মায়াৱতী

ৱিকিউদ্ধৃতিৰ পৰা
মায়াৱতী

মায়াৱতী (আচল নাম: কুমাৰী মায়াৱতী দাস) হ'ল ভাৰতৰ এগৰাকী ৰাজনৈতিক মহিলা। তেঁও আগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীও আছিল। তেঁও বহুজন সমাজ পাৰ্টি (BSP)ৰ নেত্ৰীও আছিল। ২০০৭ চনৰ বিধানসভা নিৰ্বাচনত তেঁওৰ দলে ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু তেঁও মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হয়। ইয়াৰ আগতেও মায়াৱতীয়ে তিনিবাৰকৈ সৰু-সৰু কাৰ্যকালৰ বাবে ১৯৯৫ চন, ১৯৯৭ চন আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থনৰ লগতে ২০০২ চনৰ পৰা ২০০৩ চনলৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হয়। তেঁও প্ৰথমগৰাকী দলিত মহিলা যিয়ে ভাৰতৰ কোনো ৰাজ্যৰ মুখ্যমন্ত্ৰী হয়।

উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]

  • হায়দৰাবাদ আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থা প্ৰশংসাৰ যোগ্য। উত্তৰ প্ৰদেশত প্ৰতিদিনে ধৰ্ষণ ঘটি আছে, সেয়া কণমানি ছোৱালীয়েই হওক বা বয়সীয়াল মহিলাই হওক, কাকো ৰেহাই দিয়া হোৱা নাই।
    • ৭ ডিচেম্বৰ ২০১৯ তাৰিখে মায়াৱতীয়ে দিয়া ভাষণৰ পৰা উদ্ধৃত। উৎস: ইকোনমিক টাইমছ

বাহ্যিক সংযোগ[সম্পাদনা কৰক | উৎস সম্পাদনা]

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: