সমললৈ যাওক

মা

ৱিকিউদ্ধৃতিৰ পৰা
মাক আৰু সন্তান

মা এগৰাকী নাৰী, যিয়ে গৰ্ভধাৰণ কৰি, সন্তানৰ জন্ম তথা সন্তানক ডাঙৰ কৰি তোলে - তেঁৱেই প্ৰাথমিক অভিভাৱকৰ ভূমিকা পালন কৰে আৰু তেঁৱেই মা হিচাপে সৰ্বত্ৰ পৰিচিত। প্ৰকৃতিগতভাৱে এগৰাকী নাৰী বা মহিলাই সন্তান জন্ম দিয়াৰ অধিকাৰীণী। গৰ্ভধাৰণৰ দৰে জটিল আৰু মাতৃৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় দৃষ্টিকোণৰ পৰা এই সংজ্ঞাটি বিশ্বজনীনভাৱে গৃহীত হৈছে। মাৰ বিপৰীত লিঙ্গ পুৰুষ, দেউতাক৷

  1. সঁচাকৈয়ে মা এক আশ্চৰ্য, চমৎকাৰ৷[]
  2. ‘মা’ শব্দটোৱেই হৈছে পৃথিৱীৰ মধুৰতম শব্দ৷ নিজৰ মনতে কেইবাৰমান আওৰাই চালেই গম পোৱা যায় সঁচাকৈয়ে কিমান মিঠা এই শব্দটো৷ ইমান সৰু আৰু চুটি শব্দটোতেই সোমাই আছে কিমানযে মৰম! পৃথিৱীৰ সমস্ত মৰম, চেনেহ, ভালপোৱা যেন সোমাই আছে এই এটা মাত্ৰ শব্দতেই৷[]
  3. এগৰাকী উপযুক্তা মাতৃ এশগৰাকী শিক্ষকৰ সমান।- জৰ্জ হাৰ্বাৰ্ট।[]
  4. পৃথিৱীত এনে কোনো মাতৃ নাই, যিয়ে তেওঁৰ পুত্ৰৰ অত্যন্ত সাধাৰণ মুখখনো ভাল নাপায়। মাতৃৰ চকুত তেওঁৰ পুত্ৰৰ মুখখনেই জগতৰ সুন্দৰতম মুখ।-স্বামী বিবেকানন্দ[]
  1. ১.০ ১.১ মা এক, চমৎকাৰ. আহৰণ কৰা হৈছে: 21 ছেপ্টেম্বৰ 2024.
  2. ২.০ ২.১ বৰা ৰক্তাভ জ্যোতি (২০০৩)। উদ্ধৃতি অভিধান। বাণী মন্দিৰ, পৃষ্ঠা:২৬৩। ISBN: 81-7206-117-5