সমললৈ যাওক

মহেন্দ্ৰ সিং ধোনি

ৱিকিউদ্ধৃতিৰ পৰা
মহেন্দ্ৰ সিং ধোনি

মহেন্দ্ৰ সিং ধোনি (ইংৰাজী: Mahendra Singh Dhoni; জন্ম- ৭ জুলাই ১৯৮১), এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু সীমিত অ'ভাৰৰ খেলত ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ বৰ্তমানৰ অধিনায়ক। তেওঁ এজন আক্ৰমণাত্মক মিডল-অৰ্ডাৰ বেটছমেন আৰু উইকেটৰক্ষক। সীমিত অ'ভাৰৰ ক্ৰিকেটৰ শ্ৰেষ্ঠ খেলুৱৈ সকলৰ এজন বুলি তেওঁক গণ্য কৰা হয়। ২০০৪ চনৰ ডিচেম্বৰত বাংলাদেশৰ জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে ভাৰতৰ হৈ এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ আত্মপ্ৰকাশ কৰে আৰু তাৰ এবছৰ পাছত শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলৰ বিৰুদ্ধে তেওঁৰ টেষ্ট ক্ৰিকেট অভিষেক ঘটে।

  • মোৰ অৱসৰৰ কথা ঘোষণা কৰাৰ এইটোৱেই উত্তম সময়। এই বছৰ মই বহুতো মৰম পাইছোঁ। ইয়াৰ (আই.পি.এলৰ) পৰা আঁতৰি যোৱাটো সহজ হ’ব, কিন্তু কঠিন কাম হ’ব ৯ মাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি আন এটা আই.পি.এল খেলিবলৈ চেষ্টা কৰা।
  • ভয় পাহৰি যাওক, কিবা এটা ব্যতিক্ৰম কৰক।
  • মই ক্ৰিকেটত মনোযোগ দিওঁ কাৰণ ইয়াত মই পাকৈত। অৱসৰৰ পিছত মই সেনাবাহিনীত সেৱা আগবঢ়াব বিচাৰোঁ। ই সদায় দেশ সেৱাৰ বাবেই হৈ আহিছে।
  • সঁচাকৈ ক’বলৈ গ’লে, মই ডাকৱৰ্থ লিউইছ (Duckworth Lewis) বুজি নাপাওঁ। মই কেৱল আম্পায়াৰৰ সিদ্ধান্তলৈ অপেক্ষা কৰোঁ।
    • খেলৰ জটিল নিয়মৰ সন্দৰ্ভত ধোনীৰ স্পষ্ট মতামত। [৩]
  1. এম এছ ধোনীয়ে কি কৰিব লাগে জানিছিল। তেওঁৰ পৰিকল্পনাই দেখুৱাইছিল যে, তেওঁ নিজৰ খেলৰ শীৰ্ষত আছে। লগতে ভাৰতক সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা কৰাৰ সময়ত খেলুৱৈসকলৰ দায়বদ্ধতালৈ লক্ষ্য কৰি আছিল। (সুনীল গাভাস্কাৰ)[]