়। বিশ্ব তেঁৱেই জয় কৰে যি এৰি দিয়ে। যদি আপুনি চেষ্টাৰ পাছত চেষ্টা কৰি থাকে, বিশ্ব বিজয়ৰ ঊৰ্ধত
- জ্ঞান অৰ্জন কৰিবলৈ নিতৌ বস্তু যোগ কৰক। প্ৰজ্ঞা অৰ্জন কৰিবলৈ নিতৌ বস্তু বিয়োগ কৰক
- যোনে জানে তেওঁ নকয়, যোনে কয় তেওঁ নাজানে
- যিমানেই মানুহৰ ওপৰত বাধা আৰোপ কৰা হয়, সিমানেই মানুহ দৰিদ্ৰ হৈ যায়
- হাজাৰ মীলৰ বাট এটা খুজেৰেই আৰম্ভ হয়
- ডাঙৰ দেশ শাসন কৰা সৰু মাছ ভজাৰ দৰে হয়
- যেতিয়া মানুহে আশ্চৰ্যৰ ভাৱ নাৰাখে, অঘটন ঘটিব
- মানুহ ভূকত মৰিল কাৰণ শাসকে অধিক কৰ জাপিলে
- বুদ্ধিমান মানুহে নিজৰ কথা প্ৰমাণিত কৰিব নালাগে, যি মানুহে নিজৰ কথা প্ৰমাণিত কৰিব লাগে তেওঁ বুদ্ধিমান নহয়।
- সঁচা কথা আড়ম্বৰপূৰ্ণ নহয়। আড়ম্বৰপূৰ্ণ কথা সঁচা নহয়।
ভুলকৈ লাওচেৰ বুলি দাবী কৰা
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মই নীতিহীনতাত ৰুচি নাৰাখোঁ, চাহৰ সোৱাদতহে ৰাখোঁ (লু টুঙৰহে)
- মানুহ এগৰাকীক মাছ এটা দিয়ক আৰু তেওঁ এসাজ খাব। তেওঁক মাছ মাৰিবলৈ শিকাওক আৰু তেওঁ আজীৱন খাব (উৎস অজ্ঞাত)
- কোৱা আৰু মই পাহৰি যাম। দেখোঁৱা আৰু মই মনত ৰাখিম। জড়িত কৰা আৰু মই বুজিম (কনফুচিয়াচৰ বুলিও ভুলতে প্ৰায় কোৱা হয়। বাস্তৱতে শ্বুন জিৰহে)