সমললৈ যাওক

মাইকেল ফেৰাডে

ৱিকিউদ্ধৃতিৰ পৰা
শিল্পীৰ কেনভাচত মাইকেল ফেৰাডে

মাইকেল ফেৰাডে (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) আছিল এগৰাকী ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব আৰু বিদ্যুত বিশ্লেষণ হৈছে তেওঁৰ প্ৰধান অৱদানসমূহৰ ভিতৰত অন্যতম।

  1. এইখন জগতত কোনো কথাই ইমান আচৰিত নহয় যে সি সঁচা হ’ব নোৱাৰে।[১]
  1. কোনো বস্তুৱেই প্ৰকৃততে সুন্দৰ নহয়, যদি সেইটো প্ৰকৃতি প্ৰদত্ত নহয়।[২]
  1. সাফল্যৰ কাৰণে উদ্যোক্তাৰ পাঁচটা প্ৰয়োজনীয় দক্ষতা হ’ল- সংযোগ, নিৰ্বাচন, সংগঠন, নতুনত্ব আৰু যোগাযোগ।[২]
  1. কিবা পাবলৈ হ’লে যত সম্ভব তত চেষ্টা কৰি যোৱা।[২]
  1. স্ৰষ্টাৰ হাতে লিখা প্ৰকৃতিৰ কিতাপ আমি পঢ়িবই লাগিব।[২]
  1. কোনোবাই নিজকে যিমান ডাঙৰ দাৰ্শনিক বুলি নাভাবক কিয়, তেওঁৰ তত্ত্বত কিবা নহয় কিবা সন্দেহ থাকিয়েই যায়।[২]
  1. কোনোৱে যদি নিজকে কোনো বিষয়ত শুদ্ধ বুলি ভাবে, তেওঁ সম্পূৰ্ণ ভুল হ’ব পাৰে বুলিও প্ৰস্তুত থাকিব লাগে।[২]
  1. মই বিশ্বাস কৰোঁ প্ৰতিটো উত্তৰৰ পিছত এটিকৈ প্ৰশ্নৰ সৃষ্টি হৈ থাকে।[২]
  1. ড° দীনেশ চন্দ্ৰ গোস্বামী (২০১৮)। বিজ্ঞানৰ বৰ্ণময় জগত। অসম বুক ট্ৰাষ্ট, পৃষ্ঠা:৬১।
  2. ২.০ ২.১ ২.২ ২.৩ ২.৪ ২.৫ ২.৬ মাইকেল ফেৰাডে. আহৰণ কৰা হৈছে: 29 জানুৱাৰী 2024.
:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: