মাইনী মহন্ত

ৱিকিউদ্ধৃতিৰ পৰা

মাইনী মহন্ত (ইংৰাজী: Maini Mahanta) অসমীয়া মাহেকীয়া মহিলা আলোচনী নন্দিনীৰ সম্পাদকৰ লগতে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি পৰিৱেশক৷ তেওঁৰ প্ৰকাশিত সংকলনসমূহ হ’ল- “পৃথিৱীৰ শেষ ষ্টেচন আৰু অন্য এখন ছবি”, “নৈঃশব্দত তেওঁ আৰু জয়া”, “শেতেলী পৰৰ সাধু” (শিশু সাহিত্য), “প্ৰথমজাক বৰষুণ”, “ভালপোৱা”, “প্ৰিয় বন্ধু তোমালৈ”, “স্পৰ্শ, “মনত পৰেনে” আদি৷

উদ্ধৃতিসমূহ[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. যুৱশক্তিয়েই এতিয়া ভাৰতৰ প্ৰকৃত শক্তি। টুৱেণ্টি-২০ৰ টিম ইণ্ডিয়া। আশা কৰো এই যুৱচামে এদিন দুৰ্নীতিগ্ৰস্ত ৰাজনীতিকসকলক ভোটেৰে আঁতৰাই ভাৰতৰ অৰ্থনীতি বিশ্বৰ ভিতৰতে শক্তিশালী কৰি তুলিব।[১]
  2. সকলোৰে দৃষ্টিত সৌন্দৰ্যৰ পৰিভাষাই বেলেগ ৰূপত ধৰা দিয়ে৷ তুমি এটা কথা অনুভৱ কৰানে যে প্ৰতিজন ব্যক্তিৰ মুখত ফুটি ওলোৱা মনৰ সৌন্দৰ্যই নাক-চকু, চুলি-ৰঙৰ জোখ-মাখ প্ৰকাশ নকৰে৷ আৰু মই ভাবো সেয়াই হৈছে প্ৰকৃত সৌন্দৰ্য৷[২]
  3. মই মোৰ ভনীক নিৰ্যাতনৰ প্ৰতিশোধ ল'ব বিচাৰো। মই জানো ৰামচন্দ্ৰ হৈছে ভাবিব নোৱাৰাধৰণে আত্ম-অহংকাৰী ব্যক্তি। তেওঁক আঘাত কৰাৰ একমাত্ৰ অস্ত্ৰ হৈছে তেওঁৰ আত্মাভিমানক আঘাত কৰা। তোমাক অপহৰণ কৰাৰ পিচত তোমাৰ প্ৰতি থকা প্ৰেমৰ বাবে নহয়, কেৱল আত্মাভিমানৰ কাৰণে ৰাম মোৰ সন্মুখীন হ'ব। নিজৰ অপহৃত পত্নীক ঘূৰাই আনিব নোৱাৰিলে কেনেকৈ নখহাকৈ থাকিব তেওঁৰ অহংকাৰৰ ওখ দৌল? হয়, কেৱল সেইকাৰণেই ৰামে মোৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব। আৰু মোৰ পৰা অবাঞ্ছিত উৎকোচ দাবী কৰি অহা দেৱতাশ্ৰেণীয়ে ৰামক এই যুদ্ধত সহায় কৰিব।[৩]
  4. পৃথিৱীত কোনোবা এজন ব্যক্তিৰ বাবে মোৰ প্ৰয়োজন আছে। সেই অনুভৱে নিশ্চয় মানুহৰ মনত শূন্যতাৰ মাজতো জীয়াই থকাৰ হেঁপাহ বঢ়াই তোলে। মানুহ সুখী হয়।[৪]
  5. যুক্তিতকৈ বহুক্ষেত্ৰত আৱেগেহে মানুহৰ সম্পৰ্কক গভীৰ ৰূপ দিব পাৰে৷[৫]

উৎস[সম্পাদনা কৰক | উৎস সম্পাদনা]

  1. মনত পৰেনে 2010, পৃষ্ঠা. 29.
  2. মনত পৰেনে 2010, পৃষ্ঠা. 30.
  3. মনত পৰেনে 2010, পৃষ্ঠা. 36.
  4. মনত পৰেনে 2010, পৃষ্ঠা. 61.
  5. মনত পৰেনে 2010, পৃষ্ঠা. 71.
  • মহন্ত, মাইনী (2010)। মনত পৰেনে। বনলতা প্ৰকাশন। ISBN: 978-81-7339-415-7