সমললৈ যাওক

য়েছে দৰজে ঠংচি

ৱিকিউদ্ধৃতিৰ পৰা
য়েছে দৰজে ঠংচি

য়েছে দৰজে ঠংচি (ইংৰাজী: Yese Dorjee Thongchi) এগৰাকী বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। ‘জোনবাই’ নামৰ কবিতা লিখি সাহিত্যিক জীৱন আৰম্ভ কৰা ঠংচিয়ে স্কুলীয়া দিনৰে পৰা সাহিত্য-চৰ্চাত মনোনিবেশ কৰিছিল। প্ৰথমাৱস্থাত কবিতা আৰু নাটক ৰচনাতে নিজৰ সৃষ্টিক আবদ্ধ কৰি ৰাখিছিল যদিও পিছলৈ গল্প আৰু উপন্যাসলৈ তেওঁ সাহিত্য কৰ্মৰ প্ৰসাৰণ ঘটায়। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘মনোৰঞ্জন’, ‘প্ৰান্তিক’, ‘গৰীয়সী’ আদি আলোচনীৰ পাতত সিঁচৰতি হৈ আছে। তেওঁ মৌন ওঁঠ মুখৰ হৃদয় নামৰ উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা আৰু ভাষা ভাৰতী সাহিত্য পুৰস্কাৰ লাভ কৰে আৰু ‘পাপৰ পুখুৰী’ নামৰ গল্প সংকলনৰ বাবে অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটা লাভ কৰে। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[]

  1. ইংৰাজী মাধ্যমৰ শিক্ষা ব্যৱস্থাই বিপৰ্যয় মাতিলেও অৰুণাচল প্ৰদেশত এতিয়াও অসমীয়া ভাষা সাহিত্যৰ চৰ্চা ব্যক্তিগত উদ্যোগত অব্যাহত আছে৷ অৰুণাচলৰ ভিতৰুৱা অঞ্চলত মানুহে এতিয়াও অসমীয়া ভাষাই ব্যৱহাৰ কৰে৷ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা৷[]
  2. বিভিন্নজনে অসমীয়াত গল্প, উপন্যাস, কবিতা লিখি আছে৷ তেওঁলোকক উলিয়াই অনা বাবে পদক্ষেপ লোৱা হৈছে৷ চৰ্চা হ’লে অৰুণাচলত অসমীয়া ভাষা পুনৰ আগৰ দৰেই জাতিষ্কাৰ হৈ উঠিব৷[]
  3. অসমৰ সাহিত্যপ্ৰেমী ৰাইজৰ দাবীৰ আগত শিৰনত কৰি মই অসম সাহিত্য সভাৰ সভাপতি পদৰ প্ৰাৰ্থী হ’বলৈ মনস্থ কৰিছোঁ৷ অসম সাহিত্য সভা, জিলা সাহিত্য সভাৰ তথা শাখা সাহিত্য সভাসমূহৰ লগতে অসমবাসী ৰাইজৰ সঁহাৰি আশা কৰিছোঁ৷[]
  4. অসমক বাদ দি অৰুণাচল সম্পূৰ্ণ হ’ব নোৱাৰে। []
মৌন ওঁ‌ঠ মুখৰ হৃদয়
  • চেৰদুকপেন জনজাতি সকলে অতীজৰেপৰা অসমৰ সৈতে বেহা-বেপাৰ কৰি আহিছে। অসমত সিহঁতৰ মিতিৰ-কুটুম আছে। প্ৰত্যেক বছৰে জাৰৰ দিনত সিহঁত পো-পৰিয়ালৰ সৈতে দৈমাৰা নামৰ ঠাইলৈ নামি যায়। তাতেই বাহৰ পাতি থাকি অসমৰ অসমীয়া আৰু কছাৰী গাঁৱত সিহঁতে নিজৰ মিতিৰ-কুটুম্বৰ ঘৰলৈ যায়। প্ৰচলিত ৰীতি অনুসৰি চেদুকপেন সকলে শুকান জলকীয়া, শুকান মূলা ইত্যাদি নিজৰ মিতিৰক দিয়ে আৰু মিতিৰসকলে ধাৰ্য থকা হিচাপত ধান দিয়ে, তামোল-পাণ দিয়ে।[]
  • এই বহল নীলা আকাশৰ তলত, সু-উচ্চ এই চাকু পাহাৰৰ বুকুত আজিৰ পৰা এটা নতুন জীৱন আৰম্ভ হল। ইয়াত সকলোৱেই অঘৰী, সকলোৱেই চৰাইৰ দৰে মুক্ত। কাৰো ইয়াত মাক-ডেউতাক নাই, কাৰো অভিভাৱক নাই, নাই সমাজৰ কটকটীয়া বান্ধোন। দলৰ প্ৰায়ভাগ মানুহেই যৌৱনৰ বলিয়া বতাহত উৰিফুৰা চঞ্চল ডেকা-গাভৰু। অবিবাহিত। মনৰ বান্ধোন চিঙি সিহঁতে যিমান পাৰে সিমান সুখ বুটলিব; হাঁহি-তামচা-ফূৰ্টি কৰিব, প্ৰাণ ভৰি দেহ আৰু মনৰ ভালপোৱা উপভোগ কৰিব। পৃষ্ঠা-১৯
  • আজি আকৌ কৰবাৰপৰা এদল নতুন মানুহ আহিছে। একেবাৰে আচহুৱা সাজপাৰ, আচহুৱা কথা-বতৰা। এই ডনি পলৰ পৃথিৱীখনত আমাৰ বাংনিসকলৰ বাহিৰেও যে আৰু কিমান বিচিত্ৰ জাতিৰ মানুহ আছে, ইয়ালৈ অহাৰ আগতে মই কল্পনাও কৰিব পৰা নাছিলোঁ। মই ভাবিছিলোঁ পৃথিবীখনত আমাৰ বাংনি আৰু চুলুং মানুহখিনিহে আছে। পৃষ্ঠা-২২
  • একেখন পাহাৰতে থাকিও এতিয়াও ইটো জনজাতিয়ে সিটো জনজাতিক চিনি নাপায়, চিনিপালেও যুগ যুগৰ পৰা সিহঁতৰ মাজৰ শত্ৰুতাৰ কাৰনে এতিয়াও ইটোৱে সিটোক সন্দেহৰ চকুৰে চায়, আগবাঢ়ি আহি মিলিব নোখোজে, একেলগে থাকিব নিবিচাৰে, একেলগে কাম কৰিব নিবিচাৰে। এই ৰাস্তাৰ নিৰ্মাণৰ সময়ত আমি বেলেগ বেলেগ জনজাতিক একে লগে ৰাখি একেলগে কাম কৰাই সিহঁতৰ পৰস্পৰৰ ওপৰত থকা সন্দেহ গুছাৰ লাগিব, সিহঁতৰ মাজত মিলা-প্ৰীতিৰে ভাই-বন্ধু সম্পৰ্ক গঢ়ি তুলিব লাগিব। পৃষ্ঠা-৩৪
  • আমি সকলোৱে মিলি বনাই থকা এই ৰাস্তাটোৱে যেনেকৈ পাহাৰৰ লগত ভৈয়ামক লগ লগাই দিব, ঠিক তেনেকৈ তহঁতৰ ট্ৰাইবেল মানুহবিলাকৰ মনকো একেলগ কৰি, একে জাতি কৰি একে মানুহ নিচিনা কৰিব। আমি জানিছে তহঁতে একে পাহাৰীয়া মানুহ হ’লেও এক দুচৰা লগত ভালদৰে নাই জানিছে। ৰাস্তা হৈ গলে তোমাৰ বিলাক এক দুচৰাৰ লগত জানিবলৈ, এক দুচৰাৰ ওচৰত অহা-যোৱা কৰিবলৈ, বেপাৰ-বাণিজ্য কৰিবলৈ বহুত বহুত সুবিধা পাব। পৃষ্ঠা-৩৬
  • কেতিয়াবা মনটো ইমান ভাল লাগে যে পৃথিবীখনত দুখ বোলা বস্তু এটা যে আছে সেই কথা মই সম্পূৰ্ণ পাহৰি যাওঁ। কেতিয়াবা মনটো ইমান বিমৰ্ষ হৈ পৰে যে জীয়াই থকাৰ হেঁপাহ একেবাৰে নাইকীয়া হৈ যায়। পৃষ্ঠা-৪১
  • এই পথ নিৰ্মাণ প্ৰক্ৰিয়া শেষ হ’লে, ভৈয়ামৰ সৈতে পাহাৰ সংলগ্ন হ’লে, শিক্ষাৰ পোহৰ বিলাবলৈ, জনজাতীয় মানুহৰ স্বাস্থ্যৰ সেৱা কৰিবলৈ, সিহঁতৰ উন্নতিৰ হকে, সিহঁতৰ মঙ্গল কাৰ্যৰ বাবে বহুতো ভাল ভাল মানুহ আহিব এই বাটেদি। কিন্তু লগতে এই বাটেদি আহিব অসংখ্য শোষণ কাৰীৰ দল। আহিব চোৰ ডকাইত, মুখা পিন্ধা ভদ্ৰলোক। এদিন এই পাহাৰৰ মাজতো বিৰাজ কৰিব অশান্তি অসন্তোষ। বাহিৰা কৃষ্টি, সংস্কৃতি, ভাষা, সাজ-পাৰ, ৰীতি-নীতিৰ আক্ৰমনত ইয়াৰ জনজাতীয় কৃষ্টি সংস্কৃতি লোপ পাব, সাজ-পাৰ নাইকিয়া হব, নিজৰ ধৰ্ম নিঃশেষ হব, ভাষা লোপ পাব। সংখ্যাগৰিষ্ঠ জাতিৰ লগত তিষ্ঠিব নোৱাৰি সংখ্যালঘু জনজাতি বিলাক প্ৰায় নিঃশেষ হৈ যাব। পৃষ্ঠা-৬২
  • সমাজৰ প্ৰাচীৰখন বোধকৰো চাকু পাহাৰখনতকৈ ডাঙৰ, কঠিন। চাকু পাহাৰৰ বুকু কাটি বাট নিৰ্মাণ কৰিব পাৰি, কিন্তু সমাজৰ প্ৰাচীৰ ভেদি বাট নিৰ্মাণ কৰিব নোৱাৰি। পৃষ্ঠা-১৪৮
  1. Padma Vibhushan for Mary Kom, Padma Bhushan for SC Jamir, Padma Shri for 13 others from Northeast. প্ৰকাশক: NENOW (25 January 2020).
  2. ২.০ ২.১ অসমীয়া ভাষাই অৰুণাচলৰ আপোন ভাষা, নিজৰ ভাষা৷. আহৰণ কৰা হৈছে: 27 জুলাই 2023.
  3. য়েচে দৰজে ঠংচি. আহৰণ কৰা হৈছে: 27 জুলাই 2023.
  4. "সাপ্তাহিক গণকণ্ঠৰ বৰ্ষপূৰ্তি অনুষ্ঠান". দৈনিক অসম: ৩. ১৩ মাৰ্চ ২০২৫. 
  5. য়েছে দৰজে ঠংচি (২০০১)। মৌন ওঁঠ মুখৰ হৃদয়, পৃষ্ঠা:১৪।
:w:
:w: