সমললৈ যাওক

মেক্সমুলাৰ

ৱিকিউদ্ধৃতিৰ পৰা
যেতিয়াই আমি কোনো ধৰ্মৰ প্ৰথম আৰম্ভণিৰ পৰাই বিচাৰি উলিয়াব পাৰোঁ, তেতিয়াই আমি ইয়াক পিছৰ অৱস্থাত প্ৰভাৱিত কৰা বহুতো দোষৰ পৰা মুক্ত বুলি বিবেচনা কৰোঁ।

ফ্ৰেড্ৰিখ মেক্স মুলাৰ (৬ ডিচেম্বৰ ১৮২৩ – ২৮ অক্টোবৰ ১৯০০), যি চমুকৈ মেক্স মুলাৰ (বা মুলাৰ) নামেৰে পৰিচিত আছিল এগৰাকী জাৰ্মান ভাষাবিজ্ঞানী আৰু প্ৰাচ্যবিদ। তেওঁ তুলনামূলক ধৰ্মৰ শাখাৰ এজন প্ৰধান পথ প্ৰদৰ্শক আছিল।

ইতিহাসে যেন শিকাইছে যে সময়ৰ পূৰ্ণতাত খ্ৰীষ্টান ধৰ্মৰ সত্যতা স্বীকাৰ কৰাৰ আগতে সমগ্ৰ মানৱ জাতিটোক ক্ৰমান্বয়ে শিক্ষাৰ প্ৰয়োজন আছিল
বেদৰ অনুবাদে ইয়াৰ পিছত ভাৰতৰ ভাগ্য আৰু সেই দেশৰ লাখ লাখ আত্মাৰ বৃদ্ধিৰ বিষয়ে বহু পৰিমাণে ক’ব।
যেতিয়া কোনো ধৰ্মই বিশ্বাসৰ ৰক্ষক, ভাববাদী, নেতা, শ্বহীদ উৎপন্ন কৰা বন্ধ কৰি দিয়ে, তেতিয়া ই শব্দটোৰ প্ৰকৃত অৰ্থত...জীয়াই থকা বন্ধ কৰি দিয়ে
যদি মোক সোধা হয় যে কোন আকাশৰ তলত মানুহৰ মনটোৱে নিজৰ কিছুমান পছন্দৰ উপহাৰ আটাইতকৈ সম্পূৰ্ণৰূপে বিকশিত কৰিছে, জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাবোৰৰ ওপৰত আটাইতকৈ গভীৰভাৱে চিন্তা কৰিছে... মই ভাৰতলৈ আঙুলিয়াই দিয়া উচিত।
  1. "নদী একেদৰেই বৈ থাকে, জীৱনৰ গতিও একে, কিন্তু গতিপথত নদীয়ে পাৰৰ বিচিত্ৰ ৰূপ দেখাৰ জীৱনেও ন ন ৰূপ পৰিগ্ৰহণ কৰে।"[]
  2. ১৮৮২ চনত “হিন্দুসকলৰ চৰিত্ৰ”ৰ প্ৰতিৰক্ষাৰ বাবে দিয়া বক্তৃতাত শেষৰ দুটা সাক্ষ্য দিয়া প্ৰখ্যাত ব্যক্তি ফ্ৰেড্ৰিখ মেক্স মুলাৰেই আছিল আৰু তেওঁ উল্লেখ কৰিছিল: নিশ্চয়কৈ অত্যন্ত আচৰিত কথা যে যেতিয়াই গ্ৰীক ভাষাত হওক বা চীনা ভাষাত হওক বা পাৰ্চী ভাষাত হওক বা আৰবী ভাষাতে হওক; ভাৰতীয়সকলৰ জাতীয় চৰিত্ৰৰ পৃথক বৈশিষ্ট্যসমূহ বৰ্ণনা কৰাৰ যিকোনো প্ৰচেষ্টা আমি লগ পাওঁ, সত্য আৰু ন্যায়ৰ প্ৰতি সন্মানৰ কথা সদায় প্ৰথমে উল্লেখ কৰা উচিত।[]
  3. আমি সকলোৱে পূবৰ পৰা আহিছোঁ— আমি আটাইতকৈ বেছি মূল্য দিয়া সকলোবোৰ আমাৰ ওচৰলৈ পূবৰ পৰা আহিছে, আৰু পূবলৈ যোৱাৰ সময়ত... সকলোৱে অনুভৱ কৰা উচিত যে, তেওঁ স্মৃতিৰে ভৰা নিজৰ 'পুৰণি ঘৰ'লৈ যাব, যদিহে তেওঁ সেইবোৰ পঢ়িব পাৰে।[]
  4. বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ মাজত যে আচৰিত ধৰণৰ কাকতলীয়া সংযোগ আছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি, আৰু একেদৰেই স্বীকাৰ কৰিব লাগিব যে খ্ৰীষ্টান ধৰ্মৰ কমেও ৪০০ বছৰ আগতে বৌদ্ধ ধৰ্মৰ অস্তিত্ব আছিল। মই অধিক আগুৱাই যাওঁ, আৰু যদি কোনোবাই মোক বৌদ্ধ ধৰ্মই আদিম খ্ৰীষ্টান ধৰ্মক প্ৰভাৱিত কৰা ঐতিহাসিক চেনেলবোৰ আঙুলিয়াই দিয়ে তেন্তে মই অত্যন্ত কৃতজ্ঞ অনুভৱ কৰা উচিত।[]
  5. হয়তো আমি স্বীকাৰ কৰিব লাগিব যে ৩০০০ বছৰ আগতে ভাৰতৰ মানুহে কি ভাবিব লাগিছিল সেই বিষয়ে আমাৰ সকলো ধাৰণা আমাৰ অন্তৰ্নিহিত চেতনাৰ পৰাই বিকশিত হৈছে আৰু আমি তথ্যবোৰ হজম কৰিবলৈ শিকিব লাগিব যদিও সেইবোৰ আমাৰ ৰুচি আৰু আমাৰ পূৰ্বধাৰণাৰ সৈতে ঐকমত্য নহয়।[]
  1. ক্ৰিষ্টি ব্ৰাউন আৰু মই, জুলী বৰুৱা
  2. quoted in Danino, M., & Nahar, S. (1996). The invasion that never was (1st ed). Mother’s Institute of Research & Mira Aditi, Mysore, India.
  3. in Georg Feuerstein, Subhash Kak, and David Frawley. - In search of the cradle of civilization _ new light on ancient India-Quest Books (2011)
  4. in The Circle of Memory_ An Autobiography - Subhash Kak
  5. quoted in Subrata Chattopadhyay Banerjee - The Development of Aryan Invasion Theory in India, A Critique of Nineteenth-Century Social Constructionism-Springer (2020)