সমললৈ যাওক

মায়' এঞ্জেল'

ৱিকিউদ্ধৃতিৰ পৰা
যথেষ্ট সাহস গঢ়ি তোলক যাতে আপুনি নিজৰ পক্ষত থিয় দিব পাৰে আৰু তাৰ পিছত আন কাৰোবাৰ পক্ষত থিয় দিব পাৰে।

মায়' এঞ্জেল' (Maya Angelou, মাৰ্গাৰেট এনি জনছন; ৪ এপ্ৰিল, ১৯২৮ – ২৮ মে', ২০১৪) এগৰাকী আমেৰিকান সাহিত্যিক, কবি আৰু নাগৰিক অধিকাৰ কৰ্মী। তেওঁ সাতখন আত্মজীৱনী, তিনিখন ৰচনাৰ কিতাপ, কেইবাখনো কবিতাৰ কিতাপ ৰচনা কৰাৰ লগতে প্ৰায় পাঁচটা দশক ধৰি বিভিন্ন নাটক, চিনেমা আৰু টেলিভিছন শ্ব'ৰো প্ৰণয়ন কৰিছে।

  1. "বহুৰঙী পখিলাবোৰ দেখি আমি মোহিত হওঁ, আনন্দিত হওঁ। কিন্তু পখিলাবোৰে এই সৌন্দৰ্য পাবৰ বাবে পাৰ হৈ অহা স্তৰকেইটাৰ কথাহে আমি মনত নেপেলাওঁ।"[]
  2. মানুহে আপুনি কোৱা কথাবোৰ পাহৰি যাব, আপুনি কৰা কামবোৰ পাহৰি যাব, কিন্তু আপুনি কাৰোবাক কেনে অনুভৱ কৰাইছিল সেয়া মানুহে কেতিয়াও পাহৰিব নোৱাৰে। []
  3. নিজৰ ভিতৰত অকথিত কাহিনী এটা বহন কৰাতকৈ ডাঙৰ যন্ত্ৰণা আৰু একোৱেই নাই।[]
  4. কিবা এটা ভাল নাপালে প্ৰথম উপায় হ'ল সেইটো সলনি কৰা। যদি আপুনি সেয়া সলনি কৰিব নোৱাৰে তেন্তে আপুনি অভিযোগ কৰাৰ সলনি ইয়াৰ বিষয়ে চিন্তা কৰাৰ ধৰণ সলনি কৰক।[]
  5. যেতিয়া কোনোবাই আপোনাক তেওঁৰ প্ৰকৃত স্বৰূপ দেখুুৱাই দিয়ে, তেওঁক সেই প্ৰথম বাৰতে বিশ্বাস কৰক। []
  6. সকলো গুণৰ ভিতৰত সাহসেই আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ সাহস অবিহনে আন কোনো গুণ ধাৰাবাহিকভাৱে আৰু পূৰ্ণতাৰে ধৰি ৰাখিব নোৱাৰি।[]
  7. যথেষ্ট সাহস গঢ়ি তোলক যাতে আপুনি নিজৰ পক্ষত থিয় দিব পাৰে আৰু তাৰ পিছত আন কাৰোবাৰ পক্ষত থিয় দিব পাৰে।[]
  8. যদি আপুনি আন কাৰোবাৰ যত্ন লোৱাটো আপোনাৰ হৃদয়ত বিচাৰি পায় তেন্তে আপুনি সফল হ’ব।[]
  9. মোৰ জীৱনৰ উদ্দেশ্য কেৱল জীয়াই থকাটোৱেই নহয়, বৰঞ্চ লাভৱান হোৱা; আৰু মই অলপ আবেগ, অলপ মমতা, অলপ হাস্যৰস আৰু অলপ শৈলীৰে কৰিব বিচাৰো।[]
  1. ক্ৰিষ্টি ব্ৰাউন আৰু মই, জুলী বৰুৱা
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ https://www.goodreads.com/author/quotes/3503.Maya_Angelou
  3. Instagram · drmayaangelou. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.
  4. ৪.০ ৪.১ Maya Angelou Quotes. আহৰণ কৰা হৈছে: 25 এপ্ৰিল 2026.