সমললৈ যাওক

মান্দালয়

ৱিকিউদ্ধৃতিৰ পৰা

মান্দালয় এখন অসমীয়া গ্ৰন্থ। কিতাপখন লিখিছে সাংবাদিক মৃণাল তালুকদাৰে।'মান্দালয়' কিতাপখনত অসমৰ গড় ,গড়ৰ খৰ্গৰ আন্তৰ্জাতিক বজাৰ আৰু কাজিৰঙাৰ ওপৰত আলোকপাত কৰা হৈছে। গড়ৰ খৰ্গৰ বজাৰৰ সম্ভেদ বিচাৰি লেখকে ভ্ৰমণ কৰিছিল ইণ্ডো-এছিয়ান কাৰ ৰেলীৰ যোগেদি দশিন এছিয়াৰ প্ৰায়বোৰ দেশ যেনে:- চীন,বাৰ্মা, কম্বোডিয়া, ভিয়েটনাম,মালয়েছিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া আদি দেশসমূহ। কিতাপখন প্ৰকাশ কৰিছে নন্দ তালুকদাৰ ফাউণ্ডেছন,পূব-শৰণীয়া, গুৱাহাটী। কিতাপখন প্ৰথম প্ৰকাশ পাইছিল ২০১৮ চনৰ আগষ্ট মাহত।


  1. "এফালে কাজিৰঙা আৰু ব্ৰহ্মপুত্ৰ, আনফালে দুৰ্গম কাৰ্বি পাহাৰ। এৰাতি ভালকৈ শুবলৈ পোৱাটো বৰাৰ কাৰনে যেন এক বিলাসিতাহে।[]
  2. "কেতিয়াবা নাইট ভিছন বাইনকুলাৰত দেখা পাইছে মাথোঁ ২০ ফুট দূৰত চিকাৰী। কিন্তু পৰা নাই বলে। গুলীয়াবতো পাৰিব পাৰি কিন্তু ৰিটাৰ্ন ফায়াৰৰ পৰা বাচিবলৈ কোনো উপায় নথকাৰ হেতু সাৰি যোৱাৰ সুবিধা পায় সিহঁতে। []
  3. "সীমা পাৰ কৰি বাৰ্মাৰ দ্বিতীয়খন গাওঁ চিখা। প্ৰথমখন খেনমেং। একো বিখ্যাত গাওঁ নহয়। বিখ্যাত অকল গঁড়ৰ খড়্গৰ ব্যৱসায়ৰ কাৰণেহে। কিয়নো খড়্গ এটা ভাৰতৰ সীমা পাৰ হৈ যোৱাৰ পাছত এই গাওঁখনতেই প্ৰথমবাৰৰ বাবে জিৰণি লয়।"[]
  4. "কিন্তু হয়,জন হিউমে সঁচাকৈয়ে আন শস্য বা ঘৰচীয়া পশুৰ নিচিনাকৈ 'গঁড়ৰ খেতি' কৰে আৰু নিজৰ পাছতেই আছে ১৫০০ গঁড় যাক তেওঁ তুলি তালি ডাঙৰ-দীঘল কৰি আহিছে।"[]
  5. "কেতিয়াবা লক্ষ্য হো-চি-মিন বা ছাইগন। ভিয়েটনামৰ দ্বিতীয় বৃহৎ চহৰ। গঁড়ৰ খড়্গৰ হেনো বিখ্যাত বজাৰ।"[]
  6. "বাৰ্মাৰ দ্বিতীয়খন প্ৰধান চহৰ এই মান্দালয়। কলকাতা, ঢাকা আৰু মান্দালয়। এসময়ৰ ব্ৰিটিছ ভাৰত-বাৰ্মাৰ এই তিনি মূল চহৰ। বিশাল চহৰ মান্দালয় । দশিন-পূৱ এছিয়াৰ গড়ৰ খড়্গৰ বজাৰৰ ইয়েই নাভিকেন্দ্ৰ।"[]
  7. "এতিয়াও মান্দালয়,নিচিনা আৰু ভামোত সিচঁৰিত হৈ আছে এই ছিন্নমূলৰ কিছু অসমীয়া।"[]


  1. পৃষ্ঠা ১১
  2. পৃষ্ঠা ১৩
  3. পৃষ্ঠা ১৪
  4. পৃষ্ঠা ১৮
  5. পৃষ্ঠা ২১
  6. পৃষ্ঠা ২২
  7. পৃষ্ঠা ২২