যীশুখ্ৰীষ্ট
অৱয়ব


যীশুখ্ৰীষ্ট (ইংৰাজী: Jesus Christ; খ্ৰীষ্টপূৰ্ব ৪ অব্দ – আনুমানিক ৩০ খ্ৰীষ্টাব্দ) আছিল এজন খ্ৰীষ্টান ধৰ্মৰ ধৰ্মপ্ৰচাৰক। তেখেতক নাজাৰেথৰ যীশু (ইংৰাজী: Jesus of Nazareth) বা যীশু খ্ৰীষ্ট (ইংৰাজী: Jesus Christ) নামেৰেও অভিহিত কৰা হয়। খ্ৰীষ্টান সকলে বিশ্বাস কৰে যে, তেখেত হ'ল ঈশ্বৰপুত্ৰ আৰু পুৰণা নিয়মত যিজন মছিহ (খ্ৰিষ্ট, অভিষিক্ত ব্যক্তি) সম্পৰ্কে ভবিষ্যদ্বাণী কৰা হৈছে, সেইজনেই এই মছিহ।
উদ্ধৃতিসমূহ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- শ্ৰম নকৰাকৈ ভাত মোকলোৱাৰ কাৰো অধিকাৰ নাই। শ্ৰম নকৰি আহাৰ খোৱাসকল চুৰ কৰি আহাৰ খোৱাৰ দৰে।[উৎসৰ প্ৰয়োজন]
- পাপীয়ে সদায় পোহৰলৈ ভয় কৰে, কাৰণ পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়৷[উৎসৰ প্ৰয়োজন]
- পাপক ঘৃণা কৰিবা কিন্তু পাপীক ঘৃণা নকৰিবা৷[উৎসৰ প্ৰয়োজন]
- তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ মৰম কৰা আৰু তোমালোকৰ শত্ৰুবিলাককো প্ৰেমৰ চকুৰে চোৱা৷[উৎসৰ প্ৰয়োজন]
- "জ্ঞানৰ নিচিনা পবিত্ৰ একোৱেই নাই।"[উৎসৰ প্ৰয়োজন]
- তুমি আনক ক্ষমা কৰিলে ঈশ্বৰেও তোমাক ক্ষমা কৰিব। মাগিলে পায়, খুন্দিয়ালে দুৱাৰ মুকলি হয়, মন কৰিলে ছন্ হয় আৰু যত্ন কৰিলে ৰত্ন মিলে।[১]
- ধৰ্ম্ম জীৱন লাভৰ কাৰণে সংসাৰ এৰিবৰ আৱশ্যক নাই। একোজন আদৰ্শ গৃহস্থ একোটা খুটাৰ ওপৰত জ্বলি থকা বন্তিৰ দৰে। তেওঁলোকৰ আৰ্হিয়ে পৃথিবীলৈ শান্তি আনে। [১]
- কেতিয়াও কোনো কথাতে শপত নাখাবা। কাৰণ তুমি ইচ্ছা কৰি এডাল কলা চুলিকো বগা কৰিব নোৱাৰা।[১]
- প্ৰতিহিংসাক মনত ঠাই নিদিবা। বৰং কোনোৱে তোমাৰ সোঁখন গালত চৰিয়ালে, তুমি তেওঁক বাওঁখন গাল পাতি দিবা।[১]
- মগনীয়াক বিমুখ নকৰিবা! আপদত পৰি ধন ধাৰে বিচাৰিলে পৰাপক্ষত দি সহায় কৰিবা।[১]
- শত্ৰু-মিত্ৰ সকলোকে সমান চকুৰে চাবা। কোনোৱে তোমাৰ অপকাৰ কৰিলে তুমি তেওঁৰ উপকাৰহে কৰিবা কোনোৱে তোমাক হিংসা কৰিলে, তাৰ ভালৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিবা।[১]
- তুমি আমি সকলো সেই একেজন পৰম পিতাৰ সন্তান। তেওঁ স্ৰজা সূৰ্য্যই পাপী-তাপী, সাধু-অসাধু, চহকী, দুখীয়া সকলোকে সমানে তাপ আৰু পোহৰ দিয়ে। ভালক ভাল পোৱাত বা উপকাৰীক উপকাৰ কৰাত একো মহত্ব নাই। যি অপকাৰীৰ উপকাৰ কৰে, যি পাপীক ভাল পায়, তেওঁ হে মহৎ।[১]
- তুমি আনৰ পৰা যেনে ব্যৱহাৰ পাবলৈ আশা কৰা, আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।[১]
- যদি তুমি স্বৰ্গৰাজ্য পাব খোজা, তেন্তে তোমাৰ যথা সৰ্ব্বস্ব দান কৰি দুখীয়া হৈ মোৰ ওচৰলৈ আহা।[১]
- পাপীয়ে সদায় পোহৰলৈ ভয় কৰে। কিয়নো জানোচা পোহৰত তাৰ স্বৰূপ প্ৰকাশ পায়। কিন্তু যি পুণ্যবান, তেওঁক ভয়-ডৰ নাই; তেওঁৰ সদায় পোহৰলৈহে ধাউতি।[১]
- যি অহঙ্কাৰ নকৰে, তেওঁ স্বৰ্গবাসী হয়। যি কু-কাম কৰি অনুতাপ কৰে, তেওঁ আনন্দ পায়। যি বিনয়ী পৃথিবীত তেওঁৰ প্ৰতিপত্তি বাঢ়ে। যি ধাৰ্ম্মিক, তেওঁ সকলো কামতে সিদ্ধি লাভ কৰে। যি দয়াশীল, তেওঁক সকলোৱে ক্ষমা কৰে। যাৰ অন্তঃকৰণ পবিত্ৰ, তেওঁ ঈশ্বৰৰ সাক্ষাত পায়। যি শান্তি স্থাপন কৰে, তেওঁ ঈশ্বৰৰ প্ৰিয় সন্তান। যি সত্যধৰ্ম্ম প্ৰচাৰৰ কাৰণে নীৰৱে সকলো যন্ত্ৰণা সহ্য কৰে, তেওঁৰ স্বৰ্গবাস হয়। যি পৰৰ কাৰণে সকলো দুখ-কষ্ট গা পাতি লয়, তেওঁৰ কাৰণে ভগবানে স্বৰ্গত যথেষ্ট পুৰস্কাৰৰ ব্যৱস্থা কৰে।[১]
- ঈশ্বৰক গোপনে প্ৰাৰ্থনা কৰিবা। কপটী মানুহৰ লোকক দেখুৱাই চিঞৰি প্ৰাৰ্থনা কৰিবৰ আৱশ্যক নাই।[১]
- ঈশ্বৰৰ নামত গোপনে উপবাস কৰিবা। ভণ্ড তপস্বীৰ দৰে মুখ শুকুৱাই তাক আনৰ আগত নকবা। চাবা, তুমি উপবাসে আছা বুলি যেন আনে ধৰিব নোৱাৰে।[১]
- ঈশ্বৰক যদি পাব খোজা, তেওঁত একান্ত শৰণ লোৱা। তোমাৰ যি আছে, দুখী-দৰিদ্ৰক দান কৰা। কাইলৈ কি খাব৷, নাভাবিবা। দয়াময় পিতাই নিজে তোমাৰ সকলো অভাৱ পূৰণ কৰিব।[১]
উৎস
[সম্পাদনা কৰক | উৎস সম্পাদনা]বাহ্যিক সংযোগ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- Gutenberg eText of the King James Version of the Holy Bible recognized as one of the most beautiful but not necessarily perfect translations by most Protestant denominations; it is the most quoted translation by English-speaking people, Christian and non-Christian.
- Gutenberg eText of "Old Testament" Apocrypha
- Gutenberg eText of a "Douay-Rheims" version of the Holy Bible such as is recommended by Roman Catholic authorities.
- New American Bible
Gospel of Thomas:
- 5 translations of the Coptic text presented in parallel format, + 3 from the Greek
- SPLIT SCREEN Versions of The Gospel of Thomas This is one of the most informative presentations available, for those whose browsers will permit its use.
- Gospel of Thomas as translated by Lambdin from the Coptic texts; and Grenfell, Hunt, and Layton from the Greek fragments
- Gospel of Thomas + Commentary
- Coptic-English INTERLINEAL Gospel of Thomas
- List of Gospel of Thomas versions Online
