সমললৈ যাওক

যজ্ঞেশ্বৰ শৰ্মা

ৱিকিউদ্ধৃতিৰ পৰা

যজ্ঞেশ্বৰ শৰ্মা (ইংৰাজী: Jageswar Sharma; ১৯০৬-১৯৯৮) এজন অসমীয়া সাহিত্যিক, প্ৰবন্ধকাৰ,অনুবাদক, সাহিত্যৰ সমালোচক ,অধ্যাপক। তেখেতে ১৯৭৬ চনৰ ‘অসম সাহিত্য সভা’ৰ টিহু অধিবেশনত সভাপতিত্ব কৰিছিল[১]। সাহিত্য জগতলৈ বৰঙনি আগবঢ়োৱাৰ উপৰিও শৰ্মা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক দিশতো আগৰণুৱা আছিল। তেখেত নগাঁও মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।[২]

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১৯৩০ চনত জগন্নাথ বৰুৱা কলেজ যেতিয়া কৰা হ'ল, তেতিয়া তিনি বছৰ আমি কেবাজনেও অবৈতনিকভাৱে খাটি কলেজখন স্থাপন কৰি দিছিলো আৰু প্ৰথমতে মই ১৯৩৫ চনত ৩০ টকাকৈ পাইছিলো আৰু অসমীয়া পঢ়ুৱাৰ কাৰণে পাঁচ টকা পাইছিলো।[৩]
  2. মই সংক্ষেপে কথা ক’বলৈ বিচাৰো৷ আৰু তদুপৰি মোৰ বিশ্বাস যে কেৱল সংখ্যাৰ দ্বাৰাই কোনো মানুহৰ বা কোনো সাহিত্যৰ গুণ নিৰ্ণয় কৰিব নোৱাৰি৷[৪]
  3. সাহিত্য মাত্ৰেই একপ্ৰকাৰ জীৱনৰ সমালোচনা। কবিতাও হওক বা প্ৰবন্ধই হওক জীৱনৰ সমালোচনা। সমালোচনাৰ গতিটোহে বেলেগ। কাব্যৰ সমালোচনাৰ গতি বেলেগ, প্ৰবন্ধৰ বেলেগ। মোৰ প্ৰবন্ধবিলাকত কাব্যৰ সমালোচনা আছে, সমাজৰ সমালোচনা আছে, ব্যক্তিৰ সমালোচনাও নোহোৱা নহয়।[৫]
  4. মোৰ যিবিলাক কবিতা বুলি ওলাইছে সেইবোৰ কবিতা বুলি মই নিজে ক'ব নোখোজো। প্ৰবন্ধ বুলিহে ক'ব খোজো। সেই প্ৰবন্ধবিলাক সাধাৰণতে সমালোচনাই একৰকম। কিয়নো তাত বৰ্তমান কালত আমাৰ সমাজখন যি বাটেদি গৈছে, আমাৰ পৃথিৱীখনত যিবিলাক ঘটিছে কেউফালে, সেইবিলাক তাত আছে আৰু সেইবিলাক মই নিজৰ দৃষ্টিভংগীৰে সৈতে চাইছো আৰু প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছো। সেই কাৰণে মোৰ এই প্ৰচেষ্টা সমালোচনাত্মক হ'বলৈ বাধ্য।[৫]
  5. আমাৰ আধুনিক শিক্ষাৰ প্ৰচলনৰ বিশেষ আৱশ্যক হৈছে। আৰু আধুনিক শিক্ষা, বিশেষকৈ বিজ্ঞান শিক্ষা, এই বিজ্ঞান শিক্ষা নহ'লে মানুহৰ যুক্তিযুক্ততা নাহে। আমাৰ দেশত যুক্তিতকৈ অনুভূতিৰ দ্বাৰাইহে মানুহ বেছিকৈ চৰি আহিছে। [৬]
  6. বৰ্তমান সকলো ক্ষেত্ৰতে দেখা যায় কি ৰাজনীতি কি অন্য ক্ষেত্ৰত - সকলো মানুহ অনুভূতিৰ দ্বাৰাই পৰিচালিত। অনুভূতিয়ে যেতিয়া মানুহক লৈ যাব খোজে তেতিয়া যুক্তিৰ প্ৰয়োজন। আৰু সেই যুক্তিৰ প্ৰাধান্য আমাৰ দেশত এতিয়াও হ'বলৈ বাকী আছে আৰু যেতিয়ালৈকে যুক্তিৰ প্ৰাধান্য নহয় তেতিয়ালৈকে ভাৰতৰ নবজাগৃতি আহিছে বুলি মই ক'ব নোৱাৰো। [৬]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা সাঁচ:Webarchive ‘অসম সাহিত্য সভা’ৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
  2. ত্ৰিদিপ গোস্বামী। পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ। অনন্ত হাজৰিকা, বনলতা প্ৰকাশন, পৃষ্ঠা:১২৬, ১২৭।
  3. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ সূৰ্য দাস, ২০২৩, পৃষ্ঠা. ৩৩০.
  4. সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ সূৰ্য দাস, ২০২৩, পৃষ্ঠা. ৩৩২.
  5. ৫.০ ৫.১ সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ সূৰ্য দাস, ২০২৩, পৃষ্ঠা. ৩৩৪.
  6. ৬.০ ৬.১ সাক্ষাৎকাৰ, সম্পাদনাঃ বেদান্ত পূজাৰী, বনলতা, সাক্ষাৎগ্ৰহণঃ সূৰ্য দাস, ২০২৩, পৃষ্ঠা. ৩৩৭.