মৃত্যু
অৱয়ব
মৃত্যু হৈছে এনে এটা অৱস্থা য'ত এটা জীৱৰ সকলো জৈৱিক ক্ৰিয়া বন্ধ হৈ যায়। বৰ্দ্ধিত বয়স, চিকাৰ, অপুষ্টি, ৰোগ, আত্মহত্যা, হত্যা, আকাল, জলাভাৱ, আৰু দুৰ্ঘটনা অন্য আঘাত যাৰ বাবে চূড়ান্ত আভ্যন্তৰিণ ক্ষতি আদিৰ বাবে জীৱৰ মৃত্যু হ'ব পাৰে। মৃত্যুৰ ঠিক পিছৰে পৰা জীৱদেহ পচিবলৈ আৰম্ভ কৰে। মৃত্যুক সাধাৰণতে দূখজনক বা বেয়া ঘটনা বুলি বিবেচনা কৰা হয়, কাৰণ মৃত্যুৰ পিছত মৃতক জনৰ লগত থকা সকলো আবেগিক বান্ধোনৰ অন্ত পৰে, বা মৃত্যুৰ ভয়, নেক্ৰ'ফ'বিয়া, দূঃচিন্তা, দূখ, শোক, আবেগিক বেদনা, অৱসাদ, সহানুভূতি, দয়া, নিঃসংগতা, বা নিৰুদ্দেশ।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]- মৃত্যুক বিচাৰি নুফুৰিবা৷ মৃত্যুৱে নিজে তোমাক বিচাৰি উলিয়াব, কিন্তু বিচাৰিবলৈ চেষ্টা কৰা সেই পথ, যিটো পথে মৃত্যুৰ পিছতো তোমাক জীৱনৰ পূৰ্ণতা দিব৷ ( ডাগ হোমাৰশ্বিল্ড)[১]
- মৃত্যু কেতিয়াবা দান, কেতিয়াবা শান্তি আৰু কেতিয়াবা দুৰ্ভাগ্য হৈ আহে৷ (ছেনেকা)[১]
- আন সকলো কথাৰ দৰে মৃত্যুও এক শিল্প৷ (ছিলভিয়া প্লাথ)[১]
- জীৱনটোক মই ইমান ভালপাওঁ যে, মৃত্যুৰ কথা মনলৈ আহিলেই মনটো বিষাদত ভাৰাক্ৰান্ত হৈ পৰে৷ (হোমেন বৰগোহাঞি)[১]
- এতিয়া মোৰ যোৱাৰ সময় আহি পাইছে৷ মই যাও মৰিবলৈ, তোমালোক যাবা জীয়াই থাকিবলৈ৷ কোনটো বেছি ভাল সেই কথা জানে একমাত্ৰ ঈশ্বৰেহে৷ (ছক্ৰেটিছ)[১]
- এই সুন্দৰ ভুৱনত মই কেতিয়াও মৰিবলৈ নিবিচাৰোঁ, মই সদায় জীয়াই থাকিবলৈ বিচাৰোঁ মানুহৰ মাজত৷ (লক্ষ্যধৰ চৌধুৰী)[১]
- মৃত্যুওতো এটা শিল্প, জীৱনৰ কঠিন শিলত কটা এক নিৰ্লোভ ভাস্কৰ্য৷ (হীৰেন ভট্টাচাৰ্য)[উৎসৰ প্ৰয়োজন]
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ ১.৩ ১.৪ ১.৫ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২৮২-২৮৩। ISBN: 81-7206-117-5।