সমললৈ যাওক

যীশুখ্ৰীষ্ট

ৱিকিউদ্ধৃতিৰ পৰা

যীশুখ্ৰীষ্ট (ইংৰাজী: Jesus Christ; খ্ৰীষ্টপূৰ্ব ৪ অব্দ – আনুমানিক ৩০ খ্ৰীষ্টাব্দ) আছিল এজন খ্ৰীষ্টান ধৰ্মৰ ধৰ্মপ্ৰচাৰক। তেখেতক নাজাৰেথৰ যীশু (ইংৰাজী: Jesus of Nazareth) বা যীশু খ্ৰীষ্ট (ইংৰাজী: Jesus Christ) নামেৰেও অভিহিত কৰা হয়। খ্ৰীষ্টান সকলে বিশ্বাস কৰে যে, তেখেত হ'ল ঈশ্বৰপুত্ৰ আৰু পুৰণা নিয়মত যিজন মছিহ (খ্ৰিষ্ট, অভিষিক্ত ব্যক্তি) সম্পৰ্কে ভবিষ্যদ্বাণী কৰা হৈছে, সেইজনেই এই মছিহ।

  1. শ্ৰম নকৰাকৈ ভাত মোকলোৱাৰ কাৰো অধিকাৰ নাই। শ্ৰম নকৰি আহাৰ খোৱাসকল চুৰ কৰি আহাৰ খোৱাৰ দৰে।[উৎসৰ প্ৰয়োজন]
  2. পাপীয়ে সদায় পোহৰলৈ ভয় কৰে, কাৰণ পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়৷[উৎসৰ প্ৰয়োজন]
  3. পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা৷[উৎসৰ প্ৰয়োজন]
  4. তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তোমালোকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চোৱা৷[উৎসৰ প্ৰয়োজন]
  5. "জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই।"[উৎসৰ প্ৰয়োজন]