মাতৃ
অৱয়ব
(মাতৃত্বৰ পৰা পুনঃনিৰ্দেশিত)

এগৰাকী নাৰীয়ে সন্তান জন্ম দিয়াৰ ফলত তেওঁক মাতৃ বুলি গণ্য কৰা হয়, জৈৱিক সন্তান হ’লেও বা নহ’লেও শিশুক ডাঙৰ-দীঘল কৰিও মাতৃ বুলি বিবেচিত হ’ব পাৰে বা গৰ্ভাৱস্থাৰ প্ৰতিনিধিৰ ক্ষেত্ৰত নিষেচনৰ বাবে নাৰীৰ ডিম্বাশয় উৎসৰ্গা কৰিও মাতৃ বুলি গণ্য কৰা হ’ব পাৰে। অন্য প্ৰাণীৰ ক্ষেত্ৰত কেৱল জৈৱিক সন্তান জন্ম দিওঁতাকহে মাতৃ বুলি ধৰা হয়।
উদ্ধৃতি
[সম্পাদনা কৰক | উৎস সম্পাদনা]
- মাতৃত্ব হৈছে চূড়ান্ত মৰম, উৎসৰ্গা আৰু দৃঢ় প্ৰতিজ্ঞ প্ৰতিশ্ৰুতিৰে পৰিপূৰ্ণ এক যাত্ৰা। প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অদ্বিতীয়, প্ৰত্যেকগৰাকী মাতৃৰেই যাত্ৰা অসাধাৰণ, প্ৰত্যেকগৰাকী মাতৃৰেই আছে তেওঁলোকৰ কণমানিটিৰ সৈতে কটোৱা প্ৰথমটো দিনৰ বিভিন্ন কাহিনী৷
- নিশিতা গোস্বামী[১]
- মোৰ মাতৃত্ব অভিমুখী যাত্ৰা আছিল অতি সুন্দৰ৷ মই ক’ব বিচাৰো যে ই আছিল দীৰ্ঘতম, কাৰণ ক’ভিড মহামাৰীৰ সময়তে মই গৰ্ভধাৰণ কৰিবলগীয়া হোৱা বাবে, সেই ৯মাহ সময় মোৰ বাবে আছিল এক অন্তহীন যাত্ৰাৰ দৰে৷
- ড° সান্তনা বৰুৱা৷[১]
- আপুনি যেতিয়াই দুৰ্বল অনুভৱ কৰে, তেতিয়াই মনত পেলাব যে, কেৱল এগৰাকী মহিলাইহে এটি শিশু জন্ম দিব পাৰে৷ সেয়েহে, এই ক্ষেত্ৰত আপুনি অদ্বিতীয়৷ এটি কণমানিক জন্ম দিয়াৰ পাচত লাভ কৰা আনন্দৰ বিষয়ে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি৷
- ড° সান্তনা বৰুৱা৷[১]
- মাতৃসকল শিশুৰ প্ৰথম শিক্ষয়িত্ৰী।[২]
- পৃথিৱীৰ প্ৰকৃত ধৰ্ম পুৰুষতকৈ বহু বেছি নাৰীৰ পৰাই আহে — সকলোতকৈ বেছি মাতৃৰ পৰা, যিয়ে আমাৰ আত্মাৰ চাবি বুকুত কঢ়িয়াই লৈ ফুৰে।[৩]
- মোক এগৰাকী শিক্ষিতা মাতৃ দিয়া, মই তোমালোকক এটা সুসভ্য আৰু সংস্কৃতিবান জাতি দিম। (নেপোলিয়ন বোনাপাৰ্ট)[৪]
- ৰাষ্ট্ৰ আৰু সমাজ গঠনত মাতৃৰ ভূমিকা অপৰিসীম। (নেপোলিয়ন বোনাপাৰ্ট)[৪]
তথ্য সূত্ৰ
[সম্পাদনা কৰক | উৎস সম্পাদনা]- ↑ ১.০ ১.১ ১.২ মাতৃ দিৱসত আমি উদযাপন..... আহৰণ কৰা হৈছে: 22 ছেপ্টেম্বৰ 2024.
- ↑ চৌধুৰীদাস, নিৰমা (২০২৫)। ভক্তিপুঞ্জ। চতিয়াল হাজাৰ শংকৰ মন্দিৰৰ শতবৰ্ষ উৎসৱ উদযাপন, পৃষ্ঠা:১৬২।
- ↑ Oliver Wendell Holmes, Sr., in "The Professor at the Breakfast Table" in The Atlantic Monthly (May 1859), p. 618.
- ↑ ৪.০ ৪.১ চহৰীয়া, চন্দ্ৰ (১-১৫ মে’ ২০২৬). "যন্ত্ৰণাক মীনভাৱে বৰণ কৰা চেনেহৰ আই". প্ৰান্তিক: ৩৪.